শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam Panchayat Election Results 2025: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা, বেলট পেপাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য

২ মে’ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন।এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা প্ৰায় ৯০ লাখ আৰু মহিলা ভোটাৰ আছে প্ৰায় ৮৯ লাখ। ১১ মে'ত পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোট গণনাৰ পৰ্ব । সহস্ৰাধিক ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। 

Assam Panchayat Election Results 2025: আজি ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা,  বেলট পেপাৰে নিৰ্ধাৰণ কৰিব প্ৰাৰ্থীৰ ভাগ্য
বৃহৎ জয়ৰ দিশে অগ্ৰগতি শাসকীয় বিজেপি আৰু মিত্ৰজোঁটৰ। পঞ্চায়ত নিৰ্বাচনত শোচনীয় পৰাজয়ৰ দিশে কংগ্ৰেছ। ইফালে শিৱসাগৰত অখিল গগৈৰ ৰাইজৰ দলৰ মুখঠেকেচা, বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে আগবাঢ়ি আছে অখিল গগৈৰ নিজৰ সমষ্টিত।
trishna-kalita
Trishna Kalita | Updated On: 11 May 2025 08:57 AM

আজি ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা। ২ মে’ আৰু ৭ মে’ত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল পঞ্চায়ত নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা আৱেলি  ৪.৩০ বজালৈ  অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া।   এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ১ কোটি ৮০ লাখ ৩৬ হাজাৰ ৬৮২ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ সংখ্যা প্ৰায় ৯০ লাখ আৰু মহিলা ভোটাৰ আছে প্ৰায় ৮৯ লাখ। ১১ মে’ত পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ভোট গণনাৰ পৰ্ব । সহস্ৰাধিক ভোটগণনা কেন্দ্ৰত অনুষ্ঠিত হৈছে পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা।

২ মে’ শুকুৰবাৰে প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৪ খন  জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ২১৬খন জিলা পৰিষদ, ৯৪খন আঞ্চলিক পঞ্চায়ত আৰু ১১৩৯খন গাঁও পঞ্চায়ত অনুষ্ঠিত ভোটগ্ৰহণ।  প্ৰথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা  ৮৯,৬০,৫৭৭ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৪,৬৬,৯৮৪ জন, মহিলা ভোটাৰৰ সংখ্যা ৪৪,৯৩,৪২৯ আৰু তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ১৬৪ গৰাকী বুলি জানিব পৰা গৈছে।।

ৰাজ্যিক নিৰ্বাচন আয়োগৰ বিবৃতি মতে, ১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ। ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল। প্ৰথম পৰ্যায়ত  ZPC ৰ ২১৬ খন আসন আৰু ZPC ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৫৬০ গৰাকী প্ৰাৰ্থীয়ে।

বুধবাৰে ৭ মে’ ৰাজ্য়ৰ পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচনটোৰ অন্তিম পৰ্যায়ত ৯১.৩১ লাখ ভোটাৰৰ ভিতৰত আনুমানিক ৫৬.৭১ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বুলি বিষয়াসকলে জানিবলৈ দিছে । ১৩ খন জিলাত পুৱা ৭:৩০ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৪.৩০ বজাত সমাপ্ত হয়। ভোটদানৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে যদিও ৫৬.৭১ শতাংশ ভোটাৰে বিয়লি ৩:৩০ বজালৈকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ।

দ্বিতীয় পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ (মেট্ৰ’), হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হয়। বঙাইগাঁও জিলাত সৰ্বাধিক ৬২.৭২ শতাংশ ভোটগ্ৰহণ হোৱাৰ বিপৰীতে কামৰূপ জিলাত সৰ্বনিম্ন ৫১.৩৩ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । দ্বিতীয় পৰ্যায়ৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ৯১,৩১,১২৭ জন, য’ত আছে ৪৬,৩০,৯২৪ জন পুৰুষ, ৪৪,৯৯,৯৫২ জন মহিলা আৰু ২৫১ জন। দ্বিতীয় পৰ্যায়ত জিলা পৰিষদ (জি পি) সংখ্যা ১৮১, আঞ্চলিক পৰিষদ (এ পি)ৰ আসন ৮৭ আৰু গাঁও পঞ্চায়ত (জি পি) ১০,৫৩০ খন। দ্বিতীয় পৰ্যায়ৰ বাবে মুঠ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

ইতিমধ্যে জিলা পৰিষদৰ ২১ খন আসন দখল কৰিছে বিজেপি আৰু মিত্ৰজোটে। আঞ্চলিক পঞ্চায়তৰো ১৯০ জন সদস্য বিজেপি মিত্ৰজোটৰ হাতলৈ বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে। প্ৰায় ডেৰ কোটি ভোটাৰে ভোটদান কৰিছিল এই পঞ্চায়ত নিৰ্বাচনত।