বাংলাদেশী ইয়াত থকাত সমস্যা ক’ত, তেওঁলোকে কাৰো অধিকাৰ কাঢ়ি লোৱা নাইঃ ছৈয়দা হামিদ
বৰ্তমান সৰ্বত্ৰে চৰ্চিত ছৈয়দা হামিদৰ মন্তব্য। শেহতীয়াকৈ তেওঁ কয় যে, অসমত বাংলাদেশী থকাত আপত্তি থাকিব নালাগে। কিয়নো পৃথিৱী আল্লাই সৃষ্টি কৰিছে। গতিকে সকলোতে থাকিব পাৰে।

বৰ্তমান বিশেষ চৰ্চাত আছে পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা ছৈয়দা হামিদৰ এক মন্তব্য। শেহতীয়াকৈ তেওঁ গুৱাহাটীত অনুষ্ঠিত অসম নাগৰিক সন্মিলনৰ এক সভাত অংশগ্ৰহণ কৰি ডাঙৰ মন্তব্য কৰে। তেওঁৰ মতে বাংলাদেশী অসমত থকাত আপত্তি থাকিব নালাগে। কিয়নো তেওঁলোকে কাৰো অনিষ্ট কৰা নাই। কাৰো অধিকাৰ খৰ্ব কৰা নাই। অসমত উপস্থিত হৈ পদ্মশ্ৰী বঁটা প্ৰাপক এইগৰাকী মহিলাৰ মন্তব্যই এতিয়া বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে, “মই দিল্লীত থাকো, কিন্তু মোৰ অন্তৰ ইয়াৰ মুছলমানসকলৰ সৈতে আছে। ইয়াত মুছলমানসকলৰ যি অৱস্থা সেয়া অতি দুখজনক। বাংলাদেশী হোৱাত সমস্যা ক’ত? বাংলাদেশীও মানুহ। পৃথিৱীখন ইমান ডাঙৰ,বাংলাদেশী ইয়াত থাকিব পাৰে। বাংলাদেশীয়ে কাৰো অধিকাৰ কাঢ়ি লোৱা নাই। তেওঁলোকে এওঁলোকৰ অধিকাৰ কাঢ়ি নিছে, তেওঁলোকৰ অধিকাৰ কাঢ়ি নিছে এয়া কোৱা মানৱতাৰ বাবে হানিকাৰক”।
তেওঁ আৰু কয় যে, “আল্লাই এই পৃথিৱীখন মানুহৰ বাবে নিৰ্মাণ কৰিছে। পাষাণৰ বাবে বনোৱা নাই। এই গোৱালপাৰাত যি হৈ আছে মই য’ত থাকো জামিয়াত তাতো উচ্ছেদ হৈ আছে। মুছলমানৰ বাবে এয়া এক অন্যায়। আামি হিন্দু, খ্ৰীষ্টান, শিখা সকলোৱে ইয়াৰ বিৰুদ্ধে থিয় দিব লাগে। এই চৰকাৰে হত্যাকাণ্ড কৰি আছে। ভগৱানে ক্ষমা নকৰে। এয়া এদিন শেষ হ’ব। মানৱতাক সদায় ওপৰত ৰাখিব লাগে”।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “ছৈয়দা হামিদা ছোনিয়া গান্ধীৰ বান্ধৱী। ড০ মনমোহন সিঙৰ দিনত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য আছিল। তৰুণ গগৈয়ে তেওঁক বহুবাৰ অসমলৈ আমন্ত্ৰণ জনাইছিল। গতিকে কংগ্ৰেছ দল আৰু এইবোৰৰ পৰা আমি বাছি থাকিব লাগিব। যদি এনে হয় এদিন আমি অসমীয়াবোৰ বাংলাদেশলৈ যাব লাগিব আৰু বাংলাদেশীবোৰ অসমলৈ গুচি আহিব। এই সংকটৰ আমি সকলোৱে মিলি মোকাবিলা কৰিব লাগিব”।
এই সন্দৰ্ভত মন্ত্ৰী পিযুষ হাজৰিকাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ সামাজিক মাধ্যমত যে, “উগ্ৰ ‘বাংলাদেশীপ্ৰেমী’ ছৈয়দা হামিদৰ কংগ্ৰেছ দল আৰু সাংসদ শ্ৰী গৌৰৱ গগৈৰ পৰিয়ালৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্ক আছে। আমোদজনক কথাটো হ’ল অসমত কংগ্ৰেছৰ শাসনকালত এইগৰাকী বাংলাদেশীপ্ৰেমী ছৈয়দা হামিদৰ উপৰি বহু বিদেশী কূটনীতিবিদক লৈ ‘অসমৰ মুছলমানৰ বাবে প্ৰত্যাহ্বান’ শীৰ্ষক ছেমিনাৰ/ৱেবিনাৰ আয়োজন হৈছিল। প্ৰকৃততে এওঁলোক হ’ল অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক সমৰ্থন, সুৰক্ষা আৰু ৰাজনৈতিক আশ্ৰয় প্ৰদানৰ ষড়যন্ত্রকাৰী। অসমৰ ভূমি, ভাষা, ঐতিহ্য, অস্তিত্বৰ প্ৰতি কংগ্ৰেছ দলে এওঁলোকৰ দৰে ব্যক্তিৰ সহায়ত যি ষড়যন্ত্র ৰচিছিল, এতিয়া সকলো কথা ৰাইজে বুজি পাইছে”।
অন্য খবৰ পঢ়কঃ ভাৰতৰ ওপৰত শুল্ক আৰোপৰ কাৰণ ক’লে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে, জয়শংকৰেও দিলে বিশেষ বাৰ্তা…