Assam cabinet: শ্ৰদ্ধাঞ্জলি আঁচনিৰ পৰা তৃতীয় লিংগৰ ব্যক্তিলৈ, আজিৰ কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ…
Assam cabinet Decision: আজিৰ কেবিনেটে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠনত অনুমোদন জনায়।

অসম কেবিনেট বৈঠকImage Credit source: Facebook (himanta biswa sarma)
আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট। এই বৈঠকত চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে। তলত ইয়াৰ বিষয়ে উল্লেখ কৰা হ’ল-
- বহিঃৰাজ্যত কম দৰমহাত কৰ্মৰত নতুবা ৰাজ্যৰ বাহিৰৰ কোনো শিক্ষানুষ্ঠানত অধ্যয়নৰত অসমৰ কোনো যুৱক-যুৱতীৰ হত্যা, দুর্ঘটনা আদিৰ দৰে বিশেষ পৰিস্থিতিত মৃত্যু হ’লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে অসম চৰকাৰে নিজা ব্যয়ত লৈ অহাৰ উদ্দেশ্যে আজিৰ কেবিনেটে ‘শ্রদ্ধাঞ্জলি’ নামৰ এখন আঁচনিত অনুমোদন জনায়। এই আঁচনিখনে ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ থকা অৱস্থাত বিয়োগ ঘটা ব্যক্তিক সামৰি নলয়। অসম আৰক্ষীৰ বিশেষ শাখাই এই দিশত ন’ডেল প্রতিষ্ঠান হিচাপে কাম কৰিব আৰু ডি আই জি পৰ্যায়ৰ আৰক্ষী বিষয়া এগৰাকী ন’ডেল বিষয়া হিচাপে নিযুক্ত হ’ব। বহিঃৰাজ্যত বিশেষ পৰিস্থিতিত মৃত্যু হোৱা যুৱক-যুৱতীৰ পৰিয়ালৰ সদস্যই স্থানীয় প্রশাসন, আৰক্ষী নতুবা ১১২ নম্বৰত ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰিব পাৰিব। তদুপৰি, এই উদ্দেশ্যে সামাজিক মাধ্যমতো এটা বিশেষ একাউন্ট মুকলি কৰা হ’ব। অহা পহিলা অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰা হ’ব।
- আজিৰ কেবিনেটে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ বাবে এখন উন্নয়ন পৰিষদ গঠনত অনুমোদন জনায়। প্রস্তাৱিত এই উন্নয়ন পৰিষদে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ এলেকাৰ বাহিৰত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলৰ আৰ্থ-সামাজিক, শৈক্ষিক তথা সাংস্কৃতিক উত্তৰণৰ দিশত বিভিন্ন আঁচনি গ্রহণ কৰিব।
- এতিয়াৰে পৰা ‘ইন্টিগ্রেটেড চাইল্ড ডেভেলপমেন্ট ছার্ভিচেছ’ৰ অধীনৰ চুপাৰভাইজাৰ পদৰ ৫০ শতাংশ পদ ১০ বছৰ পূৰ্ণ কৰা অংগনবাড়ী কৰ্মীৰ দ্বাৰা পূৰণ কৰা হ’ব। ইয়াৰ পূৰ্বে অংগনবাড়ী কৰ্মীসকলৰ ছুপাৰভাইজাৰ পদলৈ পদোন্নতিৰ বাবে ২৫ শতাংশ পদ সংৰক্ষিত আছিল। ছুপাৰভাইজাৰ পদৰ অৱশিষ্ট পদসমূহ ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ পৰীক্ষাৰ জৰিয়তে পোনপটীয়াকৈ পূৰণ কৰা হ’ব।
- আজিৰ কেবিনেটে ৰাজ্যৰ তৃতীয় লিংগৰ ব্যক্তিসকলক সামাজিক তথা শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ মর্যাদা প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত এই সিদ্ধান্ত গ্রহণ কৰা হৈছে। এনে মর্যাদা পাবলৈ হ’লে তৃতীয় লিংগৰ ব্যক্তিগৰাকী অসমৰ মূল বাসিন্দা হ’ব লাগিব।
