শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Rashifal: মাহৰ শেষৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's Rashifal: হিন্দু ধৰ্ম অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটোত কিছুমান ৰাশিৰ লোকৰ কিছু প্ৰত্যাহ্বান আহিব পাৰে। ইয়াৰ বিপৰীতে কিছুমানৰ ধন লাভৰ যোগ আছে।

Today’s Rashifal: মাহৰ শেষৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 31 Oct 2025 06:00 AM

আজি ৩১ অক্টোবৰ, শুকুৰবাৰ। আজিৰ দিনটো আপোনাৰ কেনে যাব, তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজি আপোনাৰ বাবে দিনটো শুভ হ’ব। আৰ্থিক দিশত লাভ হ’ব। পাৰিবাৰিক জীৱন সুখময় হ’ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। ব্যৱসায়ৰ বাবে কোনো যাত্ৰালৈ যাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ আজি কৰ্মক্ষেত্ৰত কোনো লাভ হ’ব পাৰে। ভাই ভগ্নীৰ সমৰ্থনত ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। কোনো ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। কোনো খবৰে আপোনাক চিন্তিত কৰিব পাৰে। ধনৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে।

মিথুন ৰাশিঃ আজিৰ দিনটোত আপুনি কোনো চিন্তাত থাকিব পাৰে। কৰ্মক্ষেত্ৰত ভাল। সিদ্ধান্ত ভাবি চিন্তি লোৱা প্ৰয়োজন। অধিক খৰচ হ’ব পাৰে। ধনৰ লগত জড়িত সমস্যা সমাধানৰ চেষ্টা কৰিব। পৰিয়ালত সমস্যা আহিব পাৰে।

কৰ্কট ৰাশিঃ আজি আপোনাৰ দিনটো ব্যস্ততাপূৰ্ণ হ’ব। আৰ্থিক দিশটো সাধাৰণ হ’ব পাৰে। কোনো বিশেষ ব্যক্তিক লগ পাব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। প্ৰেমত শুভ।

সিংহ ৰাশিঃ আজি আপুনি ধৈৰ্য আৰু শান্তি মনেৰে কাম কৰা প্ৰয়োজন। পৰিয়াল আৰু কৰ্মক্ষেত্ৰত অধিক কাম থাকিব পাৰে। জ্যেষ্ঠজনৰ সৈতে মতানৈক্য হ’ব পাৰে। ধনৰ লগত জড়িত বিষয়ত সাৱধান থাকিব। ৰৈ থকা কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা।

কন্যা ৰাশিঃ আজি আপোনাৰ দিনটো প্ৰত্যাহ্বানমূলক হ’ব পাৰে। কৰ্মক্ষেত্ৰত সাৱধান চলা ভাল। ব্যৱসায়ত লোকচান হোৱাৰ সম্ভাৱনা আছে। ধনৰ লগত জড়িত সিদ্ধান্ত ভাবি চিন্তি গ্ৰহণ কৰিব। প্ৰেমত ভাল বেয়াৰ মাজেৰে পাৰ হ’ব।

তুলা ৰাশিঃ আজি আপোনাৰ দিনটো আনন্দময় হ’ব। ভাগ্যই লগ দিব। কলা, ফেশ্যন, বিউটি আদিত জড়িতসকলে ভাল ফল লাভ কৰিব। আবেগক নিয়ন্ত্ৰণত ৰাখক। প্ৰেমত ভাল। কোনো ভাল খবৰ পাব পাৰে। স্বাস্থ্যত গুৰুত্ব দিব।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ’ব পাৰে। চৰকাৰী কামত সফলতা লাভ কৰিব। চাকৰি বিচাৰি থকাসকলে ভাল খবৰ লাভ কৰিব। সংগীৰ সহায় লাভ কৰিব। ধৰ্মীয়া কাম-কাজত মনোযোগ বাঢ়িব।

ধনু ৰাশিঃ ধন সম্পৰ্কীয় সিদ্ধান্ত লওতে সাৱধান হ’ব। দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। মন নেতিবাচক হ’ব। কামত মন দিয়া প্ৰয়োজন। অন্যথা সমস্যা আহিব পাৰে। কোনো সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন।

মকৰ ৰাশিঃ আজি আপুনি সন্মান লাভ কৰিব। আৰ্থিক সমস্যা আহিব। সময়মতে কাম সম্পূৰ্ণ কৰা দৰকাৰ। সফলতাত বাধা আহিব পাৰে। পাৰিবাৰিক কোনো নতুন দায়িত্ব লাভ কৰিব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন। প্ৰেমত শুভ।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো ৰোগ আছিল যদি আৰাম লাভ কৰিব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। পৰিয়ালৰ সহায় লাভ কৰিব। শিক্ষাৰ্থীসকলৰ বাবে শুভ।

মীন ৰাশিঃ দিনটো আপুনি ব্যস্ত থাকিব। দুৰ্বল অনুভৱ কৰিব পাৰে। কামত লেহেমীয়া হোৱাৰ সম্ভাৱনা আছে। কোনো ভাল খবৰ লাভ কৰিব পাৰে। বৈবাহিক জীৱন সুখৰ হ’ব। সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।