Zubeen Garg death case: জুবিন গাৰ্গ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব লোক অধিবক্তা
জুবিন গাৰ্গ মৃত্যুৰ গোচৰত ৰাজ্য চৰকাৰে নিয়োগ কৰিব লোক অধিবক্তা। অতিৰিক্ত ভাৱে গোচৰটোত ৫ জন অভিজ্ঞ আৰু জ্যেষ্ঠ ক্ৰিমিনেল অধিবক্তাক নিয়োগ কৰিব চৰকাৰে।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শীঘ্ৰেই নিযুক্ত হ’ব বিশেষ লোক অধিবক্তা। বিশেষ লোক অধিবক্তাৰ নাম চূড়ান্ত কৰিছে চৰকাৰে। আৰক্ষীয়ে দিয়া চাৰ্জশ্বীটৰ ভিত্তিত অভিযুক্তক দোষী সাব্যস্তৰ বাবে চলিব যুঁজ। অতিৰিক্ত ভাৱে গোচৰটোত ৫ জন অভিজ্ঞ আৰু জ্যেষ্ঠ ক্ৰিমিনেল অধিবক্তাক নিয়োগ কৰিব চৰকাৰে। ইতিমধ্যে ৭-৮ জনীয়া এখন জ্যেষ্ঠ অধিবক্তাৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। এই দলটোৱে আগন্তুক সময়ত আদালতত আগুৱাই নিব গোচৰটো।
আদালতত আৰক্ষীয়ে দিয়া চাৰ্চশ্বীট ভিত্তিত দোষী সাব্যস্তৰ বাবে চলিব যুঁজ। এই যুঁজত সহায় কৰিব লোক অধিবক্তাই। ৯ জানুৱাৰীত কেবিনেট বৈঠকৰ তালিকাখনৰ পৰা নিৰ্বাচন কৰিব ৫ জন অধিবক্তা। ইতিমধ্যে তালিকাত অন্তৰ্ভুক্ত হৈছে অধিবক্তা জিয়াউল কামাৰ,পল্লৱ কটকীৰ নাম।
জুবিন গাৰ্গ মৃত্যুৰ গোচৰত অসম চৰকাৰে লোক অধিবক্তা (Special Public Prosecutor) নিয়োগ কৰাৰ মূল উদ্দেশ্য হৈছে, গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ত্বরান্বিত কৰা আৰু ন্যায় নিশ্চিত কৰা। এই গোচৰত ন্যায় বিচাৰি জনসাধাৰণৰ চাপ আৰু প্ৰতিক্ৰিয়াৰ ফলত চৰকাৰে এই পদক্ষেপ লৈছে, লগতে গোচৰটোৰ বাবে বিশেষ ফাস্ট-ট্ৰেক আদালতৰো দাবী উঠিছে।
উল্লেখ্য যে, পত্নী গৰিমা শইকীয়া গাৰ্গেও মুখ্যমন্ত্ৰীক অতিৰিক্ত অধিবক্তা নিয়োগৰ বাবে জনাইছিল আবেদন। সামাজিক মাধ্যমত সেই আবেদন মুকলিকৈ শ্বেয়াৰ কৰিছিল গৰিমাই।
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগৰ সিদ্ধান্ত চৰকাৰৰ। ১৯ ছেপ্টেম্বৰত চিংগাপুৰত প্ৰকৃততে কি হৈছিল আজিও যেন অসমবাসীৰ বাবে এক সাঁথৰ হৈ আছে। সেয়ে সকলোৱে বিচাৰিছে সোনকালে দোষীয়ে উচিত শাস্তি পোৱাটো।