Assam Flood Alert: অসম-অৰুণাচলত প্ৰচণ্ড বৰষুণ ! সজাগ হৈ থাকক নদীৰ পাৰ, নিম্নভূমিত বাস কৰা লোকসকল…মুখ্যমন্ত্ৰীৰ বিশেষ সতৰ্কবাণী…
ধাৰাসাৰ বৰষুণৰ ফলত নদীৰ পাৰ আৰু নিম্নভূমিত ভয়াবহ বান পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে । ইতিমধ্যে নদী পাৰ আৰু নিম্নভূমিত বসবাস কৰা ৰাজ্যৰ সকলো লোককে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উত্তৰ-পূবত বতৰে লৈছে কালৰূপ । ইয়াৰ ফলত নদীৰ পাৰ আৰু নিম্নভূমিত ভয়াবহ বান পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে । ইতিমধ্যে নদী পাৰ আৰু নিম্নভূমিত বসবাস কৰা ৰাজ্যৰ সকলো লোককে সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । দেওবাৰেও ৰাজ্যৰ কেইখনো জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ হোৱা দেখা গৈছে । যাৰ পৰিপ্ৰেক্ষিততে নদীৰ পাৰ আৰু নিম্নভূমিত বসবাস কৰা লোকসকলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমমন্ত্ৰীগৰাকীয়ে এক্স হেণ্ডেলৰ দিয়া এটা পোষ্টত বান সতৰ্কবাণী জাৰি কৰি উল্লেখ কৰিছে যে, অৰুণাচল প্ৰদেশৰ কিবিটু (17 cm), হাউলিয়াং (15 cm) আৰু কলাকটাং (10 cm) ত প্ৰচণ্ড বৰষুণৰ তথ্য পোৱা গৈছে । ইয়াৰ ফলত তলৰ নদীৰ জলপৃষ্ঠ তীব্ৰভাৱে বৃদ্ধি পাব পাৰে।
🚨 Flood Alert for Assam 🚨
Heavy rainfall in Arunachal Pradesh — Kibitoo (17 cm), Hayuliang (15 cm), Kalaktang (10 cm) — may lead to a sharp rise in river levels downstream.
Assam already witnessing intense rain in Silchar (42 cm), Karimganj (35 cm), Hailakandi (30 cm) and in…
— Himanta Biswa Sarma (@himantabiswa) June 1, 2025
তেওঁ লগতে কয়, “অসমত ইতিমধ্যে শিলচৰ (42 cm), কৰিমগঞ্জ (35 cm), হাইলাকান্দি (30 cm)ত প্ৰচণ্ড বৰষুণ হৈছে। নিম্ন আৰু নদীৰ পাৰৰ অঞ্চলৰ লোকসকলক সজাগ হৈ থাকিবলৈ আৰু স্থানীয় পৰামৰ্শ মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে। সুৰক্ষিত থাকক, সাজু থাকক।”
দেওবাৰে অসমৰ বান পৰিস্থিতিয়ে ভয়াৱহ ৰূপ লোৱা দেখা গৈছে । প্ৰকাশিত খবৰ অনুসৰি, এতিয়াও ৰাজ্যখনৰ ১০খন বৃহৎ নদী বিপদ সীমাৰ ওপৰেৰে বৈ যোৱাৰ লগতে এতিয়ালৈকে ১৫ খনতকৈও অধিক জিলাত ৭৮ হাজাৰ লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে । লগতে ৰাজ্যত এই পৰ্যন্ত বান আৰু ভূমিস্খলনত ৮ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। পথ পৰিবহণ, ৰে’ল চলাচল আৰু ফেৰী সেৱাও বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বুজ লয় । ইয়াৰ লগতে দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যখনক সকলো সাহায্য আগবঢ়োৱা আশ্বাস দিয়ে গৃহমন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক : মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
লগতে পঢ়ক : ব্যাহত ৰে’ল-পথ পৰিবহণ ব্যৱস্থা, বান-ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৰাজ্যখনৰ ৮ জন লোকে…