December 16, 2025
TV9 ASSAM
বৰ্তমান সময়ত বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ফলত মানুহৰ মাজত চুগাৰৰ সমস্যা বৃদ্ধি পাবলৈ ধৰিছে।
কিন্তু আপুনি জানেনে যে, অলপ সাৱধানতাই আপোনাক এই সমস্যাৰ পৰা মুক্ত কৰিব পাৰে। চুগাৰ নিয়ন্ত্ৰণৰ ৫ টা সহজ উপায় জানোঁ আহক।
প্ৰতিদিনে ব্যায়াম কৰাৰ অভ্যাস কৰক। শৰীৰৰ পেশী যিমানেই সক্ৰিয় হ’ব সিমানেই চুগাৰ নিয়ন্ত্ৰণত থাকিব।
চুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ শৰীৰৰ ওজন হ্ৰাস কৰিব লাগিব। শৰীৰৰ ওজন ৭-১০ শতাংশ হ্ৰাস কৰিব লাগে।
১০-১২ ঘণ্টাৰ ভিতৰত দিনটোৰ আহাৰ সমাপ্ত কৰাৰ অভ্যাস গঢ়ি তোলক। মাজনিশা আহাৰ খোৱাৰ প্ৰৱণতা কম কৰিব লাগে।
কম কাৰ্বহাইড্ৰেটযুক্ত খাদ্য খাবলৈ আৰম্ভ কৰক। আপুনি ৰিফাইন কাৰ্বহাইড্ৰেট হ্ৰাস কৰি অধিক আঁহ, কম প্ৰটিন, বাদাম আৰু মাছ খাব পাৰে।
খাদ্য খোৱাৰ পিছত ১০ মিনিট খোজ কঢ়াৰ অভ্যাস কৰক। খোজ কাঢ়িলে তেজৰ চুগাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে।
পঢ়িবলৈ ক্লিক কৰক