কেঁচা পিঁয়াজ খোৱাৰ উপকাৰিতা, জানক...

30  OCT 2025

TV9 ASSAM

পিয়াঁজ প্ৰায় প্ৰতিগৰাকী ভাৰতীয়ৰ পাকঘৰৰ এক গুৰুত্বপূৰ্ণ অংশ। খাদ্য ৰন্ধাৰ পৰা আৰম্ভ কৰি ইয়াক কেঁচা খোৱাও হয়। পিয়াঁজ অবিহনে আমিষ খাদ্যৰ ৰন্ধন প্ৰক্ৰিয়া আধৰুৱা বুলিব পাৰি।

পিঁয়াজ

গোন্ধৰ বাবে বহুতে কেঁচা পিয়াঁজ নাখায়। পিছে পিয়াঁজৰ আছে বহু উপকাৰী গুণ। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে কেঁচা পিয়াঁজে মানুহক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে।

উপকাৰ

পিয়াঁজে ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰিব পাৰে। ডায়েবেটিকসকলে সেয়ে পিয়াঁজ খায়। ইয়াৰোপৰি পিয়াৰ আৰু বহু গুণ আছে যিয়ে মানুহক বিভিন্ন দিশৰ পৰা স্বাস্থ্য সম্পৰ্কীয় সুৰক্ষা দিয়ে।

গুণ

কেঁচা পিয়াঁজত ভিটামিন চি থাকে। ইয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। লগতে ই বতৰ অনুযায়ী হোৱা বেমাৰৰ পৰা শৰীৰক ৰক্ষা কৰে।

ভিটামিন চি

কেঁচা পিয়াঁজ হৃদযন্ত্ৰৰ বাবে ভাল। ই ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণত ৰাখে। ইয়াৰ লগতে ই কেলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

হৃদযন্ত্ৰ

কেঁচা পিয়াঁজত ভিটামিন চি, বি৬, ফোলেট আৰু পোটেছিয়ামৰ দৰে পুষ্টিকৰ উপাদান থাকে। যিয়ে শৰীৰৰ স্বাস্থ্য ভালে লাগে। লগতে গৰমৰ দিনত ই শৰীৰক ঠাণ্ডা কৰি ৰাখে।

পুষ্টিকৰ উপাদান

বহু গৱেষণাত পোহৰলৈ আহিছে যে পিয়াঁজত কৰ্কট ৰোধী গুণ আছে। কিছুমান প্ৰকাৰৰ কেন্সাৰত পিয়াঁজ উপকাৰী।  ইয়াৰোপৰি ই পাচনতন্ত্ৰ শক্তিশালী কৰি ৰাখে।

কৰ্কট

পঢ়িবলৈ ক্লিক কৰক 

হৃদযন্ত্ৰ ভালে ৰখাৰ অভ্যাস