তেওঁৰ দুয়োটা ল’ৰা-ছোৱালী ভাৰতীয় নাগৰিক নহয়: এগৰাকী কংগ্ৰেছ সাংসদলৈ মুখ্যমন্ত্ৰীৰ ৩টা প্ৰশ্ন

অসমৰ এগৰাকী কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  তেওঁ সদস্যগৰাকীৰ বাবে ৩টা প্ৰশ্ন উত্থাপন কৰে। অৱশ্যে মুখ্যমন্ত্ৰীৰ এনে অভিযোগ এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে  সম্পৰ্ক থকাৰ দাবী কৰিছিল।

তেওঁৰ দুয়োটা লৰা-ছোৱালী ভাৰতীয় নাগৰিক নহয়: এগৰাকী কংগ্ৰেছ সাংসদলৈ মুখ্যমন্ত্ৰীৰ ৩টা প্ৰশ্ন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ গৌৰৱ গগৈ

Updated On: 

27 Apr 2025 15:13 PM

জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক লৈ অস্থিৰ হৈ পৰিছে দেশৰ পৰিস্থিতি। ইয়াৰ মাজতে আজি মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাত’ৰ ১২১ সংখ্যক খণ্ড সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। গুৱাহাটীত দলৰ সন্মানীয় কাৰ্যকৰ্তাসকলৰ সৈতে এই অনুষ্ঠান শুনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতে সংবাদ মাধ্যমত আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে। অসমৰ এগৰাকী কংগ্ৰেছ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।  তেওঁ সদস্যগৰাকীৰ বাবে ৩টা প্ৰশ্ন উত্থাপন কৰে।

মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰশ্নটো আছিল,  “ধাৰাবাহিকভাৱে ১৫ দিনৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল নেকি? যদি কৰিছিল, তেন্তে আপুনি সদয়ভাৱে আপোনাৰ ভ্ৰমণৰ উদ্দেশ্য স্পষ্ট কৰিব পাৰিবনে?”  মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন, তেওঁ ইমান ধুনীয়াকৈ নামাজ পঢ়িব ক’ত শিকিলে? আমাৰ অসমত আৰু ভাৰতত এনে প্ৰশিক্ষণ কেন্দ্ৰ নাই।”

কংগ্ৰেছ সাংসদগৰাকীলৈ মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো প্ৰশ্ন, “ভাৰতত থাকি কাম কৰিও আপোনাৰ পত্নীয়ে পাকিস্তানস্থিত এন জি অ’ৰ পৰা দৰমহা লাভ কৰি থকাটো সঁচা নেকি? যদি সঁচা, তেন্তে আমি সুধিব পাৰোঁনে—ভাৰতত চলি থকা কাম-কাজৰ বাবে পাকিস্তান ভিত্তিক সংগঠন এটাই কিয় দৰমহা দি আছে?”

মুখ্যমন্ত্ৰীৰ  তৃতীয়টো প্ৰশ্ন, “আপোনাৰ পত্নীৰ নাগৰিকত্ব কি বাদ দিয়ক, আপোনাৰ ল’ৰা-ছোৱালী দুটাৰ নাগৰিকত্ব কি? তেওঁলোক ভাৰতীয় নাগৰিক হয়নে, নে আন কোনো দেশৰ নাগৰিকত্ব তেওঁলোকৰ হাতত আছে?” মুখ্যমন্ত্ৰীয়ে কয়, মোৰ সন্দেহ দুয়োটা ল’ৰা-ছোৱালী ভাৰতীয় নাগৰিক নহয়। এয়া মই মুখ্যমন্ত্ৰী হিচাপে কৈছো। যদি তৰুণ গগৈৰ নাতি-নাতিনী ভাৰতীয় নহয়, অসমীয়া নহয়, তাতকৈ আৰু লাজৰ কথা কি আছে।” মুখ্যমন্ত্ৰীয়ে কয়, “মোক অলপ সময় লাগিব। ১০ ছেপ্টেম্বৰৰ ভিতৰত ইয়াৰ প্ৰমাণ দিম। মুখ্যমন্ত্ৰী আসনৰ পৰা মই এটাও অসত্য কথা ক’ব নোৱাৰো।”

ইফালে মাজুলীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ সাংসদ গৌৰৱ গগৈ। পাকিস্তানী এজেন্ট সজাব নোৱাৰিলে মুখ্যমন্ত্ৰীক চকী এৰাৰ প্ৰত্যাহ্বান।  অহা বছৰত মুখ্যমন্ত্ৰীগৰাকীয়ে চকী এৰিব লাগিব বুলিও মন্তব্য সাংসদগৰাকীৰ। গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে মোক পাকিস্তানী এজেন্ট সজাবলৈ চেষ্টা কৰিছে,কিন্তু যদি মোক এজেন্ট বুলি যদি প্ৰমাণ কৰিব নোৱাৰে তেতিয়া তেঁও চকী এৰিবনে নেৰে? আমি আৰু বেছিদিন ৰ’ব নালাগে। অহা বছৰত মুখ্যমন্ত্রীয়ে চকী এৰিব লাগিব।”

অৱশ্যে মুখ্যমন্ত্ৰীৰ এনে অভিযোগ এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ দাবী কৰিছিল। শৰ্মাই কৈছিল যে ইমান বছৰ ভাৰতত থকাৰ পাছতো সাংসদগৰাকীৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই। ইয়াৰোপৰ ভাৰতৰ চৰকাৰক অৱগত নকৰাকৈ কেনেকৈ সাংসদগৰাকীয়ে পাকিস্তানলৈ গৈছিল বা বৈঠক অনুষ্ঠিত কৰিছিল সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছিল।

Travel benefits: আপুনি ভ্ৰমণ কৰি ভাল পাই নেকি? ইয়াৰ আছে বহু উপকাৰিতা
Types of Condoms: কনডম কেইপ্ৰকাৰৰ আপুনি জানেনে? সুস্থ যৌন স্বাস্থ্যৰ বাবে কোনটো বেছি উপকাৰী?
আজি অক্ষয় তৃতীয়া, এই দিনটোৰ মহত্বৰ বিষয়ে জানো আহক
গ্ৰীষ্মকালত হৃদৰোগীযে কিদৰে নিজক যত্ন ল'ব? সবিশেষ জানক