সংৰক্ষণ কৰা হ’ব ৰাজ্যৰ নগৰ-চহৰৰ জলাশয়: কৃত্রিম বান প্ৰতিৰোধৰ বাবে আহিব নতুন আইন!
নগৰ তথা চহৰৰ অঞ্চলত হৈ থকা কৃত্রিম বানপানী প্ৰতিৰোধৰ বাবে এখন নতুন বিল এইবাৰ বিধানসভাত উত্থাপন কৰা হ'ব । অসম নগৰ এলেকা জলাশয় সংৰক্ষণ আৰু সংবৰ্দ্ধন বিধেয়ক-২০২৪ আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয় । এই বিধেয়কৰ যোগেদি ৰাজ্যৰ সকলো নগৰাঞ্চলৰ সকলো জলাশয় ইয়াৰ অন্তৰ্ভুক্ত হ’ব । সকলো প্ৰাকৃতিক জান-জুৰি ইয়াত অন্তৰ্ভুক্ত হৈছে ।
শীঘ্ৰে ৰাজ্যত আহি আছে নতুন আইন। এতিয়া ইচ্ছা কৰিলেই পুতিব নোৱাৰিব আপোনৰ ব্যক্তিগত পুখুৰীটো। এই সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ সপ্তাহিক কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বিষয়ে সংবাদ মেলৰ আগত অৱগত কৰিছে ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্তই।
নগৰ তথা চহৰৰ অঞ্চলত হৈ থকা কৃত্রিম বানপানী প্ৰতিৰোধৰ বাবে এখন নতুন বিল এইবাৰ বিধানসভাত উত্থাপন কৰা হ’ব । অসম নগৰ এলেকা জলাশয় সংৰক্ষণ আৰু সংবৰ্দ্ধন বিধেয়ক-২০২৪ আগন্তুক বিধানসভাৰ অধিৱেশনত উত্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয় । এই বিধেয়কৰ যোগেদি ৰাজ্যৰ সকলো নগৰাঞ্চলৰ সকলো জলাশয় ইয়াৰ অন্তৰ্ভুক্ত হ’ব । সকলো প্ৰাকৃতিক জান-জুৰি ইয়াত অন্তৰ্ভুক্ত হৈছে । ইয়াত চৰকাৰী জলাশয়ৰ উপৰি ২ একৰৰ ওপৰৰ ব্যক্তিগত জলাশয়ো থাকিব । ইয়াৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ত দুখনকৈ কমিটী গঠন কৰা হ’ব।
বিধেয়কখনত থকা মুখ্য ব্যৱস্থা:
- অসমৰ অধিসূচিত মাষ্টাৰ প্লেন এলেকাৰ ভিতৰত পৰা জলাশয়সমূহ (প্রাকৃতিক পানীৰ প্ৰণালী অন্তর্ভুক্ত হ’ব)ৰ সংৰক্ষণ, সুৰক্ষা, পুনৰুজ্জীবিতকৰণ, নিয়ন্ত্ৰণ আৰু তত্ত্বাবধানৰ ব্যৱস্থা কৰিব
- মাষ্টাৰ প্লেন এলেকাৰ ভিতৰত থকা সকলো জলাশয় অনুসূচিত কৰা হ’ব আৰু ডাগ নম্বৰ আৰু গাঁওসমূহৰ বিৱৰণৰ সৈতে জাননী দিয়া হ’ব, যাৰ ফলত সংশ্লিষ্ট সকলোৰে বাবে নিৰ্ধাৰণ কৰা আৰু বেদখলকাৰীৰ পৰা সুৰক্ষিত কৰা সহজ হ’ব
- ই কর্তৃপক্ষক জলাশয়সমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উপযুক্ত আঁচনি আৰু প্রকল্প প্রস্তুত কৰাৰ লগতে এক কাৰ্য পৰিকল্পনা কৰিবলৈ সক্ষম কৰি তুলিব
- জলাশয়সমূহৰ সৈতে সম্পর্কিত সকলো তথ্য জি আই এছ প’র্টেলত আপলোড কৰা হ’ব, যাৰ জৰিয়তে জলাশয়বোৰৰ তথ্যৰ সম্পৰ্কত স্বচ্ছতা অনা সম্ভব হ’ব
