শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বঙাইগাঁও উচ্ছেদৰ পৰা মহিলা বিশ্বকাপলৈ… থোৰতে চাওক দিনটোৰ কেইটামান চৰ্চিত খবৰ

আজি বঙাইগাঁৱত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। নানকাৰ গাঁৱৰ ৪৪ বিঘা মাটিত চলোৱা হয় এই উচ্ছেদ। মাটিখিনিত বাস কৰিছিল ২৯ টাকৈ পৰিয়ালে। ইয়াৰ পূৰ্বেই তেওঁলোকক মাটি খালী কৰিবলৈ জাননী জাৰি কৰিছিল প্ৰশাসনে।

বঙাইগাঁও উচ্ছেদৰ পৰা মহিলা বিশ্বকাপলৈ… থোৰতে চাওক দিনটোৰ কেইটামান চৰ্চিত খবৰ
দিনটোৰ চৰ্চিত খবৰImage Credit source: PTI
monjit-dutta
Monjit Dutta | Updated On: 30 Oct 2025 20:49 PM

আজিৰ দিনটোতে ২০০৮ চনত ধাৰাবাহিক বিস্ফোৰণে ৰাজ্য জোকাৰি গৈছিল। এই অভিশপ্ত দিনটোৰ ভয়াৱহতা এতিয়াও পাহৰিব পৰা নাই ৰাজ্যবাসীয়ে। ইফালে ৰাজ্যত আজি পুনৰ চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। বঙাইগাঁৱত নানকা গাঁৱত আজি উচ্ছেদ অভিযান চলায় প্ৰশাসনে। আনহাতে মহিলা বিশ্বকাপত ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমিফাইনেলক লৈ ক্ৰিকেট বিশ্বত আজি চলিছে ব্যাপক চৰ্চা। চাওঁ আহক আজি দিনটোৰ কেইটামান চৰ্চিত খবৰ।

  1. আজি অভিশপ্ত ৩০ অক্টোবৰ। ২০০৮ চনৰ এই দিনটোতেই তেতিয়াৰ নিষিদ্ধ ঘোষিত বড়ো উগ্ৰপন্থী সংগঠন এন ডি এফ বিয়ে ধাৰাবাহিক বোমা বিস্ফোৰণ সংঘটিত কৰিছিল অসমৰ ৯ টাকৈ স্থানত। এই ঘটনাত নিহত হৈছিল ৮১ গৰাকী লোক। তাৰোপৰি ঘূণীয়া হৈছিল ৪৭০ জন। এই ঘটনাৰ মাষ্টাৰমাইণ্ড আছিল সংগঠনটোৰ তদানীন্তন মূৰব্বী ৰঞ্জন দৈমাৰী।
  2. নৱেম্বৰ মাহৰ প্ৰথম ভাগতে অসমলৈ আহিব দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী। অহা ৭ নৱেম্বৰত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শনৰ লগতে কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আনহাতে ৯ নৱেম্বৰত অসম ভ্ৰমণ কৰিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।
  3. আজি জুবিন ক্ষেত্ৰত উপস্থিত হয় পত্নী গৰিমা গাৰ্গসহ নিৰ্মাণ সমিতিৰ সদস্যসকল। জুবিন ক্ষেত্ৰত সুৰাপান বা আন কোনো অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰিবলৈ সকলোকে আহ্বান জনালে গৰিমা শইকীয়া গাৰ্গে।
  4. জুবিন গাৰ্গক ভাৰতৰত্ন প্ৰদানৰ দাবীৰে আজি এক সংবাদমেল সম্বোধন কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ইয়াৰ লগতে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত পোষ্ট মেল’নৰ গুৱাহাটীৰ কনছাৰ্ট বাতিলৰ দাবী অজাপৰ।
  5. এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ মন প্ৰাক্তন সাংসদ ৰাণী নৰহৰ। ইতিমধ্যে সংবাদমেল সম্বোধন কৰি নিজেই প্ৰাৰ্থিত্ব ঘোষণা কৰিছে নেত্ৰীগৰাকীয়ে। লখিমপুৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচন খেলিব বুলি ঘোষণা কৰে ৰাণী নৰহে।
  6. আজি বঙাইগাঁৱত উচ্ছেদ অভিযান চলায় প্ৰশাসনে। নানকাৰ গাঁৱৰ ৪৪ বিঘা মাটিত চলোৱা হয় এই উচ্ছেদ। মাটিখিনিত বাস কৰিছিল ২৯ টাকৈ পৰিয়ালে। ইয়াৰ পূৰ্বেই তেওঁলোকক মাটি খালী কৰিবলৈ জাননী জাৰি কৰিছিল প্ৰশাসনে।
  7. হোজাইৰ মোৰাঝাৰত নকল সোণসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰীক। লখিমপুৰৰ বিহপুৰীয়াৰ আকবৰ আলী আৰু মোৰাঝাৰৰ বিলাল উদ্দিন নামৰ সৰবৰাহকাৰী দুটাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ পৰা উদ্ধাৰ কৰা নকল সোণৰ নাওখনৰ ওজন প্ৰায় ১.৬ কিলোগ্ৰাম।
  8. বঙাইগাঁৱত নিকৃষ্ট কাণ্ড। খেৰ কিনিবলৈ যোৱা পাঁচজন লোকক গৰু চুৰিৰ সন্দেহত হাত-ভৰি বান্ধি মাৰধৰ কৰে একাংশ লোকে। পিছত আৰক্ষীৰ উপস্থিতিত তেওঁলোকক উদ্ধাৰ কৰা হয় যদিও এজনৰ হাস্পতালত মৃত্যু ঘটে।
  9. আজি অনুষ্ঠিত হৈছে আইচিচি মহিলা বিশ্বকাপৰ দ্বিতীয়খন ছেমিফাইনেল। খেলখনত মুখামুখি হৈছে অষ্ট্ৰেলিয়া আৰু ভাৰত। প্ৰথমে বেটিং কৰি অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ৫০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩৩৮ ৰাণ সংগ্ৰহ কৰে।