শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ৰাছিয়ালৈ আমন্ত্ৰণ পুটিনৰ, শ্বেহবাজে ক’লে-আমিও ভাৰতৰ দৰে ভাল সম্পৰ্ক বিচাৰো…

শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকত মিলিত হয় পাকিস্তানৰ প্ৰধানমন্ত্ৰী। এই সময়চোৱাত তেওঁলোকে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। লগতে পুটিনে শ্বেহবাজ শ্বৰীফক ৰাছিয়ালৈ আমন্ত্ৰণ জনায়।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীক ৰাছিয়ালৈ আমন্ত্ৰণ পুটিনৰ, শ্বেহবাজে ক’লে-আমিও ভাৰতৰ দৰে ভাল সম্পৰ্ক বিচাৰো…
ৰাছিয়া-পাকিস্তানImage Credit source: X
barasha-sarma
Barasha Sarma | Published: 03 Sep 2025 15:22 PM

বিশ্ব ৰাজনীতিত বৰ্তমান চৰ্চাত থকা এটি বিষয় চীনত অনুষ্ঠিত হোৱা SCO সন্মিলন। যাৰ বাবে দেশখনত বহু দেশৰ নেতাই ভিৰ কৰিছে। এই সন্মিলনত অংশ গ্ৰহণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফেও। এই সময়চোৱাত শ্বেহবাজৰ সৈতে চীনত থকা পাকিস্তানৰ আৰ্মী ছিফ অসীম মুনীৰে বিভিন্ন দেশৰ নেতাৰ সৈতে দ্বি-পাক্ষিক আলোচনাত মিলিত হয়।

ইয়াৰ মাজতে মঙলবাৰে শ্বেহবাজ শ্বৰীফ আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। ইয়াৰ অন্তত পুটিনে কয় যে, ৰাছিয়া আৰু পাকিস্তানৰ মাজত গঢ় লৈ উঠা সম্পৰ্কক ৰাছিয়াই গুৰুত্ব প্ৰদান কৰে। ইমানেই নহয়, অহা নৱেম্বৰত শ্বেহবাজক ৰাছিয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে পুটিনে। লগতে পুটিনে আশা কৰে যে, প্ৰাকৃতিক দুৰ্যোগৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ দেশখনে মোকাবিলা কৰিব।

ভাৰতৰ সম্পৰ্কৰ কথা উল্লেখ

প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কয় যে, পুটিনৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাছিয়াৰ সৈতে সম্পৰ্ক উন্নত হৈছে আৰু পাকিস্তানে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা ANI ৰ তথ্য অনুসৰি, এই বৈঠকৰ সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে, ভাৰত আৰু আপোনালোকৰ মাজত থকা সম্পৰ্কলৈ সন্মান আছে, কিন্তু আমিও ৰাছিয়াৰ সৈতে শক্তিশালী সম্পৰ্ক বিচাৰো। তেওঁ কয়, “মই ক’বই লাগিব যে ভাৰতৰ সৈতে আপোনালোকৰ সম্পৰ্কক সন্মান কৰো। এয়া ঠিকেই আছে। কিন্তু সকলোৰে মংগল, প্ৰগতি আৰু সমৃদ্ধিৰ বাবে আমিও ৰাছিয়াৰ সৈতে ভাল সম্পৰ্ক বিচাৰো”।

শ্বৰীফে আৰু কয়, বিগত সময়চোৱাত আমাৰ সম্পৰ্ক যথেষ্ঠ উন্নত হৈছে। মই আমাৰ দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰিব বিচাৰো। পুটিনৰ লগত কাম কৰিব পাৰিলে তেওঁ সুখী হ’ব বুলিও কয়।

 

ৰাছিয়ালৈ যাব পাকিস্তানৰ প্ৰধানমন্ত্ৰী

তথ্য অনুসৰি পুটিনে পাকিস্তানৰ ৰাষ্ট্ৰপতিগৰাকীক মস্কোলৈ আমন্ত্ৰণ জনাইছে। ইয়াৰ উত্তৰত শ্বৰীফে কয় যে ৰাছিয়া ভ্ৰমণ কৰিলে মই সুখী হ’ম। এই বৈঠকে এয়াই ইংগিত দিয়ে যে, পাকিস্তান আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক শীতল যুদ্ধৰ তিক্ততাৰ পৰা আঁতৰি সহযোগিতাৰ দিশে আগবাঢ়িছে। ইয়াৰোপৰি অনাগত দিশত এই সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি আশা কৰিব পাৰিব।

ইয়াৰোপৰি আৰু বিভিন্ন দিশৰ ওপৰত দুয়ো আলোচনা কৰে।তেওঁলোকে বাণিজ্য, শক্তি, বিনিয়োগ, প্ৰতিৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, শিক্ষা, সংস্কৃতি আৰু মানুহৰ মাজৰ সম্পৰ্ক যেনে সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই সময়চোৱাত পুটিনেও দুয়োখন দেশৰ বৃদ্ধি হোৱা সম্পৰ্কৰ প্ৰশংসা কৰে আৰু কয় যে, এছ চি অৰ মঞ্চত সহযোগিতা আঞ্চলিক আৰু বিশ্বৰ স্থিতিশীলতাৰ বাবে প্ৰয়োজনীয়।

 

অন্য খবৰ পঢ়ক- ৩ ৰাষ্ট্ৰৰ মহামিলন! ইফালে সুৰ সলনি কৰি আমেৰিকাই ক’লে ভাৰত সম্পৰ্কীয় বিশেষ কথা…