- ২ একৰ বা ততোধিক এলেকাৰে সমৃদ্ধ সকলো ব্যক্তিগত জলাশয় আৰু ধর্মীয় অনুষ্ঠানৰ সৈতে জড়িতকে ধৰি সকলো সামূহিক জলাশয়/পুখুৰী/খাল ইয়াৰ আকাৰ নির্বিশেষে এই বিধেয়কৰ পৰিধিৰ অধীনত পৰিব।কেৱল ২ একৰৰ কম এলেকা থকা ব্যক্তিগত জলাশয়সমূহ আৰু সংৰক্ষিত বনাঞ্চল/বন্যপ্রাণী অভয়াৰণ্য/ৰাষ্ট্ৰীয় উদ্যান হিচাপে জাননী দিয়া এলেকাবোৰত থকা জলাশয়সমূহক ইয়াৰ আওতাৰ বাহিৰত ৰখা হৈছে
- জলাশয়সমূহৰ সুৰক্ষা আৰু সংৰক্ষণে জলাশয়সমূহৰ ধাৰণ ক্ষমতা শক্তিশালী কৰি স্থানীয় পয় প্ৰণালীৰ ব্যবস্থাকো শক্তিশালী কৰিব, যাৰ ফলত অসমৰ চহৰ আৰু নগৰসমূহত আকস্মিক বানপানীৰ সমস্যা হ্রাস পাব
- এই বিধেয়কৰ অধীনত দুই পৰ্যায়ৰ সমিতি থাকিব- এটা জিলা পৰ্যায়ত আৰু এটা ৰাজ্যিক পর্যায়ত। জিলা পৰ্যায়ৰ সমিতিয়ে অনুসূচীত প্ৰকাশৰ বাবে সকলো জলাশয় চিনাক্তকৰণৰ হেতু এক বিতং জৰীপ প্ৰস্তুত কৰিব
- আইনখন কার্যকৰী হোৱাৰ পাছত, ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ আগতীয়া অনুমোদন অবিহনে জলাশয় হিচাপে চিনাক্ত কৰা যিকোনো ভূমি আবণ্টনৰ বাবে কোনো কর্তৃপক্ষই আবণ্টন বা কোনো ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিব।
আনহাতে আবর্জনা পেলোৱা, নির্মাণ আদি কার্যকলাপ নিষিদ্ধ কৰা হ’ব - আইনখনৰ যিকোনো বিধি উলংঘা কৰাটো এক শাস্তিযোগ্য অপৰাধ হিচাপে বিবেচিত হ’ব, যাৰ অধীনত তিনি বছৰৰ কাৰাদণ্ড বা ১ লাখ টকা জৰিমনা বা উল্লিখিত দুয়োটা শাস্তিৰ ব্যৱস্থা থাকিব।
লগতে অপৰাধী হিচাপে বিবেচিতজনে জলাশয়টো ইয়াৰ মূল স্থিতিলৈ পুনৰুদ্ধাৰ কৰিব লাগিব
In today’s meeting of the #AssamCabinet, we resolved to
👉Preserve our natural wetlands in urban areas through the Assam Urban Water Bodies (Preservation and Conservation) Bill, 2024
👉Transfer management of 33 Pension Sewa Kendras to Education Dept pic.twitter.com/FFCc96hIyB— Himanta Biswa Sarma (@himantabiswa) August 13, 2024
ইয়াৰ উপৰিও পেঞ্চন প্ৰক্ৰিয়াকৰণৰ ডিজিটেল স্থিতি উন্নত কৰিবলৈ কেবিনেটে বিশেষ সিদ্ধান্ত লৈছে। ১ ছেপ্টেম্বৰ, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ প্রশাসনিক সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ ৩৩টা পেঞ্চন সেৱা কেন্দ্ৰ পৰিচালনাৰ দায়িত্ব বিদ্যালয় শিক্ষা বিভাগক প্ৰদানৰ প্ৰস্তাৱত অনুমোদন জনাইছে।