শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

“ভিডিঅ’টো ৰাজহুৱা কৰক”, বিজেপিৰ VC ৰ ফটো ৰাজহুৱা কৰি দিলীপ শইকীয়াক প্ৰত্যাহ্বান অখিল গগৈৰ

দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিলে বিধায়ক অখিল গগৈয়ে। ইয়াৰ লগতে সেই ভিডিঅ’ কনফাৰেন্সৰ সম্পূৰ্ণ ভিডিঅ’ ৰাজহুৱা কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছে বিধায়ক গগৈয়ে।

“ভিডিঅ’টো ৰাজহুৱা কৰক”, বিজেপিৰ VC ৰ ফটো ৰাজহুৱা কৰি দিলীপ শইকীয়াক প্ৰত্যাহ্বান অখিল গগৈৰ
Manas Borah
Manas Borah | Published: 07 Jan 2026 09:24 AM

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত বিজেপিয়ে হস্তক্ষেপ কৰাৰ অভিযোগৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ ভিডিঅ’ কনফাৰেন্সৰ ফটো সামাজিক মাধ্যমৰ জৰিয়তে ৰাজহুৱা কৰিলে বিধায়ক অখিল গগৈয়ে। ইয়াৰ লগতে সেই ভিডিঅ’ কনফাৰেন্সৰ সম্পূৰ্ণ ভিডিঅ’ ৰাজহুৱা কৰাৰ বাবে প্ৰত্যাহ্বান জনাইছে বিধায়ক গগৈয়ে। অখিল গগৈয়ে সামাজিক মাধ্যম ফেচবুকত ফটোসহ শ্বেয়াৰ কৰা পোষ্টটো বৰ্তমান ভাইৰেল হৈ পৰিছে। লগে লগে ৰাজনৈতিক মহলত এক জোকাৰণি সৃষ্টি কৰিছে।

সামাজিক মাধ্যমত তেওঁ লিখিছে, “৪ জানুৱাৰী ২০২৬ৰ বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়াৰ ভয়ংকৰ ভিডিঅ’ কনফাৰেন্সখনৰ ফটোবোৰ চাওক। এই Video Conference তে দিলীপ শইকীয়াই ভোটাৰ তালিকাৰ SR( Special Revision) ৰ সময়ত ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়া বৈধ ভোটাৰৰ নাম কৰ্তনৰ ভয়ংকৰ অভিসন্ধিৰ কথাকৈ মুকলিকৈ স্বীকাৰ কৰিছিল আৰু কৰ্তনৰ বাবে ১২ জানুৱাৰীৰ ভিতৰত বুথভিত্তিক নাম তালিকা জমা দিবলৈ বিধায়ক, বিজেপিৰ জিলা আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিছিল ।”

“লগতে ৬০ টা বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ পৰা বিজেপিক ভোট নিদিয়াসকলৰ নাম কৰ্তনৰ কাম মন্ত্ৰী অশোক সিংঘালে কৰি থকা বুলি ঘোষণা কৰিছিল। সন্ধিয়া ৮.১ বজাৰ পৰা ৮.৪১ বজালৈ ভিচি চলি থকাৰ ফটো ইয়াত আছে । এই ভিচিখনৰ ভিডিঅ’টো ৰিলিজ কৰক, মোৰ প্ৰত‍্যাহ্বান !” পোষ্টত এইদৰে লিখিছে বিধায়ক গগৈয়ে।

উল্লেখ্য় যে,শিৱসাগৰৰ বিধায়কগৰাকীয়ে অভিযোগ কৰা মতে, যোৱা ৪ জানুৱাৰীৰ নিশা প্ৰায় ৮ বজাত বিজেপিৰ এক ভিডিঅ’ কনফাৰেঞ্চিঙত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, বিধায়ক আৰু অন্যান্য নেতাসকল উপস্থিত আছিল। এই কনফাৰেঞ্চিঙতে বিজেপি সভাপতি দিলীপ শইকীয়াই মন্ত্ৰী অশোক সিংঘালক ৬০টা বিধানসভা সমষ্টিৰ যোগ্য ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব দিছে বুলি অখিল গগৈয়ে অভিযোগ কৰিছে। বিধায়কগৰাকীয়ে দাবী কৰা মতে, বিজেপিক ভোট নিদিয়া লোকসকলৰ তালিকা ১২ জানুৱাৰীৰ ভিতৰত জমা দিবলৈ বিজেপিৰ বিধায়ক আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিয়া হৈছে।

ইফালে আজি পুৱা ১০ বজাত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সাংবাদমেল সম্বোধন কৰাৰ কথা। এইলৈয়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অখিল গগৈয়ে। সামাজিক মাধ্য়মত তেওঁ কয়,”কালিলৈ পুৱা ১০ বজাত বিজেপিৰ ৰাজ‍্যিক সভাপতি দিলীপ শইকীয়াই সংবাদমেল আয়োজন কৰিব। মোৰ প্ৰত‍্যাহ্বান শইকীয়া ডাঙৰীয়া, আপুনি ৪ জানুৱাৰীৰ সন্ধিয়া ৮.১ বজাৰ পৰা ৮.৪১ বজাৰ আপোনাৰ ভিডিঅ’ কনফাৰেন্সৰ ভিডিঅ’টো ৰাজহুৱা কৰক।”

“মই ভিচিখনৰ ফটোবোৰ ৰাজহুৱা কৰি দিলোৱেই! গতিকে VC কৰাই নাছিলো বুলিতো এতিয়া ক’ব নোৱাৰিব!বিজেপি সঁচা নে ৰাইজৰ দল সঁচা প্ৰমাণ হ’ব। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মিছা কয় নে বিজেপিৰ সভাপতিয়ে মিছা কয় প্ৰমাণ হ’ব। দুধ কা দুধ, পানী কা পানী হৈ যাব। সৎ সাহস আছে যদি মোৰ প্ৰত‍্যাহ্বান কালিলৈৰ সংবাদমেলতে গ্ৰহণ কৰি ভিচিখনৰ ভিডিঅ’টো ৰিলিজ কৰক।” এইদৰে কয় অখিল গগৈয়ে।