মুখ্যমন্ত্ৰীলৈ অমিত শ্বাহৰ ফোন, দুৰ্যোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যক সকলো সহায়ৰ আশ্বাস কেন্দ্ৰৰ
মুখ্যমন্ত্ৰীক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ লগতে প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে গৃহমন্ত্ৰীগৰাকীয়ে ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে । ইয়াৰ লগতে প্ৰয়োজনীয় সকলো সাহায্য আগবঢ়োৱাৰ আশ্বাস দিছে গৃহমন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ফোন কৰাৰ কথা সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই ।
ইয়াৰ লগতে মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতেও ফোন যোগে কথা পাতি ধাৰাসাৰ বৰষুণৰ ফলত হোৱা উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লয় গৃহমন্ত্ৰীগৰাকীয়ে । ইয়াৰ লগতে গৃহমন্ত্ৰীগৰাকীয়ে সংকটৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে। ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপত অমিত শ্বাহে কয় যে, উত্তৰ-পূবৰ জনসাধাৰণৰ সমৰ্থনত মোদী চৰকাৰ শিলৰ দৰে থিয় দিছে।
Hon’ble Home Minister Shri @AmitShah Ji called me a short while ago to enquire about the floods in Assam and has offered all possible assistance to deal with the ongoing situation. I have briefed him on the measures being taken and we are grateful for his concern and support.
— Himanta Biswa Sarma (@himantabiswa) June 1, 2025
গৃহমন্ত্ৰীগৰাকীয়ে ফোন কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কিছু সময় পূৰ্বে ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বিষয়ে সোধা-পোছা কৰি চলি থকা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে। তেখেতক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰা হৈছে বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে ।
উল্লেখ্য যে,বান ফলত ৰাজ্যৰ ১৫ খনতকৈও অধিক জিলাত ৭৮ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। যোৱা কেইদিনমানৰ পৰা ৰাজ্যজুৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত প্লাৱিত হোৱাৰ বাবে পথ পৰিবহণ ব্যৱস্থা, ৰে’ল সেৱা আৰু ফেৰী সেৱাও ব্যাহত হৈছে। ইফালে, বান-ভূমিস্খলনৰ ফলত ৰাজ্যত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : ব্যাহত ৰে’ল-পথ পৰিবহণ ব্যৱস্থা, বান-ভূমিস্খলনত প্ৰাণ হেৰুৱাইছে ৰাজ্যখনৰ ৮ জন লোকে…