শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বঙাইগাঁও জিলাৰ ধনতোলাৰ নানকাৰগাঁৱত উচ্ছেদ অভিযান...

বঙাইগাঁও জিলাৰ ধনতোলাৰ নানকাৰগাঁৱত উচ্ছেদ অভিযান…

barasha-sarma
Barasha Sarma | Updated On: 30 Oct 2025 17:22 PM

আজি বঙাইগাঁৱত চলে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৪৪ বিঘা মাটিত চলে উচ্ছেদ। বছৰ বছৰ ধৰি একাংশ লোকে মাটি অধিগ্ৰহণ কৰি আহিছিল। এই সন্দৰ্ভত মাটিৰগৰাকীয়ে আদালতত গোচৰ ৰুজুও কৰিছিল।

বঙাইগাঁও জিলাৰ ধনতোলাৰ নানকাৰগাঁৱত আজি চলে প্ৰশাসনৰ উচ্ছেদ অভিযান। প্ৰায় ৪৪ বিঘা মাটিত চলাই এই উচ্ছেদ অভিযান। একাংশ লোকে প্ৰায় ৪০ বছৰ ধৰি ইয়াত বসবাস কৰি আছিল। কিন্তু মাটিৰ গৰাকীয়ে উক্ত ৪৪ বিঘা মাটিৰ বাবে আদালতত গোচৰ ৰুজু কৰে।

এই ৪৪ বিঘা মাটিত ২৯ ঘৰ পৰিয়ালে বসবাস কৰি আহিছে। পূৰ্বতে প্ৰশাসনে বসবাস কৰি থকা লোকসকলক ভূমি এৰি যাবলৈ জাননী জাৰি কৰিছিল। জাননী পাই অধিগ্ৰহণ কৰি থকা লোকসকলে নিজে নিজে বাসগৃহ সমূহ ভাঙিবলৈ আৰম্ভ কৰিছিল। তাকে দেখি প্ৰশাসনে উচ্ছেদ অভিযান বন্ধ কৰিছিল যদিও পিছত আকৌ ভূমি দখলকাৰীসকলে পূৰ্বৰ স্থানতে বসবাস কৰিবলৈ লয়। যাৰ বাবে আজি পুনৰ উচ্ছেদ চলে।