আজি হেঁপাহৰ ভোগালীৰ উৰুকাঃ উখল-মাখল ৰাজ্য, ভোগৰ সামগ্ৰীৰে ভৰিছে বজাৰ

উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰাক সাকাৰ ৰূপ দিবলৈ গাঁৱে-ভূঁইয়ে, চহৰে-নগৰে এতিয়া ব্যস্ততাৰ অন্ত নাই। সকলোৰে মনত আজি ভোগৰ সামগ্ৰীৰে ঘৰখন ভৰাই তোলাৰ হেঁপাহ, একেদৰে দীৰ্ঘদিনৰ পৰিশ্ৰম আৰু কষ্টৰে কৰা বাৰীৰ খেতিৰ সামগ্ৰী বিক্ৰী কৰি দুপইচা অৰ্জনৰ আশা কৃষক-ৰাইজৰ।

আজি হেঁপাহৰ ভোগালীৰ উৰুকাঃ উখল-মাখল ৰাজ্য, ভোগৰ সামগ্ৰীৰে ভৰিছে বজাৰ

আজি ভোগালীৰ উৰুকা

Published: 

13 Jan 2026 | 06:35 AM

ৰাজ্যৰ চৌদিশে এতিয়া উখল-মাখল পৰিৱেশ। হেঁপাহৰ ভোগালী বিহুটিৰ আগমনে প্ৰাণচঞ্চল কৰি তুলিছে প্ৰতিজন অসমীয়াৰ। ভোগালীৰ উৰুকাৰ আনন্দ-উদ্দীপনাই আন্দোলিত কৰিছে প্ৰতিজন লোকক। উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পৰম্পৰাক সাকাৰ ৰূপ দিবলৈ গাঁৱে-ভূঁইয়ে, চহৰে-নগৰে এতিয়া ব্যস্ততাৰ অন্ত নাই। সকলোৰে মনত আজি ভোগৰ সামগ্ৰীৰে ঘৰখন ভৰাই তোলাৰ হেঁপাহ, একেদৰে দীৰ্ঘদিনৰ পৰিশ্ৰম আৰু কষ্টৰে কৰা বাৰীৰ খেতিৰ সামগ্ৰী বিক্ৰী কৰি দুপইচা অৰ্জনৰ আশা কৃষক-ৰাইজৰ।

গাঁৱে-ভূঁইয়ে ভেলাঘৰ আৰু মেজিৰ প্ৰস্তুতি

হেঁপাহৰ বিহুটিৰ আনন্দ উপভোগৰ মনোৰথেৰে ৰাজ্যৰ সৰ্বপ্ৰান্তত ডেকা-গাভৰুৰ পৰা আবাল-বৃদ্ধ-বনিতালৈ সকলোৱে হাতে কামে লাগিছে বিহুৰ প্ৰস্তুতিত। নিৰ্মাণ কৰিছে সুউচ্চ মেজি আৰু বিচিত্ৰ আৰ্হিৰ ভেলাঘৰ। বাঁহ, খেৰ আৰু খৰি সংগ্ৰহ কৰি আকাশলংঘী মেজি সাজি উলিয়াইছে ৰাইজে।

বহু ঠাইত ভিন্ন আকৰ্ষণীয় শৈলীৰে ভেলাঘৰ নিৰ্মাণ কৰি কলাত্মক চেতনাৰো পৰিচয় দিছে একাংশই। আজি উৰুকাৰ নিশা এই ভেলাঘৰৰ উম লৈ সকলোৱে ভোগৰ এসাঁজ খাই গীত-মাতেৰে আনন্দ কৰিব আৰু কাইলৈ পুৱাই অগ্নিদেৱতাক সেৱা জনাই মেজি প্ৰজ্বলন কৰিব।

উৰুকাৰ বজাৰত ব্যাপক ভিৰ

উৰুকাৰ ভোজৰ বাবে ৰাজ্যৰ প্ৰতিখন বজাৰত এতিয়া গ্ৰাহকৰ অভূতপূৰ্ব ভিৰ। বিশেষকৈ মাছৰ বজাৰত দেখা গৈছে বিশেষ উছাহ। থলুৱা মাছৰ বজাৰত চিতল, আঁৰি, বৰালি, ৰৌ, বাহু মাছৰ বাবে গ্ৰাহকৰ টনা-আঁজোৰা লাগিছে। মাছৰ লগতে মাংস আৰু থলুৱা সামগ্ৰীৰ বিক্ৰীও তুংগত উঠিছে। অত্যাধিক দৰ বৃদ্ধিৰ মাজতো ভোগৰ উৎসৱত কোনো ত্ৰুটি ৰাখিব বিচৰা নাই অসমীয়া ৰাইজে।

পৰম্পৰাগত পিঠা-পনাৰ সোৱাদ

প্ৰতিঘৰ অসমীয়াৰ পাকঘৰত এতিয়া তিল পিঠা, ঘিলা পিঠা, চিৰা-দৈ আৰু লাৰুৰ সুবাস। গাঁৱৰ বোৱাৰী-জীয়ৰী ব্যস্ত হৈ পৰিছে ভোগালীৰ জলপান প্ৰস্তুত কৰাত। যান্ত্ৰিকতাৰ যুগত বহুলোকে বজাৰৰ পিঠাৰ ওপৰত নিৰ্ভৰ কৰিছে যদিও গাঁৱৰ পদূলিয়ে পদূলিয়ে এতিয়াও ঢেঁকীৰ শব্দই বিহুৰ আগজাননী দি আছে।

ভোগালীৰ এই উৰুকাই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত সম্প্ৰীতি আৰু একতাৰ এনাজৰী ডাল অধিক দৃঢ় কৰিব বুলি আশা কৰা হৈছে। এই উৰুকাৰ ভোজ আৰু মেজিৰ জুইয়ে সমাজৰ পৰা অপশক্তি আৰু বিভেদ বিনাশ কৰি সকলোৰে জীৱনলৈ সুখ-সমৃদ্ধি কঢ়িয়াই আনক, তাৰেই কামনা কৰিছে সকলোৱে।

গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ঘৰুৱা উপায়...
পিঁয়াজ আৰু নহৰু একেলগে খালে দেহত কি প্ৰভাৱ পৰে? জানক ইয়াৰ বিস্ময়কৰ উপকাৰিতা!
শৰীৰত ভিটামিন B12 ৰ অভাৱ হ'লে কি কি ইংগিত দিয়ে, জানক...
বৃক্কই ঠিকমতে কাম নকৰিলে দেখা দিয়া লক্ষণসমূহ কি কি, জানক...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