শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মহানগৰীত কাইলৈ ক্ৰীড়া-সংগীতৰ উন্মাদনা; কেইবাটাও পথ ব্যৱহাৰত থাকিব নিষেধাজ্ঞা, চাই লওক এতিয়াই

কাইলৈৰ দিনটোত গুৱাহাটীত ফিফা বিশ্বকাপ ট্রফী ভ্ৰমণৰ লগতে বৰ্ষাপাৰা ষ্টেডিয়ামত ক’ক ষ্টুডিঅ’ ভাৰত কনচাৰ্ট অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী যান-বাহন আৰক্ষীয়ে চহৰখনত ব্যাপক যান-বাহন নিয়ন্ত্ৰণৰ নিৰ্দেশনা জাৰি কৰিছে।

মহানগৰীত কাইলৈ ক্ৰীড়া-সংগীতৰ উন্মাদনা; কেইবাটাও পথ ব্যৱহাৰত থাকিব নিষেধাজ্ঞা, চাই লওক এতিয়াই
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: PTI
Monjit Dutta
Monjit Dutta | Updated On: 12 Jan 2026 17:57 PM

কাইলৈ হেঁপাহৰ ভোগালী বিহুৰ উৰুকা। সমগ্ৰ ৰাজ্যজুৰি এই উপলক্ষে দেখা গৈছে ব্যাপক উছাহ। ইফালে গুৱাহাটী মহানগৰীত উৰুকাৰ লগতে কাইলৈ দেখা যাব বিশেষ উন্মাদনা। ক্ৰীড়া আৰু সংগীতৰ আনন্দই কাইলৈ স্পৰ্শ কৰিব মহানগৰীক। কাইলৈৰ দিনটোত গুৱাহাটীত ফিফা বিশ্বকাপ ট্রফী ভ্ৰমণৰ লগতে বৰ্ষাপাৰা ষ্টেডিয়ামত ক’ক ষ্টুডিঅ’ ভাৰত কনচাৰ্ট অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী যান-বাহন আৰক্ষীয়ে চহৰখনত ব্যাপক যান-বাহন নিয়ন্ত্ৰণৰ নিৰ্দেশনা জাৰি কৰিছে।

এই নিৰ্দেশনা অনুসৰি, মহানগৰীত কাইলৈ কেইবাটাও পথৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বিশেষকৈ শিশু, ছাত্ৰ-ছাত্ৰী, জ্যেষ্ঠ নাগৰিক আৰু জৰুৰীকালীন বাহনৰ সুচল যাতায়ত নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

বি.কে. কাকতি ৰোড, এ.কে. আজাদ ৰোড, ডক্টৰ ভূপেন হাজৰিকা পথ, মৰা ভৰলু ৰোড, ৰাজীৱ গান্ধী পথ, এফ. এ ৰোড, ঢপলিয়া ৰোড, বিষ্ণুপুৰ ৰোড, আৰ কে চি ৰোড, এ.কে. দেৱ ৰোড, বিৰুবাৰী-জি এম চি ৰোড, পণ্ডিত দীনদয়াল উপাধ্যায় ৰোড কুল বসুমতাৰী ৰোড (বৰ্ষাপাৰা ষ্টেডিয়াম ৰোড) আদি কেইবাটাও গুৰুত্বপূৰ্ণ পথত দিনৰ ১১ বজাৰ পৰা মাজনিশালৈকে সকলো ধৰণৰ বাণিজ্যিক পণ্যবাহী আৰু মন্থৰ গতিৰ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

মৰা ভৰলু পথত যাতায়ত সম্পূৰ্ণ বন্ধ থাকিব। লখৰা চাৰিআলিৰ পৰা আৰ্য নগৰৰ ফালে অহা আৰু ‘কাৰ পাছ’ নথকা বাহনসমূহ লালগণেশ তিনিআলিৰ পৰা হায়াত হাস্পতাল হৈ পণ্ডিত দীনদয়াল উপাধ্যায় পথৰ ফালে পঠিয়াই দিয়া হ’ব। কুল বসুমতাৰী পথ বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈকে একমুখী হ’ব। কেৱল বৈধ কাৰ পাছ থকা বাহনকহে এই পথেৰে যাবলৈ অনুমতি দিয়া হ’ব

এই কুল বসুমতাৰী পথত বিপৰীত দিশৰ পৰা কোনো বাহন আহিব নোৱাৰিব। ড্ৰপ-অফ পাছ থকা বাহনসমূহে যাত্ৰীক বৰ্ষাপাৰা তিনিআলি বা ধীৰেনপাৰা তিনিআলিত নমাই দি নিৰ্ধাৰিত স্থানত পাৰ্কিং কৰিব লাগিব। ড° ভূপেন হাজৰিকা পথত কেৱল শ্যাম মন্দিৰ পৰ্যন্তহে বাহন যাব পাৰিব। কুল বসুমতাৰী পথ, এ.কে. আজাদ ৰোড আৰু এ.কে. দেৱ ৰোডৰ কোনো ঠাইতে বাহন ৰখাব নোৱাৰিব।

অৱশ্যে চম্পাৱতী হাইস্কুলৰ পৰা গড়চুক আৰু দক্ষিণগাঁও তিনিআলিৰ পৰা এন ই এফ কলেজৰ দৰে নিৰ্দিষ্ট কিছুমান অংশত এককাষীয়াকৈ পাৰ্কিঙৰ অনুমতি দিয়া হ’ব। ইয়াৰ উপৰিও লঘু বাহন আৰু মটৰ চাইকেলৰ বাবে ৰোলিং মিল ফিল্ড, দতালপাৰা ফিল্ড, চম্পাৱতী ফিল্ড, আমবাৰী শিশু বিদ্যালয়, আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ খেলপথাৰ আৰু ৰং পথাৰ বিহু তলী আদি স্থানত পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে।

ষ্টেডিয়ামলৈ সোমাবলৈ মুঠ ৬খন গেট নিৰ্ধাৰণ কৰা হৈছে। গেট নং 1A ফিফা বিশ্বকাপ ট্রফী আৰু ফিফা বিষয়াসকলৰ বাবে সংৰক্ষিত থাকিব। গেট নং 1B কাৰ পাছ থকা ভিআইপি বাহনৰ বাবে ব্যৱহাৰ হ’ব। অৱশ্যে এই নিষেধাজ্ঞাই এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী, অক্সিজেন চিলিণ্ডাৰ কঢ়িওৱা বাহন, স্কুল বাছ আৰু গাখীৰৰ গাড়ীৰ দৰে জৰুৰীকালীন তথা অত্যাৱশ্যকীয় সেৱাত কোনো প্ৰভাৱ নেপেলায় বুলি আৰক্ষীয়ে স্পষ্ট কৰি দিছে।