16 Dec 2025
TV9 ASSAM
সকলোৰে জীৱনত ভাল দিন-বেয়া দিন আহে। কিন্তু বাস্তু শাস্ত্ৰ মতে, যেতিয়া কাৰোবাৰ ঘৰলৈ বেয়া দিনৰ আগমন হয় তেন্তে তাৰ পূৰ্বে ইশ্বৰে কিছু সংকেত প্ৰদান কৰে।
যদি আপোনাৰ ঘৰত থকা কোনো গছৰ পাতবোৰ কাৰণ নোহোৱাকৈ হঠাতে শুকাই যায় তেন্তে এয়া অশুভ। ইয়াৰ অৰ্থ ঘৰত নকৰাত্মক শক্তিৰ আগমন গৈছে আৰু দৰিদ্ৰতা আহিব পাৰে।
ঘৰৰ সদস্যৰ মাজত কাজিয়া হোৱা বেয়া দিনৰ সংকেত হ'ব পাৰে। সৰু-সৰু কথাত কাজিয়া, কেতিয়াও কাৰো কথা মানি নোলোৱা আদিয়ে ঘৰত নকৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰে।
যদি আপোনাৰ ঘৰত কোনো গুৰুত্বপূৰ্ণ কাম আধাতে ৰৈ যায় আৰু বাৰে বাৰে চেষ্টা কৰাৰ পাছতো হৈ নুঠে তেন্ত এয়া বেয়া দিন আগমনৰ সংকেত হ'ব পাৰে।
যি ঘৰত নকৰাত্মক শক্তি থাকে সেই ঘৰৰ সদস্যৰ সদায় ৰোগ হৈ থাকে। ঔষধৰ নামত হাজাৰ হাজাৰ টকা যায়। উন্নতি হ'ব ধৰিলেই নতুন নতুন ৰোগে দেখা দিয়ে।
যদি ঘৰৰ কোনো পোহনীয়া জীৱ-জন্তু যেনে গৰু, কুকুৰ, মেকুৰী আদিয়ে হঠাতে আৰু বাৰে বাৰে কান্দি থাকে তেন্তে ই নকৰাত্মক শক্তিৰ প্ৰভাৱ বুলি মনা যায়। ই বেয়া দিন আগমনৰ সংকেত হ'ব পাৰে।
ধৰ্মীয় মান্যতা অনুসৰি এনে হৈ থাকিলে পানীত অলপ নিমখ মিহলাই ঘৰ মচিব। ইয়াৰোপৰি পূজা-পাঠ বা মংগল কাৰ্য কৰিব পাৰিলে বেছি ভাল বুলি কয়।
পঢ়িবলৈ ক্লিক কৰক