- মধ্যাহ্ন ভোজনৰ সৈতে জড়িত ৰান্ধনী আৰু সহায়িকাসকলে তেওঁলোকৰ পাৰিতোষিক অহা পহিলা অক্টোবৰৰ পৰা ২ হাজাৰ টকাকৈ লাভ কৰিব। ইয়াৰ পূৰ্বে তেওঁলোকে প্রতিমাহে ১ হাজাৰ ৫০০ টকাকৈ লাভ কৰিছিল।
- আজিৰ কেবিনেটত গোৱালপাৰা জিলাৰ ১২৫৬ হেক্টৰ (প্রায় ১০ হাজাৰ বিঘা) মাটিকালিৰ উৰপদ বিল আৰু ২৪৫ হেক্টৰ মাটিকালিৰ হাচিলা বিলক সংৰক্ষিত বনাঞ্চল হিচাপে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। এই দিশত আগন্তুক এমাহত জনসাধাৰণৰ ওজৰ-আপত্তি গ্ৰহণ কৰা হ’ব। জনসাধাৰণৰ আপত্তি নাথাকিলে জৈৱ বৈচিত্ৰৰে ভৰপূৰ এই বিল দুখনে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা লাভ কৰিব। তদুপৰি, বেদখলৰ সম্ভাৱনাও দূৰ হ’ব।
- নিম্ন প্রাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক বিদ্যালয়ত চলিত বৰ্ষৰ জুলাই মাহত বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নিযুক্তি লাভ কৰা শিক্ষকসকলক দৰমহাৰ বাৰ্ষিক বৃদ্ধি (ইনক্রিমেন্ট)ৰ সুবিধা প্ৰদানৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্রহণ কৰে। ইয়াৰ ফলত এই শিক্ষকসকলে ২০২৬ চনৰ জুলাই মাহৰ পৰিৱৰ্তে চলিত বর্ষব জুলাই মাহত তেওঁলোকৰ দৰমহাৰ বাৰ্ষিক বৃদ্ধি (ইনক্রিমেন্ট) ৰ সুবিধা লাভ কৰিব।
- ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, সমগ্র শিক্ষা অভিযান আৰু শক্তি বিভাগৰ তিনিওটা প্রতিষ্ঠান (এপিডিচিএল, এইজিচিএল, এপিজিচিএল) ত কর্মবত সকলো কৰ্মচাৰীয়ে এতিয়াৰে পৰা ‘আপোন ঘৰ’ আৰু ‘আপোন বাহন’ আঁচনিৰ সুবিধা লাভ কৰিব। আজিৰ কেবিনেটে এই সম্বন্ধে সিদ্ধান্ত গ্রহণ কৰে।
- আজিৰ কেবিনেটে ‘ছেবী’ৰ দ্বাৰা পঞ্জীকৃত ৩ হাজাৰ কোটি টকাৰ ‘আছাম ইন্ডাষ্ট্রিয়েল এণ্ড গ্রীণ গ্র’থ ফাণ্ড’ গঠনত অনুমোদন জনায়। নবীকৰণযোগ্য শক্তি, সেউজ আন্তঃগাঁথনি, প্রাথমিকতা প্রদান কৰা ষ্টার্ট আপ, পর্যটন আৰু অন্যান্য খণ্ডত দীর্ঘম্যাদী মূলধন যোগান ধৰাৰ উদ্দেশ্যে এই পুঁজি গঠন কৰা হৈছে।
- ৰাজ্যত গ্রেনাইট, চূণ-শিল, কোৱাৰ্টছ আদিকে ধৰি বিভিন্ন খনিজ পদাৰ্থৰ সন্ধানৰ সুবিধার্থে আজিৰ কেবিনেটে ‘ষ্টেট মিনাৰেল এক্সপ্ল’ৰেশান ট্রাষ্ট’ গঠনৰ অর্থে আছাম ষ্টেট মিনাৰেল এক্সপ্ল’ৰেশ্যন ট্রাষ্ট ৰুলছ, ২০২৫ প্রস্তুতকৰণত অনুমোদন জনায়।
- পশ্চিম কাৰ্বি আংলং জিলাত ৫৪০০ কোটি টকাৰ বিনিয়োগেৰে পাম্প ষ্টোৰেজ প্রকল্প স্থাপনৰ বাবে হিন্দুজা গ্ৰুপক আজিৰ কেবিনেটে অনুমোদন প্রদান কৰে।
- আজিৰ কেবিনেটে চন্দ্ৰপুৰত এখন নবোদয় বিদ্যালয় স্থাপনৰ সুবিধার্থে কেন্দ্ৰীয় চৰকাৰক ৪০ বিঘা ভূমি প্ৰদানৰ সিদ্ধান্ত গ্রহণ কৰে।
- বসুন্ধৰা ৩.০ ৰ অধীনত নামঘৰ, মন্দিৰৰ ধৰ্মীয় অনুষ্ঠান তথা চৰকাৰী অনুষ্ঠান-প্রতিষ্ঠান থকা ভূমিৰ বন্দোবস্তি প্রস্তাৱত আজিৰ কেবিনেটে অনুমোদন জনায়। ইয়াৰে ১৯৩৫ টা প্ৰস্তাৱ নামঘৰ, মন্দিৰ সম্বন্ধীয় আৰু ৫১৮ টা প্ৰস্তাৱ চৰকাৰী আন্তঃগাঁথনি থকা ভূমি সম্বন্ধীয়।
অন্য খবৰ পঢ়কঃ চীনৰ জালত আৱদ্ধ ভাৰত! এই সিদ্ধান্তৰ বাবে চাকৰি হেৰুৱাব পাৰে হাজাৰ হাজাৰ ভাৰতীয়ই…