শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বশিষ্ঠ-যোৰাবাট আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল, জব্দ বহু সামগ্ৰী…

দুৰ্ধৰ্ষ ডকাইতৰ বিৰুদ্ধে যৌথ অভিযান গুৱাহাটীৰ বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীৰ। বিশষ্ঠ থানাৰ OC কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান। আটক ৯ জনক।

বশিষ্ঠ-যোৰাবাট আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ডকাইতৰ দল, জব্দ বহু সামগ্ৰী…
আৰক্ষীৰ জালত ডকাইতৰ দল
manas-borah
Manas Borah | Published: 24 Jul 2025 08:51 AM

এটা দুৰ্ধৰ্ষৰ ডকাইতৰ দলৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিছে আৰক্ষীয়ে। এই ডকাইতৰ দলটোৰ বিৰুদ্ধে যৌথ অভিযান চলাইছিল গুৱাহাটীৰ বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীয়ে। বিশষ্ঠ থানাৰ OC কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।

অভিযানত কপিল পাঠকৰ নেতৃত্বত আৰক্ষীয়ে যোৰাবাটৰ তেৰ মাইলত আটক কৰে ৯ টাকৈ দুৰ্ধৰ্ষ ডকাইতক। জানিব পৰা মতে, এই দলটো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ডকাইতিৰ কাণ্ডৰে জড়িত আছিল বুলি সন্দেহ কৰা হৈছে। নিশা এক গোপন সূত্ৰৰ তথ্যৰ পম খেদি এই দলটোক আটক কৰিবলৈ সক্ষম হয় বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীয়ে।

আৰক্ষীয়ে ডকাইতৰ দলটোক আটক কৰাৰ লগতে জব্দ কৰে এখন নম্বৰ প্লেট বিহীন ট্ৰাক, ডকাইতি কাৰ্যত ব্যৱহাৰ কৰা বহু সামগ্ৰী আৰু তিনিখন নম্বৰ প্লেট। ডকাইতি কাণ্ডৰে জড়িত থকা সন্দেহত আটক কৰা লোক কেইজন ক্ৰমে -মফিদুল আলি, গাজিয়া ৰহমান ,সমিৰ আলি, মমিনুৰ আলি, খাইৰুল হক, নিৰঞ্জন ৰাভা, মঞ্জুৰ আলি, ফজল হক আৰু মহৰ আলি ।

কোৱা হৈছে যে,ইয়াৰে মফিদুল আলি, গাজিয়া ৰহমান ,সমিৰ আলি আৰু মমিনুৰ আলিৰ ঘৰ গোৱালপাৰাত। খাইৰুল হক, নিৰঞ্জন ৰাভা আৰু মঞ্জুৰ আলিৰ ঘৰ বকোত । ফজল হক আৰু মহৰ আলিৰ ঘৰ ছয়গাঁওত।

আৰক্ষী সূত্ৰই জনোৱা মতে, অসমৰ বিভিন্ন প্ৰান্তত পূৰ্বেও বহুবাৰ ডকাইতি কৰি আটক হৈছিল এই লোক কেইজন। বহুবাৰ কাৰাগাৰলৈও প্ৰেৰণ কৰা হৈছিল আটক কৰা ডকাইত কেইজনক।