গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প, দেখা যাব এনে বিশেষ ৰূপত…

আজি দেশৰ ৰাজধানী চহৰৰ ৰাষ্ট্ৰীয় ৰংশালা শিবিৰত সংবাদ মাধ্যমৰ আগত এই প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। নিশ্চিতভাৱে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় পেৰেডত আশাৰীকান্দিৰ এই থলুৱা শিল্পই স্থান লাভে এই শিল্পকলাৰ সৈতে জড়িত লোকসকলৰ বাবে অনন্য স্বীকৃতি কঢ়িয়াই আনিছে।

গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প, দেখা যাব এনে বিশেষ ৰূপত...

কৰ্তব্য পথত জিলিকিব টেৰাকোটা শিল্প

Updated On: 

22 Jan 2026 | 08:05 PM

সমগ্ৰ দেশজুৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতি তুংগত। সাজু হৈ উঠিছে নতুন দিল্লীৰ কৰ্তব্য পথ। ভাৰতীয় সেনা বাহিনীৰ বীৰত্ব আৰু শৃংখলাবদ্ধতাৰ লগতে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় পেৰেডত জিলিকি উঠিব দেশৰ বৰ্ণময় সংস্কৃতি। এইবাৰ কৰ্তব্য পথত অসমৰ প্ৰতীকপটত (Tableau) জিলিকি উঠিব ধুবুৰী জিলাৰ আশাৰীকান্দিৰ বিশ্ববিখ্যাত টেৰাকোটা শিল্প। আজি দেশৰ ৰাজধানী চহৰৰ ৰাষ্ট্ৰীয় ৰংশালা শিবিৰত সংবাদ মাধ্যমৰ আগত এই প্ৰতীকপট প্ৰদৰ্শন কৰা হয়।

এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিষয়াসকলৰ লগতে ন’ডেল অফিচাৰ বিক্ৰম নেৱাৰ উপস্থিত থাকে। নিশ্চিতভাৱে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় পেৰেডত আশাৰীকান্দিৰ এই থলুৱা শিল্পই স্থান লাভে এই শিল্পকলাৰ সৈতে জড়িত লোকসকলৰ বাবে অনন্য স্বীকৃতি কঢ়িয়াই আনিছে।

প্ৰতীকপটৰ বিশেষত্বসমূহ

প্ৰতীকপটৰ মূল আকৰ্ষণ হ’ল এক বিশাল টেৰাকোটা মূৰ্তি, এই মূৰ্তিয়ে বৃত্তাকাৰ আৰ্হিত মাটিৰ চাকি কঢ়িয়াই নিব। ই পোহৰ, ধাৰাবাহিকতা আৰু ঐতিহ্যক প্ৰতিনিধিত্ব কৰিছে। দুয়োকাষে বাঁহৰ বেৰৰ সৈতে মাটিৰ শৰাই প্ৰদৰ্শন কৰা হৈছে। ই অসমৰ বাঁহ সম্পদ আৰু ইয়াৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা আৰ্থ-সামাজিক উন্নয়নৰ ছবিখন দাঙি ধৰিছে।

তলৰ অংশটো এক সুন্দৰ ময়ূৰপঙ্খী নাও হিচাপে সজোৱা হৈছে, যি অসমৰ নদীকেন্দ্ৰিক সংস্কৃতিৰ কথা সোঁৱৰাই দিয়ে। এই নাৱৰ ওপৰত শিল্পীসকলে ‘হীৰামাটি’ৰে গণেশ, কাৰ্তিক, দুৰ্গা, লক্ষ্মী আৰু সৰস্বতীৰ মূৰ্তি নিৰ্মাণ কৰি থকাৰ এক সজীৱ দৃশ্য ফুটাই তোলা হৈছে। নাওখনৰ পিছফালৰ অংশত এখন পৰম্পৰাগত ‘পাল’ লগোৱা হৈছে, যি অসমৰ সাংস্কৃতিক জীৱনত নদীৰ গুৰুত্বক প্ৰতিফলিত কৰিছে।

আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতীক আশাৰীকান্দি

এইবাৰৰ প্ৰতীকপটখন ‘আত্মনিৰ্ভৰ ভাৰত’ৰ ধাৰণাৰে প্ৰস্তুত কৰা হৈছে। আশাৰীকান্দি গাঁও কিদৰে নিজৰ পুৰণি কলা-সংস্কৃতিক জীয়াই ৰাখি স্বাৱলম্বী হ’ব পাৰি, তাৰ এক উৎকৃষ্ট উদাহৰণ। সাংস্কৃতিক উদ্যোগী হিচাপে কেনেকৈ এক পুৰণি পৰম্পৰাই একোটা অঞ্চলৰ অৰ্থনীতি সবল কৰিব পাৰে, সেয়া এই প্ৰতীকপটৰ জৰিয়তে উজ্বলাই তোলা হৈছে।

আশাৰীকান্দি কিয় বিখ্যাত?

ধুবুৰী জিলাত অৱস্থিত আশাৰীকান্দি হ’ল ভাৰতৰ সৰ্ববৃহৎ টেৰাকোটা আৰু মৃৎশিল্পৰ কেন্দ্ৰ। ইয়াত শ শ শিল্পী পৰিয়ালে বংশানুক্ৰমে এই শিল্প চৰ্চা কৰি আহিছে। ১৯ শতিকাৰ আৰম্ভণিতে পূব বংগৰ (বৰ্তমানৰ বাংলাদেশ) পৰা মৃৎশিল্পীসকল প্ৰব্ৰজন কৰি ইয়াত থিতাপি লৈছিল। তেওঁলোকে নিজৰ পৰম্পৰাক অসমৰ থলুৱা সংস্কৃতিৰ সৈতে মিলাই এক সুকীয়া শৈলীৰ সৃষ্টি কৰে।

এই শিল্পক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি দিছিল প্ৰয়াত সৰলা বালা দেৱীয়ে। তেওঁ ১৯৮২ চনত তেওঁৰ বিখ্যাত ‘হাতিমা পুতলা’ৰ (কোলাত কেঁচুৱা লৈ থকা এক নাৰীৰ মূৰ্তি) বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ২০২৪ চনৰ মাৰ্চ মাহত ধুবুৰীৰ টেৰাকোটা শিল্পই ‘জি আই টেগ’ লাভ কৰে। ইয়াৰ ফলত আশাৰীকান্দিৰ এই ঐতিহ্যই সমগ্ৰ বিশ্বতে এক নতুন মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।

অফিচৰ কামৰ সময়তো হেঁচা মাৰি ধৰে নেকি ভাগৰে? এই ৫টা মাত্ৰ সহজ টিপ্ছে দিব সকাহ
WIFI ৰ সম্পূৰ্ণ অৰ্থ কি? ইয়াৰ আৰম্ভণি কেনেকৈ হৈছে জানক
হনুমানক পূজা কৰিও ফল পোৱা নাই নেকি? তেন্তে প্ৰসন্ন কৰিবলৈ এই তেলৰ চাকি দিবলৈ নাপাহৰিব!
অমিতাৰ গুটি চোবাই খোৱাৰ উপকাৰিতা জানেনে?
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...