শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিজেপিৰ ন্যায় যাত্ৰাৰ পৰা কোকৰাঝাৰ কাণ্ডলৈ, পলকতে চকু ফুৰাওক দিনটোৰ চৰ্চিত খবৰত…

জুবিন গাৰ্গৰ অকাল মৃত্যু আৰু ন্যায়ৰ দাবীৰ খবৰ স্বাভাৱিকতেই আজিও সংবাদ শিৰোনামত থাকে। ইয়াৰ লগতে কোকৰাঝাৰ বিস্ফোৰণ, বিজেপিৰ ন্যায় যাত্ৰা, জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যয়ো লাভ কৰে ব্যাপক চৰ্চা। চাওঁ আহক দিনটোৰ কেইটামান চৰ্চিত খবৰ।

বিজেপিৰ ন্যায় যাত্ৰাৰ পৰা কোকৰাঝাৰ কাণ্ডলৈ, পলকতে চকু ফুৰাওক দিনটোৰ চৰ্চিত খবৰত…
দিনটোৰ চৰ্চিত কিছু খবৰ
monjit-dutta
Monjit Dutta | Published: 23 Oct 2025 22:51 PM

আজি ৰাজ্যৰ কেইবাটাও খবৰে লাভ কৰিছে ব্যাপক চৰ্চা। জুবিন গাৰ্গৰ অকাল মৃত্যু আৰু ন্যায়ৰ দাবীৰ খবৰ স্বাভাৱিকতেই আজিও সংবাদ শিৰোনামত থাকে। ইয়াৰ লগতে কোকৰাঝাৰ বিস্ফোৰণ, বিজেপিৰ ন্যায় যাত্ৰা, জুবিন গাৰ্গ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যয়ো লাভ কৰে ব্যাপক চৰ্চা। ইফালে বিহাৰ নিৰ্বাচন আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট মেচক লৈও যথেষ্ট চৰ্চা পৰিলক্ষিত হয়। চাওঁ আহক দিনটোৰ কেইটামান চৰ্চিত খবৰ-

  1. কোকৰাঝাৰত নিশা বিস্ফোৰণৰ ঘটনা। কোকৰাঝাৰ ষ্টেচনৰ পৰা কিছু দূৰৈত ৰে’লপথত এক আই ই ডি বিস্ফোৰণ সংঘটিত হয়। ফলত ৰে’লপথছোৱাৰ ক্ষতি হয়। পৰৱৰ্তী সময়ত অৱশ্যে ৰে’লপথৰ মেৰামতি কৰি ৰে’ল চলাচলৰ সুবিধা কৰি দিয়া হয়। এই ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ।
  2. জুবিন গাৰ্গ সন্দৰ্ভত পুনৰ চাঞ্চল্যকৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। বঙাইগাঁৱত মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ জুবিনক ব্যক্তিগতভাৱে লগ পাইছিল। জুবিন সুৰাসক্ত ব্যক্তি নাছিল। ন্যায় বিচৰাৰ নামত জুবিনৰ ভাৱমূৰ্তিক নষ্ট কৰিব নালাগে বুলিও তেওঁ আহ্বান জনায়। তেওঁ লগতে কয় যে জুবিন গাৰ্গৰ দেহত মহাদেৱৰ টেটু আছিল। তেওঁ শিৱভক্ত।
  3. জুবিন গাৰ্গৰ ন্য়ায়ৰ দাবীৰে বিজেপি ৰাজপথত নমা কাৰ্যক সমালোচনা সদৌ অসম ছাত্ৰ সন্থাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সম্পূৰ্ণ স্বচ্ছ হ’ব লাগে বুলি দাবী কৰি আছুৱে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ শাসনত বিজেপি আছে। শাসকীয় দলে ৰাজপথত নামি বিষয়টো অন্যফালে নিয়াৰ চেষ্টা কৰিছে।
  4. আজিও অব্যাহত আছে বিজেপিৰ ময়ো জুবিন অনুৰাগী, আমিও জুবিন অনুৰাগী শীৰ্ষক সমদল। আজি দৰঙত এই অনুষ্ঠানত কেবাসহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা দেখা যায়। এই সমদলত অংশলৈ জুবিন গাৰ্গক উপযুক্ত ন্যায় প্ৰদানৰ বাবে দাবী জনায় মন্ত্ৰী পীযুষ হাজৰীকাই।
  5. এইবাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথলৈ ওলাব অখিল গগৈ। ৰাজ্যৰ ভিন্ন স্থানত অনুষ্ঠিত কৰা হ’ব গণ সমাৱেশ। জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত এই সমাৱেশৰ পৰাই ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিব স্মাৰকপত্ৰ। কোনো ৰাজনৈতিক দল বা নেতাৰ ফটো, বেনাৰ পতাকা অবিহনে এই সমাৱেশ অনুষ্ঠিত কৰা হ’ব বুলি জনালে অখিল গগৈয়ে।
  6. বঙাইগাঁৱত জনতাক লুণ্ঠন দুটাকৈ বিত্তীয় প্ৰতিষ্ঠানৰ। ৰাইজৰ পৰা কোটি কোটি টকা প্ৰৱঞ্চনা কৰি পলায়ন বঙাইগাঁৱৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। জনতাৰ পৰা কোটি কোটি টকা লুট কৰি পলায়ন জীৱন সাথী মাইক্ৰ ফাইনেন্স আৰু জীৱন সাথী গ্ৰামীণ নিধি লিমিটেড নামৰ দুটা বিত্তীয় প্ৰতিষ্ঠানৰ। অভিযোগ অনুসৰি, বিজেপিৰ বিধায়কসহ ১৪ গৰাকী লোকে যোৱা ৪ বছৰ ধৰি ৰাইজক বিভিন্ন প্ৰলোভন দি এনে লুণ্ঠন চলাই আহিছে।
  7. বিহাৰ নিৰ্বাচনৰ বাবে তেজস্বী যাদৱক মহাজোটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা। উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে মনোনীত কৰা হয় মুকেশ সাহানীক। কংগ্ৰেছ নেতা অশোক গেহলটে এই ঘোষণা কৰে।মহাজোটবন্ধনে চৰকাৰ গঠন কৰিলে দুজন উপ-মুখ্যমন্ত্ৰী থাকিব বুলিও তেওঁ উল্লেখ কৰে।
  8. দিল্লীৰ ৰোহিনীত আৰক্ষীৰ এক এনকাউণ্টাৰত নিহত হয় বিহাৰৰ চাৰিটা মষ্টৱাণ্টেড গেংষ্টাৰ। এই অপৰাধীকেইটাৰ ভিতৰত আছে কুখ্যাত চিগমা এণ্ড কোম্পানী গেঙৰ নেতা ৰঞ্জন পাঠক। দিল্লী আৰক্ষীৰ অপৰাধ শাখা আৰু বিহাৰ আৰক্ষীৰ এটা দলে সংঘটিত কৰে এই এনকাউণ্টাৰ।
  9. ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন এদিনীয়াত ২ উইকেটত জয়লাভ অষ্ট্ৰেলিয়াৰ। প্ৰথমে বেটিং কৰি ভাৰতে ৰোহিত শৰ্মা আৰু শ্ৰেয়াছ আয়েৰৰ অৰ্ধশতকৰ সহায়ত ২৬৪ ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই মেথিউ শ্বৰ্ট আৰু কোপাৰ কনলীৰ অৰ্ধশতকৰ সহায়ত জয়লাভ কৰে। এই জয়েৰে তিনিখনীয় শৃংখলা দখল কেংগাৰু বাহিনীৰ।