শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমক আৰু অনুপ্রৱেশকাৰীৰ বোজা ল’বলৈ দিয়া নহ’ব: কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰীয়ে কয়, ' নতুন বছৰত নতুন দেশত নিগাজী হোৱাৰ লক্ষ্যৰেই আহিছিল ১৮জনকৈ অনুপ্রৱেশকাৰী। এনে অভিপ্রায়ক বিফলতাৰ বাট দেখুৱাবলৈ আমাৰ আৰক্ষী সদা সষ্টম। ফলাফল হিচাপে শ্রীভূমি, হোজাই আৰু কার্বি আংলঙৰ পৰা আটাইকেইজনক সীমান্তৰ সিপাৰলৈ ওভতাই পঠোৱা হয়।'

অসমক আৰু অনুপ্রৱেশকাৰীৰ বোজা ল’বলৈ দিয়া নহ’ব: কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰীৰ
অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়ন
trishna-kalita
Trishna Kalita | Published: 01 Jan 2026 11:45 AM

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১ জানুৱাৰীত অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে তেওঁৰ চৰকাৰৰ কঠোৰ স্থিতি পুনৰবাৰ উল্লেখ কৰি কয় যে, বিগত এটা বছৰত ৰাজ্যখনে এক বৃহৎ অভিযান বুলি অভিহিত কৰাৰ পিছত ২০২৬ চনত ৰাজ্যখনে ‘পুছবেক’ অভিযান তীব্ৰতৰ কৰি তুলিব।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টযোগে ড০ শৰ্মাই কয়, ‘২০২৫ চনত অসমৰ পৰা বৃহৎ সংখ্যক অবৈধ বাংলাদেশী নাগৰিকক খেদি পঠিয়াবলৈ ব্যাপক “পুছ বেক” প্ৰচেষ্টা গ্ৰহণ কৰা হৈছিল।’ আগন্তুক কঠোৰ ব্যৱস্থাৰ সতৰ্কবাণী দি মুখ্যমন্ত্ৰীয়ে কয়, অনাগত বছৰত এই অভিযান অব্যাহত ৰখাৰ ক্ষেত্ৰত ৰাজ্য প্ৰশাসনে “নিৰ্দয়” হ’ব। অবৈধ অনুপ্ৰৱেশৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি সন্দৰ্ভত কৰি শৰ্মাই লিখিছে, ‘অসম আপোনাৰ প্ৰজনন ক্ষেত্ৰ নহয়।’

তেওঁ আৰু দাবী কৰি কয়, ‘”নতুন বছৰত নতুন দেশত নিগাজী হোৱাৰ লক্ষ্যৰেই আহিছিল ১৮জনকৈ অনুপ্রৱেশকাৰী। এনে অভিপ্রায়ক বিফলতাৰ বাট দেখুৱাবলৈ আমাৰ আৰক্ষী সদা সষ্টম। ফলাফল হিচাপে শ্রীভূমি, হোজাই আৰু কার্বি আংলঙৰ পৰা আটাইকেইজনক সীমান্তৰ সিপাৰলৈ ওভতাই পঠোৱা হয়।” লগতে কয়, আমাৰ স্থিতি স্পষ্ট— “অসমক আৰু অনুপ্রৱেশকাৰীৰ বোজা ল’বলৈ দিয়া নহ’ব”।

প্ৰব্ৰজন, সীমান্ত ব্যৱস্থাপনা, আৰু অবৈধ বিদেশী নাগৰিকক চিনাক্ত আৰু বিতাড়নৰ লক্ষ্যৰে ব্যৱস্থা ৰূপায়ণক লৈ অসমত ৰাজনৈতিক আৰু সামাজিক বিতৰ্ক অব্যাহত থকাৰ সময়তে এই বিবৃতি প্ৰকাশ কৰিছে মুখ্য়মন্ত্ৰীয়ে।

উল্লেখ্য যে, অক্টোবৰ মাহত অসম কেবিনেটে অবৈধ অনুপ্ৰৱেশকাৰীক ক্ষিপ্ৰতাৰে বহিষ্কাৰ কৰাৰ লগতে চুবুৰীয়া দেশৰ পৰা অব্যাহত থকা অনুপ্ৰৱেশ ৰোধ কৰিবলৈ জিলা উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসকলক ক্ষমতা প্ৰদান কৰাৰ লক্ষ্যৰে অনুপ্ৰৱেশকাৰী (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ৰ অধীনত ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছ অ’ পি) প্ৰণয়নত অনুমোদন জনায়।