কা-ৰ নতুন ভিত্তিবৰ্ষ ২০২৪ চনৰ ৩১ ডিচেম্বৰ, বিৰোধিতা কংগ্ৰেছৰ…
কা-ক লৈ অসম বা দেশত চলা আন্দোলনৰ কথ কোনোৱে পাহৰিব নোৱাৰে। শেহতীয়াকৈ কা সন্দৰ্ভত এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰই। যাৰ পাছতে ইয়াৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। ইয়াৰ অধীনত অন্তত ৫ লাখে অসমত নাগৰিকত্ব লাভ কৰিব পাৰে বুলি দাবী কৰে।

শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত। নাগৰিকত্ব সংশোধনী আইনৰ ভিত্তিবৰ্ষ ১০ বছৰ বৃদ্ধি কৰে। ইয়াৰ পূৰ্বে আইন গৃহীত কৰাৰ সময়ত নাগৰকিত্বৰ বাবে আবেদনৰ সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু ১০ বছৰ বৃদ্ধি কৰাৰ পাছত নতুন সময়সীমা হ’ব ২০২৪ চনৰ ৩১ ডিচেম্বৰ। গতিকে ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা অ-মুছলিম অনুপ্ৰৱেশকাৰী এতিয়াৰ পৰা লাভ কৰিব ভাৰতীয় নাগৰিকত্ব।
এই খবৰ পোহৰলৈ অহাৰ পাছতে বিভিন্নজনে ইয়াৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক প্ৰেছ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো লক্ষ্য কৰি লয়। তেওঁ কয় যে, আমাৰ জাতীয় দলিল “অসম চুক্তি” খনক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী আইনখন ৰূপায়ন কৰাৰ যো জা কৰি আছে বিজেপি চৰকাৰে। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিদেশী ন্যায়াধিকৰণত চলি থকা বিদেশী নাগৰিকৰ গোচৰ, ধৰ্মৰ ভিত্তিত প্ৰত্যাহাৰৰ নিৰ্দেশ দিছে। ইয়াৰ পাছতে এতিয়া একাংশ বিদেশী নাগৰিকৰ নাগৰিকত্ব লাভৰ পথ মুকলি হল।
তেওঁ আৰু কয়, মুখ্যমন্ত্রী ডাঙৰীয়াই ইতিমধ্যে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক বিদেশী ন্যায়াধিকৰণৰ পৰা ২০২৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা হিন্দু, খ্রীষ্টান, বৌদ্ধ, শিখ, পাৰ্চী আৰু জৈন ধৰ্মাৱলম্বী লোকসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছে। তাৰোপৰি এই ব্যক্তিসকলক ভাৰতৰ নাগৰিকত্বৰ বাবে আবেদন জনাবলৈ উদগনি জনাবলৈও এই নির্দেশত কোৱা হৈছে। যদি এই নির্দেশ বলবৎ হয়, তেন্তে আমাৰ ৰাজ্যত আনুমানিক ৫ লাখ অসম চুক্তিৰ আওতাত নপৰা একাংশ বিদেশী নাগৰিকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰিব। তাৰোপৰি বিদেশী ন্যায়াধিকৰণে ইতিমধ্যে বিদেশী বুলি ঘোষণা কৰা ৬৯,৫০০ বিদেশীয়েও ভাৰতীয় নাগৰিকত্ব পোৱাৰ পথ প্রশস্ত হব।
