বৰাকৰ যাতায়তৰ দুৰ্গতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীলৈ পত্ৰ গৌৰৱ গগৈৰঃ জনালে এনে আহ্বান…
শেহতীয়া সময়ছোৱাত বৰষুণ আৰু ভূমিস্খলনৰ ফলত বৰাকত যাতায়ত-পৰিবহণ ব্যৱস্থাৰ বিস্তৰ ক্ষতিসাধন হয়। উপত্যকাটোৰ এই পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে অসম কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে।

শেহতীয়া সময়ছোৱাত বাৰিষাৰ প্ৰকোপত বৰাক উপত্যকাত সৃষ্টি হৈছিল অভাৱনীয় পৰিস্থিতিৰ। বৰষুণ আৰু ভূমিস্খলনৰ ফলত বৰাকত যাতায়ত–পৰিবহণ ব্যৱস্থাৰ বিস্তৰ ক্ষতিসাধন হয়। উপত্যকাটোৰ এই পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে অসম কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে। বৰাক উপত্যকাৰ সৈতে যাতায়ত তথা যোগাযোগৰ ব্যৱস্থাৰ অৱনতিত উদ্বেগ প্ৰকাশ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে ভৱিষ্যতৰ প্ৰতি প্ৰতি লক্ষ্য ৰাখি এক সঠিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
পত্ৰখনত গৌৰৱ গগৈয়ে বান তথা ভূমিস্খলনৰ ফলত ডিমা হাচাওৰ লামডিং-বদৰপুৰ ৰে’লপথত হোৱা ক্ষতিৰ কথা উল্লেখ কৰে। কেইবা সপ্তাহ ধৰি এই পথেৰে ৰে’ল সেৱা বন্ধ হৈ থকাৰ বাবে হাজাৰ হাজাৰ লোক সমস্যাৰ সন্মুখীন হৈছে বুলি গৌৰৱ গগৈয়ে দোহাৰে। একে সময়তে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ, ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বিশেষকৈ সোণাপুৰ, জাটিংগা, আৰু হাৰংগাজাওৰ সমীপত ভূমিস্খলনৰ ফলত বাৰে বাৰে বন্ধ হৈ পৰে বুলিও তেওঁ আঙুলিয়াই দিয়ে।
ইফালে ১৩৭ কোটি টকাৰ ব্যয়ৰ পাছতো শেহতীয়াকৈ শিলচৰ-কলেইন পথৰ হাৰং দলং ভাঙি পৰা ঘটনাই পথৰ আন্তঃগাঁথনিৰ শোচনীয় অৱস্থাৰ প্ৰতিফলন ঘটায় বুলিও গৌৰৱ গগৈয়ে অভিযোগ কৰে। পথ আৰু ৰে’ল সেৱা বন্ধ হৈ পৰাৰ বাবে বৰাক উপত্যকা এতিয়া সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰা বুলি উল্লেখ কৰে গৌৰৱ গগৈয়ে। লগতে এনে অৱস্থাত বিমান যাত্ৰা একমাত্ৰ বিকল্প হৈ পৰে যদিও কিন্তু এই সেৱা কমসংখ্যক লোকৰ বাবেহে সম্ভৱপৰ বুলি তেওঁ উল্লেখ কৰে।
নিৰ্ভৰযোগ্য পৰিবহণ আন্তঃগাঁথনিৰ অভাৱে বৰাকৰ অৰ্থনৈতিক উন্নয়ন স্তব্ধ কৰি তুলিছে তথা বিনিয়োগৰ ক্ষেত্ৰতো বঞ্চিত হোৱা বুলি গৌৰৱ গগৈয়ে লগতে দোহাৰে। এনে পৰিস্থিতিয়ে অঞ্চলটোৰ যুৱক-যুৱতীসকলক হতাশাৰ মাজলৈ ঠেলি দিয়া বুলিও পত্ৰখনত তেওঁ উল্লেখ কৰে। নাগৰিক সমাজ আৰু নিৰ্বাচিত প্ৰতিনিধিয়ে এই বিষয়টো বাৰে বাৰে উত্থাপন কৰি আহিছে যদিও ইয়াৰ দীৰ্ঘম্যাদী সমাধান এতিয়াও গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ অভিযোগ কৰে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত স্পষ্ট পৰিকল্পনাৰ জৰিয়তে এই সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।
এইক্ষেত্ৰত তেওঁ কিছু প্ৰস্তাৱো আগবঢ়ায়। আধুনিক অভিযান্ত্ৰিক আৰু জিঅ’-বেৰিয়াৰ ব্যৱহাৰ কৰি লুমডিং-বদৰপুৰ ৰে’লপথৰ অংশটো ডাবল লাইন আৰু ভূমিস্খলন প্ৰতিৰোধী কৰি তোলা, বিকল্প লংকা-চন্দ্ৰনাথপুৰ (ময়নাৰবণ্ড) ৰে’ল লাইনক দ্বিতীয় কৰিডৰ হিচাপে অনুমোদন জনোৱা, শিলচৰ, গুৱাহাটী, আৰু কলকাতাৰ মাজত এয়াৰ ইণ্ডিয়া বা UDAN-ৰ ৰাজসাহায্যপ্ৰাপ্ত বিমান সেৱা পুনৰ প্ৰৱৰ্তন কৰা আদি বহুকেইটা প্ৰস্তাৱ আগবঢ়াইছে গৌৰৱ গগৈয়ে।