শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত খিলঞ্জীয়াৰ আৱেগক আওকাণ কৰিছিল কংগ্ৰেছে: মুখ্যমন্ত্ৰী

অসমৰ সত্ৰসমূহত চলা বেদখল সন্দৰ্ভত কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত খিলঞ্জীয়াৰ আৱেগক আওকাণ কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে।

ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত খিলঞ্জীয়াৰ আৱেগক আওকাণ কৰিছিল কংগ্ৰেছে: মুখ্যমন্ত্ৰী
অসমৰ মুখ্যমন্ত্ৰীImage Credit source: Facebook page Himanta Biswa Sarma
raj-saikia
Raj Saikia | Updated On: 27 Jun 2025 13:55 PM

সত্ৰৰ ভূমি বেদখল সন্দৰ্ভত পুনৰ কংগ্ৰেছৰ কটাক্ষ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰে যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক সন্তুষ্ট কৰি ৰখাৰ ফলত ৰাজ্যখনৰ ১৩ হাজাৰ বিঘাৰো অধিক (৪,৩০০ একৰতকৈ অধিক) মাটিত ব্যাপক বেদখল কৰা হৈছিল। এই বৈষ্ণৱ পীঠসমূহৰ বাবে ভূমি পুনৰ উদ্ধাৰৰ বাবে বিজেপি নেতৃত্বাধীন শাসকীয় প্ৰশাসনৰ প্ৰতিশ্ৰুতি সন্দৰ্ভত দৃঢ়তা প্ৰকাশ মুখ্যমন্ত্ৰী শৰ্মাৰ।

এক্সত এটা পোষ্টত শৰ্মাই কয়, “কংগ্রেছ চৰকাৰে অনুপ্রৱেশকাৰীৰ ভোট বেংকৰ বাবে ৰাজনৈতিক সুবিধা গ্রহণ কৰি খিলঞ্জীয়া মানুহৰ অনুভূতিক উপেক্ষা কৰিছিল। ইয়াৰ ফল ভুগি আজি অসমৰ ৯২২খন সত্ৰ ভূমি অবৈধ দখলকাৰীৰ কবলত পৰা পৰিলক্ষিত হৈছে। সত্রসমূহৰ প্রাণকেন্দ্ৰতে বেদখলৰ গ্রাসত পৰা হাজাৰ হাজাৰ বিঘা সত্ৰ মাটি পুনৰ উদ্ধাৰেই আমাৰ সংকল্প।”

তেওঁ কয় যে বৰপেটাৰ ৭,১৩৭ বিঘা (২,৩৫৫.২১ একৰ), নগাঁৱৰ ২,৫৮৩.৭৯ বিঘা (৮৫২.৬৬ একৰ), বজালীৰ ২,৭৫৭.৩৯ বিঘা (৯০৯.৯৪ একৰ) আৰু লখিমপুৰত ৮৯৬.৭৬ বিঘা (২৯৫.৯৪ একৰ) কে ধৰি হাজাৰ হাজাৰ বিঘা সত্ৰৰ ভূমি বেদখল কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়, “আমি সেইবোৰ পুনৰ উদ্ধাৰৰ অভিযানত আছো।” শৰ্মাই চলিত মাহৰ আৰম্ভণিতে ঘোষণা কৰিছিল যে ৰাজ্যজুৰি অৱস্থিত এই বৈষ্ণৱ পীঠসমূহৰ উন্নয়ন আৰু চোৱাচিতা কৰিবলৈ চৰকাৰে স্থায়ী ‘সত্ৰ আয়োগ’ স্থাপন কৰিব।

এই ঐতিহাসিক প্ৰতিষ্ঠানসমূহৰ বিষয়সমূহ অধ্যয়নৰ বাবে গঠন কৰা অস্থায়ী সত্ৰ আয়োগৰ এখন সভাত শৰ্মাই কয় যে আয়োগৰ স্থায়ী সংস্থাটোৱে সত্ৰসমূহক বহনক্ষমতা প্ৰদানৰ বাবে কাম কৰিব।

২০২১ চনৰ ২৪ নৱেম্বৰত অগপৰ বিধায়ক প্ৰদীপ হাজৰিকাক অধ্যক্ষ আৰু বিজেপিৰ বিধায়ক মৃণাল শইকীয়া আৰু ৰূপক শৰ্মাক সদস্য হিচাপে লৈ গঠন হোৱা আয়োগে ১২৬খন সত্ৰ পৰিদৰ্শন কৰি তাত থকা সমস্যাসমূহ পৰীক্ষা কৰি প্ৰতিবেদনত কেইবাটাও পৰামৰ্শ আগবঢ়ায়।