আৰু কয়, মোদীয়ে পণ্ডিত জৱাহৰলাল নেহৰুৱে লোকপ্রিয় গোপীনাথ বৰদলৈক লিখা পত্ৰ আৰু ১৯৫০ চনৰ নেহৰু-লিয়াকৎ চুক্তিৰ কথা লোকসভাত কা-আইন গৃহীত কৰাৰ স্বাৰ্থত বিকৃতভাৱে উল্লেখ কৰিছিল। নেহৰু-লিয়াকৎ চুক্তিৰ উদ্দেশ্য আছিল পাকিস্তানত হিন্দু তথা অন্যান্য সংখ্যালঘুৰ ধৰ্মীয় তথা শাৰিৰীক নিৰাপত্তা সুনিশ্চিত কৰা। তাৰোপৰি নেহৰুৰ প্ৰধানমন্ত্ৰীত্বৰ কালত ভাৰত আৰু পাকিস্তান, দুয়োখন নতুন ৰাষ্ট্ৰ হোৱাৰ উপৰিও বিভাজনৰ প্ৰত্যক্ষ প্ৰভাৱ লাভ কৰিছিল। গতিকে বহুবোৰ ব্যক্তি তথা পৰিয়ালে নিজৰবাবে কোনখন ৰাষ্ট্ৰত থকা সমীচিন হ’ব সেয়া থিৰাং কৰি আছিল। সেয়েহে মানৱীয়তাৰ খাতিৰত সাময়িক সময়ৰ বাবে এই চুক্তিখন কৰা হৈছিল।
তেওঁ আৰু কয়, কংগ্ৰেছ চৰকাৰৰ দিনত পূব পাকিস্তানৰ পৰা বিতাড়িত ব্যক্তিসকলক East Pakistan Displaced Persons (or refugees) scheme ৰ অধীনত গুজৰাট, ৰাজস্থান, দিল্লী আদিত সংস্থাপন দিয়া হৈছিল। একেধৰণে, অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ কোনো ৰাজ্যত সংস্থাপন নিদিবলৈ প্রধানমন্ত্রী কার্যালয়ক পত্রযোগে ২০/০৭/২০২০ত দাবী জনাইছিলো (পৰিশিষ্ট ১)। এই পৰামৰ্শটো সম্পৰ্কত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা কোনোধৰণৰ উত্তৰ লাভ নকৰিলো।
কিন্তু শেহতীয়াকৈ চৰকাৰে দিয়া নিৰ্দেশ নিন্দনীয়। এই হঠকাৰী সিদ্ধান্ত আমাৰ অসমৰ জাতীয় দলিল অসম চুক্তি অৱজ্ঞাকাৰী আৰু অপমানসূচক। অসমৰ ৰাইজৰ কষ্ট-ত্যাগ আৰু দীর্ঘদিনীয়া আন্দোলনৰ পৰিসমাপ্তি অসম চুক্তিক এনেদৰে ভেঙুচালি কৰা অসহ্যকৰ। অসম চুক্তিত স্পষ্টভাৱে লিখা আছে যে ১৯৭১ চনৰ ২৪ মাৰ্চলৈ অহা ব্যক্তিসকলক নাগৰিক হিচাপে গণ্য কৰা হ’ব। কেন্দ্ৰীয় চৰকাৰে যেতিয়া কা আইন গৃহীত কৰিবলৈ বিচাৰিছিল, তেতিয়াও অসমৰ ৰাইজে ইয়াৰ বিৰোধীতা কৰি ৰাজপথ কঁপাই তুলিছিল। ৰাজ্য চৰকাৰে ৰাইজৰ ক্ষোভক দমন কৰিবলৈ ৫ জন অসমীয়াক ৰাস্তাত হত্যা কৰিছিল।
লগতে কয়, আমি বাংলাদেশত হিন্দুসকলে বিভিন্নধৰণৰ হাৰাশাস্তি পোৱাৰ খবৰ পাইছো। মানৱীয়তাৰ খাতিৰত শৰণাৰ্থী হিচাপে অহা ব্যক্তি তথা পৰিয়ালবোৰক সহায় কৰাটো উচিত। কিন্তু এই শৰণাৰ্থীসকলক অসমত বসতি দিব নালাগে। আমাৰ ৰাজ্যৰ অৰ্থনৈতিক স্থিতিৰ দুৰ্দশা তথা সীমিত প্রাকৃতিক সম্পদে বহনক্ষমভাৱে এই ওপৰঞ্চি জনসংখ্যাক ধাৰণ কৰিব নোৱাৰে। ইয়াৰোপৰি আমাৰ অসমত মাটিও সীমিত আৰু প্ৰতিবছৰে গঢ়াখহনীয়াৰ ফলত বহুমাটি ব্ৰহ্মপুত্ৰ আৰু অন্য নদীত জাহ যায়।
অসমৰ জনসংখ্যা বৃদ্ধিৰ ফলত জনসংখ্যা অনুপাতে মাটিৰ পৰিমাণো ভালেখিনি হ্রাস পাইছে। সেয়েহে, অসমৰ ভৱিষ্যতৰ সুৰক্ষাৰ্থে মাটিবোৰ অসমৰ মানুহৰ বাবে সংৰক্ষণ কৰাটো অতি প্রয়োজন। তাৰোপৰি যিসময়ত আমাৰ অসমৰ জনতাই আৱশ্যকীয় সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে, তেনেসময়ত শৰণাৰ্থীসকলক নাগৰিক হিচাপে অসমত সংস্থাপন দিয়াটো এক তোঘলকী সিদ্ধান্ত হ’ব।
অন্য খবৰ পঢ়কঃ পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ৰাছিয়ালৈ আমন্ত্ৰণ পুটিনৰ, শ্বেহবাজে ক’লে-আমিও ভাৰতৰ দৰে ভাল সম্পৰ্ক বিচাৰো…