ফাঁচী বজাৰৰ উচ্ছেদৰ পৰা বিদেশী চিনাক্তকৰণলৈ, পলকতে চাওক দিনটোৰ চৰ্চিত খবৰ
মহানগৰীৰ ফাঁচী বজাৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। এখন এখনকৈ পদপথৰ সকলো দোকান আঁতৰালে প্ৰশাসনৰ লোকে। এই উচ্ছেদৰ ফলত পদপথৰ বিক্ৰেতা সকলৰ মাজত হাহাকাৰ লাগে। পদপথত সিচঁৰিত হৈ পৰে জোতা, চেণ্ডেল, কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী।
দিনটোৰ চৰ্চিত খবৰসমূহ
আজি মহানগৰীৰ ফাঁচী বজাৰত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। এই উচ্ছেদ অভিযানৰ পিছত ফাঁচী বজাৰৰ বহু স্থান খালী হৈ পৰে। ইফালে লাহৰীঘাটত আজি এখন অবৈধ মাদ্ৰাছা উৎখাত কৰে আৰক্ষীয়ে। ৰাজ্যৰ এনে বহু খবৰৰ লগতে দেশ তথা বিশ্বৰো বহু খবৰেও আজি সংবাদ শিৰোনাম দখল কৰে। পলকতে চাওঁ আহক আজি দিনটোত চৰ্চিত এনে কেইটামান খবৰ-
- অহা ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইতিমধ্যে মোদীৰ আগমণৰ উদ্দেশ্যে ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্যিক বিজেপিয়ে। ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ নৱ নিৰ্মিত টাৰ্মিনেল উদ্বোধ কৰিব। তাৰোপৰি ব্ৰহ্মপুত্ৰত ফেৰীৰ ওপৰত পৰীক্ষা পে চৰ্চা অনুষ্ঠানতো অংশ ল’ব মোদীয়ে। বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰও পৰিদৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে
- শিৱসাগৰত শোকাৱহ পথ দুৰ্ঘটনা। ভটীয়াপাৰ ৰূপহীমুখত এখন ড্ৰাম্পাৰ আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱালে এটি দম্পতীয়ে। এই দুৰ্ঘটনাত আহত হয় গাড়ীখনৰ চালক আৰু মৃত দম্পতীৰ কন্যা শিশুটি। নিহত দুগৰাকী হৈছে বিপুল হাতীমূৰীয়া আৰু নমিতা চেতিয়া।
- লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা। টেঙাগুৰি অঞ্চলত স্থানীয় ৰাইজৰ অজ্ঞাতে দুজন লোকে চলাই আছিল মাদ্ৰাছাখন। যোৱা নিশা লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক দিগন্ত বৰুৱাৰ নেতৃত্বত এটা দলে উচ্ছেদ কৰে মাদ্ৰাছাখন। দুই শিক্ষককো আটক আৰক্ষীৰ।
- মহানগৰীৰ ফাঁচী বজাৰত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান। এখন এখনকৈ পদপথৰ সকলো দোকান আঁতৰালে প্ৰশাসনৰ লোকে। এই উচ্ছেদৰ ফলত পদপথৰ বিক্ৰেতা সকলৰ মাজত হাহাকাৰ লাগে। পদপথত সিচঁৰিত হৈ পৰে জোতা, চেণ্ডেল, কাপোৰকে ধৰি বিভিন্ন সামগ্ৰী। উচ্ছেদৰ ফলত মুহূৰ্ততে খালী হৈ পৰে গ্ৰাহকে ঠাহ খাই থকা ফাঁচী বজাৰ।
- বিদেশী বিতাড়ন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে চৰকাৰে। বৃহস্পতিবাৰে নগাঁও বিদেশী ন্যায়াধিকৰণে ১৫ গৰাকীকৈ লোকক বিদেশী ঘোষণা কৰে। এই লোক কেইজনক অহা ২৪ ঘণ্টাৰ ভিতৰত ভাৰত এৰিবলৈ নিৰ্দেশ ন্যায়াধীকৰণৰ। বিদেশী ঘোষিত আটাইকেইগৰাকীয়েই বংগমূলীয় মুছলমান।
- বৃহস্পতিবাৰে এক সংবাদমেলযোগে কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলকে তীক্ষ্ণ সমালোচনা কৰে AIUDF ৰ মুৰব্বী বদৰুদ্দিন আজমলে। বিজেপিক অসমৰ পৰা উৎখাত কৰাটোৱেই এ আই ইউ ডি এফৰ লক্ষ্য বুলি কয় আজমলে। তেওঁ লগতে কয় যে AIUDF যদি বিজেপিৰ বি টীম, তেন্তে কংগ্ৰেছ বিজেপিৰ এ টীম। বহু সংখ্যক জ্যেষ্ঠ কংগ্ৰেছ নেতাই মুখ্যমন্ত্ৰীৰ পৰা ধন লয় বুলি বিস্ফোৰক মন্তব্য কৰে আজমলে।
- লোকসভাত গৃহীত হ’ল ভিবিজি ৰাম জী বিধেয়ক। বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে ধ্বনি ভোটত গৃহীত হয় বিধেয়কখন। বিৰোধীয়ে উক্ত বিধেয়কখনৰ প্ৰতিলিপি ফালি দলিয়াই দিয়াৰ লগতে সদনত তীব্ৰ হুলস্থুলৰ সৃষ্টি কৰে। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে কংগ্ৰেছে কেতিয়াও গান্ধীজীৰ কথা শুনা নাছিল। কংগ্ৰেছে MNREGAক সম্পূৰ্ণৰূপে দুৰ্নীতিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
- তিনি ৰাষ্ট্ৰৰ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি উপস্থিত হয় ওমানত। ভাৰত-ওমান ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰি বিগত ১১ বছৰত ভাৰতে আৰম্ভ কৰা কেইবাটাও সংস্কাৰৰ ওপৰত আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয় যে যোৱা ১১ বছৰত ভাৰতে কেৱল নীতি সলনি কৰা নাই, ভাৰতে নিজৰ অৰ্থনৈতিক ডি এন এ সলনি কৰিছে।
- পুনৰ উত্তৰ-পূব ভাৰত দখলৰ হুংকাৰ বাংলাদেশী নেতাৰ। দেশখনৰ জাতীয় গণতান্ত্ৰিক পাৰ্টীক উপ-সভাপতি ৰাছেদ প্ৰাধানে ভাৰতীয় উচ্চায়ুক্তালয়ত প্ৰৱেশৰ ভাবুকি দিয়াৰ লগতে বাংলাৰ মাটিত ভাৰতৰ আধিপত্য নচলিব বুলি সকীয়াই দিয়ে। আন এজন নেতাই বাবৰ পথ অনুসৰণ কৰি উত্তৰ-পূব দখলৰ হুংকাৰ দিয়ে।