16 Dec 2025
TV9 ASSAM
আজিৰ সময়ত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱা এক ডাঙৰ সমস্যা হৈ পৰিছে। ই হাৰ্ট এটেকৰ সম্ভাৱনা বৃদ্ধি কৰে। গতিকে কলেষ্টেৰল সদায় নিয়ন্ত্ৰণত ৰখা দৰকাৰ।
কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ কিছুমান খাদ্যই সহায় কৰে। এই লেখাটোত আজি ৫ বিধ খাদ্যৰ কথা উল্লেখ কৰা হ'ল। কিন্তু যিকোনো ব্যৱস্থা লোৱাৰ পূৰ্বে সদায় বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।
ব্ৰকলিত ফাইবাৰ, ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে। ই তেজৰ নলীবোৰ সুৰক্ষিত কৰি ৰাখে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ই উপকাৰী। ইয়াৰোপৰি ব্ৰকলিয়ে বেয়া কলেষ্টেৰল বাহিৰ কৰে।
ভেণ্ডীত চাল্যুবল ফাইবাৰ বেছি থাকে। ই বেয়া কলেষ্টেৰল তেজ গৈ পোৱাত বাধা দিয়ে। তেজৰ ধমনী সুৰক্ষিত কৰি ৰাখে। ভেণ্ডীয়ে ভাল কলেষ্টেৰল বৃদ্ধি কৰাত সহায় কৰে।
বেঙেনাই বেয়া কলেষ্টেৰল কম কৰাত সহায় কৰে। ইয়াক ফাইবাৰ থাকে। ই বেয়া কলেষ্টেৰল বাহিৰ কৰাত সহায় কৰে। ইয়াৰোপৰি ইয়াত কেলৰি কম আৰু পুষ্টিকৰ উপাদান বেছি থাকে। যি হৃদযন্ত্ৰৰ বাবে ভাল।
গাজৰ হৃদযন্ত্ৰ আৰু চকুৰ বাবে ভাল। ইয়াক পেক্টিন নামৰ ফাইবাৰ থাকে যিয়ে বেয়া কলেষ্টেৰল কম কৰাৰ কাম কৰে। ইয়াৰোপৰি গাজৰত থকা উপাদানে ৰক্তনলী ৰক্ষা কৰে। হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ই ভাল।
পালেং শাকত ফাইবাৰ আৰু বিভিন্ন পুষ্টিকৰ উপাদান থাকে। ই তেজৰ ধমনী সুৰক্ষিত কৰি ৰাখে। পালেং শাকে ব্লা়ড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰাখে আৰু তেজৰ চলাচল ভাল কৰে।
পঢ়িবলৈ ক্লিক কৰক