মুখ্যমন্ত্ৰীৰ মতে প্ৰকৃতাৰ্থত অসমত অত্যাচাৰৰ বলি হৈছে কোন?
সংখ্যালঘু মুছলমান সন্দৰ্ভত পুনৰ এবাৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে লাভ জিহাদ, লেণ্ড জিহাদত সংখ্যালঘুসকলেই জড়িত থাকে। অসমৰ খিলঞ্জীয়া লোকসকল সংখ্যালঘু মুছলমানৰ বলি হোৱা বুলিও তেওঁ উল্লেখ কৰে।

সংখ্য়ালঘু মুছলমান, অসমৰ ৰাজনৈতিক ইতিহাসত দীৰ্ঘদিন ধৰি প্ৰাসংগিক হৈ আহিছে এই বিষয়। ইয়াৰ লগে লগে ৰাজনৈতিক দলসমূহেও এই লোকসকলক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি বহুতেই মত প্ৰকাশ কৰে। স্থানীয়ভাৱে ‘মিঞা’ বুলি আখ্যা দিয়া হয় এইসকল লোকক।
প্ৰধানতঃ অসমৰ চৰ-চাপৰি অঞ্চলত এনে লোকৰ বসতি আছিল যদিও বৰ্তমান মধ্য আৰু নামনি অসমৰ বিভিন্ন ঠাইত এইসকল লোকৰ জনসংখ্যা খিলঞ্জীয়া লোকতকৈ অধিক। বহুকেইখন জিলাৰ জনসংখ্যাৰ সিংহভাগেই সংখ্যালঘু মুছলমান। সেয়ে ৰাজনীতিৰ ক্ষেত্ৰত এইসকল লোক ফেক্টৰ হোৱাটো স্বাভাৱিক।
শেহতীয়াকৈ অসমৰ বিজেপি চৰকাৰে উচ্ছেদৰ জৰিয়তে চৰকাৰী ভূমিত বসতি স্থাপন কৰা বহু পৰিয়ালক উচ্ছেদ কৰিছে। ইয়াৰে অধিকাংশই হৈছে সংখ্যালঘু মুছলমান। বিৰোধী দলসমূহে দাবী কৰি আহিছে যে, বিজেপিয়ে বাচি বাচি মুছলমান লোকক উচ্ছেদ কৰিছে।
বিজেপি চৰকাৰৰ বিৰুদ্ধে অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগত ন্যায়ালয়ৰো দ্বাৰস্থ হৈছে সংখ্যালঘু সংগঠন। এটা সমূহ বা গোট অসমৰ ৰাজনীতিত এনেভাৱে ফেক্টৰ হৈ পৰিছে যে ৰাজ্যৰ শাসক-বিৰোধী উভয়েই ইয়াক লৈ নিজ নিজ উদ্দেশ্য পূৰণ কৰি অহা দেখা গৈছে।
কংগ্ৰেছৰ বিৰুদ্ধে এইসকল লোকক ভোটবেংক হিচাপে ব্যৱহাৰৰ কৰাৰ অভিযোগ বিজেপি দলৰ। তাৰোপৰি বদৰুদ্দিন আজমলৰ AIUDF বা শেহতীয়াকৈ অখিল গগৈয়েও কেৱল সংখ্যালঘু মুছলমানৰ হকে ৰাজনীতি কৰা বুলি শাসকীয় দলৰ নেতাসকলে কটাক্ষ কৰা দেখা যায়।
ইয়াৰ বিপৰীতে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল আদিয়ে বিজেপিক পৰাভূত কৰাৰ উদ্দেশ্যে সংখ্যালঘু লোকক বিভিন্ন প্ৰতিশ্ৰুতি দিয়া দেখা গৈছে। বিজেপি দলে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলোৱা বুলি মুকলিকৈয়ে সভা-সমিতিত কৈ আহিছে বিৰোধীয়ে।
২০২১ চনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই মিঞা ভোট নালাগে বুলি এক মন্তব্য কৰিছিল যদিও বিগত বৰ্ষৰ বিধানসভাৰ উপ-নিৰ্বাচনত সেই সুৰ কিছু সলনি হয়। চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ দুৰ্গত বিজেপিৰ গেৰুৱা পতাকা উৰাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে কৈছিল যে সংখ্যালঘু মুছলমানে এতিয়া বিজেপিৰ ওপৰত আস্থা ৰাখিছে। কিন্তু এই সকলোবোৰৰ মাজতে অতি শেহতীয়াকৈ উচ্ছেদৰ বিষয়ক লৈ সংখ্যালঘু মুছলমানৰ প্ৰসংগ পুনৰ এবাৰ সক্ৰিয় হৈ পৰিছে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কিছু সংখ্যালঘু গোটে “লাভ জিহাদ” আৰু “লেণ্ড জিহাদ”ৰ দ্বাৰা খিলঞ্জীয়া জনগোষ্ঠীক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী শৰ্মাই শেহতীয়াকৈ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কার্যালয়লৈ AIUDF ৰ নেতাসকলে কৰা ভ্ৰমণৰ প্ৰতি সঁহাৰি জনায়। অসমত সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত বৈষম্য আৰু নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি AIUDF ৰ প্ৰতিনিধি দলে স্মাৰক পত্ৰ দাখিল কৰা বুলি জানিব পৰা গৈছে।
এই দাবীসমূহ প্ৰতিহত কৰি শৰ্মাই কয়, “তথাকথিত সংখ্যালঘুসকলেই আচলতে আমাৰ খিলঞ্জীয়া লোকসকলক অত্যাচাৰ কৰি আছে। তেওঁলোকে লাভ জিহাদ, লেণ্ড জিহাদত লিপ্ত হৈছে, আৰু অবৈধভাৱে বিস্তৃত অঞ্চল দখল কৰি আছে। তথাপিও তেওঁলোকেই আটাইতকৈ বেছি হুলস্থুল কৰিছে, আনহাতে আমি, যিসকলে সঁচাকৈয়ে দুখভোগ কৰি আছোঁ, নুশুনা হৈয়েই আছো।”
তেওঁ কেতবোৰ নিৰ্দিষ্ট ঘটনাৰ উদ্ধৃতি দি কয়, “বনাঞ্চলত তেওঁলোকেহে তামোলগছ ৰোপণ কৰি মীন পালন স্থাপন কৰিছে। মই ব্যক্তিগতভাৱে উৰিয়ামঘাট ভ্ৰমণ কৰিছো, য’ত ৩০০ৰ পৰা ৪০০ বিঘা মাটি দখল কৰিছে। ইফালে বাক্সাত এতিয়াও আমাৰ খিলঞ্জীয়া লোকসকলে মাটি আৱণ্টনৰ বাবে অপেক্ষা কৰি আছে।”
বৈষম্যৰ ওপৰত আলোকপাত কৰি শৰ্মাই লগতে কয়, “আমিহে কান্দি কান্দি স্মাৰকপত্ৰ জমা দিয়া উচিত, তেওঁলোকে নহয়। ন্যায় অনুসৰি প্ৰকৃত ভুক্তভোগী হৈছে আমাৰ থলুৱা সম্প্ৰদায়সমূহ।”