শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আজিৰে পৰা নগাঁৱৰ ধিঙত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু জিলা প্ৰশাসন...

আজিৰে পৰা নগাঁৱৰ ধিঙত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু জিলা প্ৰশাসন…

Barasha Sarma
Barasha Sarma | Published: 16 Dec 2025 12:51 PM

Nagaon Evection: পুনৰ চলিব প্ৰশাসনৰ বুলড'জাৰ। নগাঁৱৰ শ শ বিঘা মাটিত উচ্ছেদ অভিযান চলাবলৈ সাজু হৈছে নগাঁও জিলা প্ৰশাসন। ৪ দিন ধৰি কেইবাখনো বিলত চলিব এই উচ্ছেদ অভিযান। ইতিমধ্যে সম্পূৰ্ণ সকলো প্ৰস্তুতি।

নগাঁৱৰ ধিঙত চাৰিদিনীয়াকৈ বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু জিলা প্ৰশাসন। তথ্য অনুসৰি, ২৩০বিঘা মাটি চলিব এই উচ্ছেদ অভিযান। মঙলবাৰে প্ৰথম দিনা তিনিখন বিলত চলিব উচ্ছেদ। জানিব পৰা মতে, বিল সমূহত ভাগে ভাগে পুখুৰী বনাই একাংশ লোকে দীৰ্ঘ দিন ধৰি পালন কৰি আহিছিল মাছ। তাৰ পাছতে আজি এই উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

আজি ধিঙৰ ৰৌমাৰী বিল, মাগুৰমাৰী বিল, মৈৰাধজ, ভেৰভেৰি বিলত হ’ব উচ্ছেদ। শতাধিক লোক ব্যৱহাৰ কৰি পুখুৰীৰ পাৰ ভাঙি মুকলি কৰে বিলখন। পাঁচশতাকৈ পুখুৰীত চলিব এই অভিযান। দীৰ্ঘ দিনৰ পৰা বিল আবদ্ধ কৰি পুখুৰীৰ বনোৱাৰ পাছতেই কৃত্ৰিম বানত আক্ৰান্ত হৈ আছিল ওচৰ চুবুৰীয়া ৰাইজ। এনে পৰিস্থিতি এই সমস্যা সমাধানৰ বাবে আগবাঢ়িছে প্ৰশাসন।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…