শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দিল্লীত এবছৰ মুক্তভাৱে কটালে শ্বেখ হাছিনাই, কেতিয়া উভতিব নিজৰ মাতৃভূমিলৈ?

দিল্লীত এবছৰ মুক্তভাৱে কটালে শ্বেখ হাছিনাই, কেতিয়া উভতিব নিজৰ মাতৃভূমিলৈ?

raj-saikia
Raj Saikia | Published: 30 Oct 2025 19:59 PM

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়াও আশা কৰিছে যে বাংলাদেশত ভৱিষ্যতে আৱামী লীগে বিৰোধী হিচাপে হ'লেও ভূমিকা ল’ব। ঘৰলৈ উভতি যোৱাৰ কিবা পৰিকল্পনা আছে নেকি বুলি সোধাত শ্বেখ হাছিনাই কয়, “অৱশ্যেই মই ঘৰলৈ উভতি যাব বিচাৰিম, কিন্তু বৈধ চৰকাৰৰ অধীনত আৰু য’ত সংবিধান সুৰক্ষিত থাকিব, তাতেই প্ৰকৃত আইন-শৃংখলা থাকে।”

৫ আগষ্ট, ২০২৪। অগ্নিগৰ্ভা বাংলাদেশ। ভয়ানক ৰূপ লৈছিল ছাত্ৰ আন্দোলনে। কেউফালে হিংসা, জুই, গুলীবৰ্ষণ…এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল বাংলাদেশত। প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ছাত্ৰ আন্দোলন সন্দৰ্ভত কৰা ‘ৰাজাকাৰ’ শীৰ্ষক মন্তব্যই যেন ঘিউ ঢালিছিল প্ৰতিবাদৰ জুইত। পৰিস্থিতি যেতিয়া নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়, সেইদিনাই দুপৰীয়া সেনাৰ হেলিকপ্টাৰত উঠা দেখা গ’ল শ্বেখ হাছিনাক। বাংলাদেশ এৰিলে শ্বেখ হাছিনাই।

দেশ এৰি যোৱাৰ পূৰ্বে হাছিনাই পদত্যাগ কৰে প্ৰধানমন্ত্ৰীৰ পদৰ পৰা। তাৰ পিছত তেওঁ আশ্ৰয় লয় ভাৰতত। এই ঘটনাৰ এবছৰ পাৰ হ’লেও নিজৰ দেশলৈ ঘূৰি যোৱা নাই প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী। সঁচাকৈয়ে শ্বেখ হাছিনা কেতিয়াও বাংলাদেশলৈ ঘূৰি নাযাব নেকি?

যোৱা বছৰ বাংলাদেশ চৰকাৰৰ পতন আৰু নতুন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছৰে পৰা শ্বেখ হাছিনা ভাৰতত আছে। আত্মগোপন কৰিবলীয়া হৈছে হাছিনাই। তেওঁক কেতিয়াও ৰাজহুৱা স্থানত দেখা পোৱা নাই। এতিয়া হাছিনাই নিজেই কৈছে যে তেওঁ যোৱা বছৰৰ পৰা দিল্লীত আছে। ইমেইলৰ জৰিয়তে প্ৰথমবাৰৰ বাবে তিনিটা আন্তঃৰাষ্ট্ৰীয় সাক্ষাৎকাৰ দিছে হাছিনাই।

ৰয়টাৰ, এ এফ পি আৰু দ্য ইণ্ডিপেণ্ডেণ্টৰ সৈতে হোৱা সাক্ষাৎকাৰত বংগ বন্ধু শ্বেখ মুজিবৰ ৰহমানল কন্যা হাছিনাই কয় যে দিল্লীত মুক্ত হ’লেও তেওঁ নিশ্চিতভাৱে নিজৰ দেশলৈ উভতি যাব বিচাৰে। কিন্তু যদিহে নিৰ্বাচন হয় আৰু তেওঁৰ দল আৱামী লীগ অবিহনে চৰকাৰ গঠন হয়, তেন্তে সেই চৰকাৰৰ অধীনত তেওঁ কেতিয়াও বাংলাদেশলৈ ঘূৰি নাযায়।