শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বিটিচি নিৰ্বাচন ২০২৫: কিয় চৰ্চাত বিজেপিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰমেন মদাহী?

কিছুদিন পূৰ্বে চিনাকী আছিল মাটিৰ দালাল হিচাপে। কিন্তু এতিয়া তেওঁৰ চিনাকী বিজেপিৰ সদস্য তথা প্ৰাৰ্থী। বিটিচি নিৰ্বাচনত কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিব ৰমেন মদাহীয়ে।

বিটিচি নিৰ্বাচন ২০২৫: কিয় চৰ্চাত বিজেপিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰমেন মদাহী?
বিজেপিৰ প্ৰাৰ্থী ৰমেন মদাহীImage Credit source: Facebook Page
raj-saikia
Raj Saikia | Updated On: 01 Sep 2025 18:45 PM

ভাৰতীয় জনতা পাৰ্টীৰ পৰা বিটিচি নিৰ্বাচনত প্ৰাৰ্থিত্ব লাভ কৰা এগৰাকী প্ৰাৰ্থীক লৈ চলিছে ব্যাপক চৰ্চা। নাম ৰমেন মদাহী। কিছুদিন পূৰ্বে চিনাকী আছিল মাটিৰ দালাল হিচাপে। কিন্তু এতিয়া তেওঁৰ চিনাকী বিজেপিৰ সদস্য তথা প্ৰাৰ্থী। বিটিচি নিৰ্বাচনত কোকলাবাৰী পৰিষদীয় সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিব ৰমেন মদাহীয়ে।

কিন্তু বিজেপিৰ এই প্ৰাৰ্থীগৰাকীক লৈ ইমান চৰ্চা কিয়? তেন্তে দুবছৰ আগলৈ মনত পেলাব লাগিব আপুনি। হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰিত্বৰ কালত ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে চলিছিল ব্যাপক অভিযান। বিভিন্ন স্থানত মাটিৰ দালালক ধৰি আৰক্ষীয়ে জেলত ভৰাইছিল। ২০২৩ চনৰ ২৬ নৱেম্বৰত সেই সময়ত মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত গুৱাহাটীৰ লালুং গাঁৱত আৰক্ষীয়ে গুলীয়াইছিল ৰমেন মদাহীক। আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰি গুলিবিদ্ধ হৈছিল ৰমেন। কেবাটাও গোচৰত অভিযুক্ত হৈ থকা ৰমেনৰ এনকাউণ্টাৰৰ ঘটনাই সেই সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছিল।

কিন্তু আজি ৰমেন মদাহীৰ মনোনয়নক লৈ ব্যাপক চৰ্চা হৈছে। মাটি দালালিৰ গোচৰত আৰক্ষীৰ গুলী খোৱা এজন অভিযুক্ত দুৰ্নীতিৰ ক্ষেত্ৰত আপোচ নকৰা বিজেপি দলৰ পৰা টিকট লাভ কৰাত চকু কপালত উঠিছে সকলোৰে। ৰমেন মদাহীৰ মনোনয়ন দাখিলৰ সময়ত সৃষ্টি হোৱা জন সমাগমৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে। যিয়ে উন্মোচিত কাহিনীটোত আন এক জটিলতাৰ স্তৰ যোগ কৰিছে।

২০২৩ চনৰ ২৭ নৱেম্বৰত তদানীন্তন গুৱাহাটী মহানগৰৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূমি দখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। জিলা ৰাজহ প্ৰশাসন আৰু আৰক্ষীৰ দ্বাৰা যুটীয়াভাৱে তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। প্ৰতাৰণাৰ অভিযোগত গুৱাহাটী চাইবাৰ আৰক্ষী থানাত ৰুজু হোৱা ১২/২৩ নং গোচৰত পাঁচজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ বেহুৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীয়ে ৰমেন মদাহীলৈ লক্ষ্য কৰি গুলী নিক্ষেপ কৰে। তেওঁৰ ভৰিত গুলী লগাত জিএমচিএইছত ভৰ্তি কৰোৱা হৈছিল।

এতিয়া সেইগৰাকী ৰমেন মদাহীয়েই বিজেপিৰ পৰা দলীয় টিকট লাভ কৰি জনপ্ৰতিনিধি হ’বলৈ ওলাইছে। আজি যথেষ্ট সংখ্যক সমৰ্থকৰ উপস্থিতিত তেওঁ মনোনয়ন দাখিল কৰে।