শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ৰাজ্যৰ খবৰৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, পলকতে চাওক আজি দিনটোৰ চৰ্চিত কেইটামান খবৰ

জুবিন বিহীন এটা মাহ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যে আজি সোণাপুৰত থকা তেওঁৰ সমাধিস্থলীত ব্যাপক সংখ্যক লোকৰ সমাগম হয়। গায়ন-বায়ন, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমাধিস্থলী।

ৰাজ্যৰ খবৰৰ পৰা ক্ৰীড়াক্ষেত্ৰলৈ, পলকতে চাওক আজি দিনটোৰ চৰ্চিত কেইটামান খবৰ
দিনটোৰ চৰ্চিত খবৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 19 Oct 2025 18:49 PM

আজি অসম তথা অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহ সম্পূৰ্ণ হৈছে। ৰাজ্যজুৰি আজি হিয়াৰ আমঠু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছে ভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সমান্তৰালকৈ অব্যাহত আছে ন্যায়ৰ দাবী। ইফালে আজি ভাৰতৰ পুৰুষ আৰু মহিলা উভয় ক্ৰিকেট দলৰ মেচৰ খবৰেও আজি সংবাদ শিৰোনাম দখল কৰিছে। চাওঁ আহক দিনটোৰ আন কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ-

  1. জুবিন বিহীন এটা মাহ। প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ এমাহ সম্পূৰ্ণ হোৱাৰ উদ্দেশ্যে আজি সোণাপুৰত থকা তেওঁৰ সমাধিস্থলীত ব্যাপক সংখ্যক লোকৰ সমাগম হয়। গায়ন-বায়ন, হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সমাধিস্থলী।
  2. হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে সোচ্চাৰ হৈ পৰিছে ৰাজ্যবাসী। ন্যায়ৰ দাবীৰে সামাজিক মাধ্যমত ৰাজ্যবাসীয়ে চলাই থকা #JusticeForZubeenGarg টেগে ২ মিলিয়নৰ সীমা অতিক্ৰম কৰিছে।
  3. জীৱনসংগী জুবিনৰ মৃত্যুৰ এমাহ পূৰ হোৱাৰ সময়তে গৰিমা শইকীয়া গাৰ্গৰ বিশেষ ফেচবুক পোষ্ট। এই আবেগিক পোষ্টটোত তেওঁ লিখিছে, “তুমি আছা, সদায় থাকিবা। মাথোঁ কল্পনা নহয়, আত্মাৰ বান্ধোন জন্মান্তৰলৈ!”
  4. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অব্যাহত আছে তদন্ত। পিছে তদন্ত প্ৰক্ৰিয়াৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্যামকানু মহন্তৰ ঘনিষ্ঠ সম্পৰ্ক লুকুৱাবলৈ এছ আই টি গঠন কৰা যেন অনুভৱ হোৱা বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে।
  5. কাইলৈ পোহৰৰ উৎসৱ দেৱালী। অৱশ্যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকে জুৰুলা কৰা ৰাজ্যবাসীক স্পৰ্শ কৰিবপৰা নাই উৎসৱৰ আনন্দই। মাটিৰ চাকি-বন্তিৰে দোকান ভৰি পৰিছে যদিও এইবাৰ হ্ৰাস পাইছে আতচবাজীৰ প্ৰয়োভৰ।
  6. আজি যোৰহাটত অনুষ্ঠিত হয় আটছাৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন। লগতে অসম চাহ জনজাতি মহিলা সমিতিৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশনো অনুষ্ঠিত হয়। এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহত চাহ বাগিচাৰ শিক্ষাৰ্থীৰ বাবে ৪খনকৈ আসন সংৰক্ষণ কৰা হ’ব বুলি ঘোষণা কৰে।
  7. ৰাম নগৰী অযোধ্যত আজি দেখা গ’ল বিশেষ দৃশ্য। ছোটী দীপাৱলী উপলক্ষে আলোকিত হৈ পৰিছে অযোধ্যা। মুঠ ৫৬ ঘাটত একেলগে ২৬ লাখ ১১ হাজাৰ ১০১গচি বন্তি প্ৰজ্বলন কৰি বিশ্ব অভিলেখ গঢ়া হৈছে।
  8. আজিৰ পৰা আৰম্ভ হৈছে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ এদিনীয়া শৃংখলা। এই শৃংখলাৰ আজি প্ৰথমখন মেচত জয়ী হৈছে ঘৰুৱা দল অষ্ট্ৰেলিয়া। বৰ্ষাবিঘ্নিত মেচখনত ভাৰতে ৭ উইকেটত পৰাজয় স্বীকাৰ কৰে।
  9. চলিত মহিলা বিশ্বকাপত আজি ইংলেণ্ডৰ সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দল। প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশৰ ক্ষেত্ৰত আশা সজীৱ কৰি ৰাখিবলৈ এই মেচখনত জয়ৰ অত্যন্ত প্ৰয়োজন ভাৰতক।