Morning News: জুবিন গোচৰৰ শুনানিৰ পৰা আই পি এল নিলামলৈ, থোৰতে চাওক পুৱাৰ মুখ্য খবৰসমূহ
যোৱা ১২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰে SIT- এ। চাৰ্জশ্বীট দাখিলৰ পিছত আজি CJM আদালতত এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি শুনানিত অংশ ল’ব আটাইকেইজন অভিযুক্তই।
পুৱাৰ মুখ্য খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- যোৱা ১২ ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰে SIT- এ। চাৰ্জশ্বীট দাখিলৰ পিছত আজি CJM আদালতত এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব। অৱশ্যে নিৰাপত্তাজনিত কাৰণত কাৰাগাৰৰ পৰা ভাৰ্চুৱেলি শুনানিত অংশ ল’ব আটাইকেইজন অভিযুক্তই।
- এতিয়াৰে পৰা কোনো ছাত্ৰ-ছাত্ৰীয়ে ৫দিনতকৈ অধিক দিন বিদ্যালয়ত উপস্থিত নাথাকিলে শিক্ষক আৰু অভিভাৱকলৈ শিক্ষা সেতু অসমৰ পৰা মেছেজ প্ৰেৰণ কৰা হ’ব। ৰাজ্যত ড্ৰপ আউটৰ সমস্যা ৰোধ কৰিবলৈ এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে শিক্ষা বিভাগে।
- সলনি হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা। সোমবাৰে পল্টনবজাৰ বিপৰীতে ৰূপনগৰত মুকলি কৰা হ’ল ASTCৰ মুখ্য কাৰ্যালয়। পৰিবহন মন্ত্ৰী চৰন বড়োৱে ASTCৰ এই নতুন মুখ্য কাৰ্যালয়টোৰ উদ্বোধন কৰে।
- ৰাজ্যত অব্যাহত আছে আৰক্ষী-প্ৰশাসনৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানৰ অংশ হিচাপে সোমবাৰে বৃহৎ সাফল্য লাভ কৰে কাছাৰ আৰক্ষীয়ে। এক সফল অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰায় ২৭ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লগতে দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে।
- আজি পুনৰ চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান। আজি ধিঙৰ কটহগুৰি, আহোম গাওঁ, ৰৌমাৰী বিল, মাগুৰমাৰী বিল, মৈৰাধ্বজ, চালনাবৰী, টুকটুকী আৰু ভেৰভেৰী বিলত প্ৰশাসনে উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে। এই উপলক্ষে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
- ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। সোমবাৰে দলটোৰ উপ-সভাপতি তথা সাংসদ বৈজয়ন্ত জয় পাণ্ডাক অসম বিধানসভা নিৰ্বাচনৰ বাবে তত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হয়। লগতে জম্মু-কাশ্মীৰৰ বিজেপি বিধায়ক সুনীল কুমাৰ শৰ্মা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী দৰ্শনা বেন যাৰ্দোশক সহকাৰী তত্বাৱধায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
- সোমবাৰে বিয়লিৰ পৰা জম্মু-কাশ্মীৰৰ উধমপুৰত সূত্ৰপাত হৈছে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। এই সংঘৰ্ষৰ সময়ত শ্বহীদ হৈছে এগৰাকী জোৱান। সম্প্ৰতি ঘটনাস্থলীত অধিক নিৰাপত্তাৰক্ষী নিয়োজিত কৰি অভিযান তীব্ৰতৰ কৰি তোলা হৈছে।
- আজি অনুষ্ঠিত হ’ব আই পি এল ২০২৬ৰ বাবে খেলুৱৈৰ মিনি নিলাম। বিয়লি ২.৩০ বজাৰ পৰা আবু ধাবি চহৰত এই নিলাম আৰম্ভ হ’ব। এই মিনি নিলামৰ জৰিয়তে আই পি এল ফ্ৰেন্সাইজিসমূহৰ খালী থকা ৭৭টা স্থান পূৰ কৰা হ’ব।
- সোমবাৰে অন্ত পৰে কিংবদন্তি ফুটবলাৰ লিঅ’নেল মেছিৰ ভাৰত ভ্ৰমণ। তিনিদিনীয়া এই ভ্ৰমণসচীৰ অন্তিম দিনা কালি দিল্লীত আয়োজিত এক অনুষ্ঠানত আইচিচিৰ অধ্যক্ষ জয় শ্বাহে মেছিৰ লগতে তেওঁৰ দুই সতীৰ্থ ছুৱাৰেজ আৰু ডি পলক আগন্তুক টি-২০ বিশ্বকাপলৈ আমন্ত্ৰণ জনাই টিকট প্ৰদান কৰে।