ৰাজ্যসভাৰ শূন্যকালীন ঘণ্টাত জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ দাবী সাংসদ বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যৰ…
Zubeen Garg: প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বিভিন্নজনে সদনত জুবিনক ভাৰত ৰত্ন প্ৰদানৰ দাবী কৰি আহিছে। আজি এই দাবী উত্থাপন কৰে সাংসদ বৈশ্যই।
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ শোকে এতিয়াও ৰাজ্য শোকস্তব্ধ কৰি ৰাখিছে। মঙলবাৰে আদালতত জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ প্ৰথমটো শুনানি অনুষ্ঠিত হয়। ইয়াৰ মাজতে সদনত জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদানৰ দাবী কৰে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। ৰাজ্য়সভাৰ শূণ্যকালীন ঘন্টাত সাংসদগৰাকীয়ে এই দাবী প্ৰদান কৰে।
সংগীতৰ ৰাজপুত্ৰ, হাৰ্টথ্ৰৱ জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ বাবে আজি ৰাজ্যসভাত দাবী জনায় অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই৷ অসম গণ পৰিষদ তথা সমগ্ৰ অসমবাসীৰ হৈ এই দাবী জনায় অগপৰ সাংসদগৰাকীয়ে৷ তেওঁ কয় যে, জুবিন গাৰ্গ কেৱল এটা নাম নহয়। জুবিনে অসমীয়া ভাষাৰ উপৰি তামিল, তেলেগু, মালয়ালম, হিন্দী আদি ভাষাত ৩৮০০০ৰো অধিক গান গাইছে।
সমান্তৰালকৈ দুখীয়া, খাটি খোৱা লোকক সহায় কৰি ভাল পোৱা জুবিন গাৰ্গে অসমৰ দুৰ্যোগৰ সময়ত নিজৰ গাথিৰ ধন ভাঙি আৰ্তজনক সহায় কৰিছিল। সদায় পাৰিপাৰ্শ্বিকতাৰ সুৰক্ষাৰ বাবে মাত মাতি অহা জুবিন আছিল গছ, জীৱ-জন্তুৰ প্ৰকৃত বন্ধু। গতিকে এনে এজন মহান ব্যক্তিসত্বাক দেশৰ সৰ্বোস্ব অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰাৰ বাবে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই আহ্বান জনায়।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
