শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতত প্ৰৱেশৰ চেষ্টা ৫ বাংলাদেশীৰ, অসম আৰক্ষীয়ে আটক কৰি ঘূৰাই পঠিয়ালে সিটো পাৰলৈ…

চলিত বৰ্ষত এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও অসম আৰক্ষীয়ে বিভিন্ন সময়ত বহু বাংলাদেশীক আটক কৰি পুনৰ সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়াইছে। বিগত কেইটামান দিনত একাংশ বাংলাদেশীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰি আহিছে।

ভাৰতত প্ৰৱেশৰ চেষ্টা ৫ বাংলাদেশীৰ, অসম আৰক্ষীয়ে আটক কৰি ঘূৰাই পঠিয়ালে সিটো পাৰলৈ…
বাংলাদেশী আটক
barasha-sarma
Barasha Sarma | Updated On: 01 Dec 2024 21:29 PM

অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিব বিচৰা ৫ জন বাংলাদেশীক আটক কৰিছে অসম আৰক্ষীয়ে। জানিব পৰা মতে আন্তঃৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰি এই ৫ জন বাংলাদেশীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। সেই সময়তে অসম আৰক্ষীয়ে তেওঁলোকক আটক কৰি পুনৰ সীমান্তৰ সিটো পাৰলৈ ঘূৰাই পঠিয়ায়। আটক হোৱা বাংলাদেশী কেইজনৰ নাম  ম: নূৰ ইছলাম, ম: ইমৰান, য়াছমিন আখতাৰ, ইছমো তাৰা আখতাৰ আৰু ম: বাবুল হুছেইন বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াক এক পোষ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছ’চিয়েল মিডিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখে যে- আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত অসম আৰক্ষীয়ে পুনৰ আটক কৰে ৫ অনুপ্ৰৱেশকাৰীক৷ আমাৰ আৰক্ষীয়ে যথেষ্ট সতৰ্কতা অৱলম্বন কৰি তেওঁলোকক আটক কৰি সীমান্তৰ সিটো পাৰলৈ ওভতাই পঠিয়ায়৷ বাংলাদেশীকেইজন ম: নূৰ ইছলাম, ম: ইমৰান, য়াছমিন আখতাৰ, ইছমো তাৰা আখতাৰ আৰু ম: বাবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে৷

উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষত এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও অসম আৰক্ষীয়ে বিভিন্ন সময়ত বহু বাংলাদেশীক আটক কৰি পুনৰ সীমান্তৰ সিটো পাৰলৈ উভতাই পঠিয়াইছে। বিগত কেইটামান দিনত একাংশ বাংলাদেশীয়ে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰি আহিছে। কিন্তু সেই চেষ্টা বিভিন্ন সময়ত অসম আৰক্ষীয়ে বিফল কৰি তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠিয়াইছে।

মন কৰিবলগীয়া যে, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ৰাজনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ পাছৰে পৰা দেশখনৰ একাংশ নাগৰিকে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা কৰি আহিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে বাংলাদেশত ৰাজনৈতিক অস্থিৰতা আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে অসম আৰক্ষীয়ে প্ৰায় ২০০ জন বাংলাদেশীক আটক কৰি ভাৰতত অনুপ্ৰৱেশ কৰাৰ বাধা আৰোপ কৰাৰ লগতে নিজ দেশলৈ উভতাই পঠিয়ায়। ইয়াৰোপৰি অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ বাংলাদেশৰ সৈতে উত্তৰ- পূবে ভাগ বতৰা কৰা ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে । বাংলাদেশীৰ বিৰুদ্ধে তথা ভাৰতত অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে সস্তম হোৱা অসম আৰক্ষীক প্ৰায়ে প্ৰশংসা কৰি আহিছে মুখ্যমন্ত্ৰীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে,  ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ বাংলাদেশীসকলে প্ৰায়ে অসমক পথ হিচাপে বাছি লয়। অসমত অনুপ্ৰৱেশকাৰীৰ সমস্যা দীৰ্ঘদিনীয়া আৰু ইয়াক লৈ ৰাজ্যই যথেষ্ঠ ক্ষতিৰ সন্মুখীন হ’বলগীয়াও হৈছে। কিন্তু তাৰ পাছতো নিৰাপত্তাজনিত সমস্যাৰ বাবে ভাৰতত সময়ে সময়ে বহু মানুহৰ অনুপ্ৰৱেশ ঘটিয়েই থাকে।