শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়ঃ ছৈয়দা হামিদক প্ৰত্যুত্তৰ বিজেপিৰ

বাংলাদেশী সন্দৰ্ভত ছৈয়দা হামিদে কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। হামিদে কৈছিল যে বাংলাদেশী অসমত থকাত আপত্তি থাকিব নালাগে। এই মন্তব্যৰ ওপৰত এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্নজনে।

অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়ঃ ছৈয়দা হামিদক প্ৰত্যুত্তৰ বিজেপিৰ
দিলীপ শইকীয়া
barasha-sarma
Barasha Sarma | Published: 25 Aug 2025 17:45 PM

নাগৰিক সমাজৰ বৈঠক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। তেওঁ কয় যে, অসমত অসমীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত নাগৰিক সমাজৰ ছিৰিয়াছনেছ নাই। অসম বাংলাদেশীৰ চৰণীয়া পথাৰ নহয়। বাংলাদেশীৰ ভয়াবহ ব্লুপ্ৰিণ্টৰ কথাৰ বাবে নাগৰিক সমাজৰ উদ্বিগ্ন নহয়। বাংলাদেশীৰ ব্লু প্ৰিণ্ট সফল হ’বলৈ নিদিও।

ইয়াৰোপৰি তেওঁ কয় যে, নাগৰিক সমাজৰ কিছুমানৰ কথা অসমৰ স্বাৰ্থৰ পক্ষত নহয়। ১৯০৫ চনৰ পৰাই পূব পাকিস্তানৰ পৰা অসমক টাৰ্গেট কৰা হৈছে। ৰাজ্যত যি ভয়াবহ জনগাঁথনি পৰিবৰ্তন হৈছে তালৈ নাগৰিক সমাজ সচেতন নহয়। ইয়াৰোপৰি তেওঁ হৰেকৃষ্ণ ডেকাক অসমীয়াত্ব পৰিচয় দিবলৈ আহ্বান জনায়।

শইকীয়াই কয় যে, এসময়ত এই সকলে মাওবাদীকো সমৰ্থন কৰাৰ আশংকা আছে। এইচামে বিছাৰে যে অসম, ভাৰত সদায় উশৃংখল হৈ থাকক। বাংলাদেশী প্ৰীতি থকাসকলে , মানৱতাৰ কথা কোৱা সকলে অসমৰ বাংলাদেশীসকলক মক্কালৈ লৈ যাওক।

ইয়াৰোপৰি বিজেপিৰ মুখপাত্ৰ কিশোৰ উপাধ্যায়েও বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, নিজকে বুদ্ধিজীৱী বুলি কোৱা একাংশই আয়োজন কৰা সভাত এগৰাকী মহিলাই প্ৰকাশ কৰা মন্তব্য দেখি অসমবাসী আজি হতভম্ব হৈছে। ছৈয়দা হামিদে কৰা অসম বিৰোধী মন্তব্যক লৈ এতিয়ালৈকে এষাৰো মন্তব্য কৰা নাই অজিৎ ভূঞাই, এয়া অতিকৈ লজ্জাজনক।

তেওঁ আৰু কয়, অসমৰ মাটিত অবৈধ বাংলাদেশীয়ে গিজগিজাই থকাটো কংগ্ৰেছ, অজিৎ ভূঞাই বিচাৰে। অসমত কোনো লোকে দৰিদ্ৰতাৰ বাবে ভূমি বেদখল কৰা নাই। উৰিয়ামঘাটৰ উচ্ছেদিতসকলে এতিয়া আকৌ উৰিয়ামঘাটতে ভোট দিবলৈ আবেদন কৰিছে। অসম আৰু অসমীয়াৰ বিৰুদ্ধে উঠিপৰি লাগিছে একাংশ বুদ্ধিজীৱীয়ে।

উল্লেখ্য যে, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য ছৈয়দা হামিছে বাংলাদেশীক উদ্দেশ্যিক এক ডাঙৰ মন্তব্য কৰিছিল। তেওঁ কৈছিল যে, অসমত বাংলাদেশী থকাত আপত্তি ক’ত? তেওঁলোকে কাৰো অধিকাৰ কাঢ়ি লোৱা নাই। গতিকে তেওঁলোক অসমত বা দেশত থকাত আপত্তি থাকিব নালাগে। ইয়াৰোপৰি তেওঁ কয় যে, অসম চৰকাৰে এওঁলোকৰ লগত বহুত বেয়া কৰি আছে। অনিষ্ট কৰি আছে। দিল্লীত থাকিলেও মনটো সদায় অসমৰ মুছলমানসকলৰ লগত থকা বুলি কয় হামিদে।

তাৰ পাছতে ৰাজ্যত তেওঁৰ মন্তব্যৰ বিৰোধিতা কৰিছে বিভিন্নজনে। আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কৈছে যে, ছৈয়দা হামিদ ছোনিয়া গান্ধীৰ বান্ধৱী। ইয়াৰোপৰি তেওঁ মনমোহন সিঙৰ দিনত পৰিকল্পনা আয়োগৰ সভাপতি আছিল। গতিকে এনে লোকৰ পৰা অসম সাৱধান থাকিব লাগে বুলি তেওঁ কয়।

 

 

 

অন্য খবৰ পঢ়কঃ বাংলাদেশী ইয়াত থকাত সমস্যা ক’ত, তেওঁলোকে কাৰো অধিকাৰ কাঢ়ি লোৱা নাইঃ ছৈয়দা হামিদ