শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আমেৰিকাই সলনি কৰিলে সম্পূৰ্ণ খেল, ১২০০০ কিঃমিঃ দূৰৰ পৰাই পৰাস্ত কৰিলে চীনক

বিশ্বৰ ৰাজনীতি দবাৰ দৰেই। যিকোনো ঠাইতে কৰা এটা পদক্ষেপৰ প্ৰভাৱ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত অনুভৱ হয়। আজি এছিয়াতো একেই পৰিস্থিতি দেখা গৈছে। নেপালৰ ক্ষমতা সলনি হোৱাৰ পিছত চীনৰ বাবে এইটো এটা বিপৰ্যয় আৰু আমেৰিকাই কূটনৈতিক জয়লাভ কৰিছে বুলি বহুতেই ক'ব খুজিছে।

আমেৰিকাই সলনি কৰিলে সম্পূৰ্ণ খেল, ১২০০০ কিঃমিঃ দূৰৰ পৰাই পৰাস্ত কৰিলে চীনক
নেপালৰ অস্থিৰতাৰ আমেৰিকাৰ ভূমিকাImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 12 Sep 2025 15:41 PM

নেপালত মাত্ৰ দুদিন ধৰি চলা যুৱ আন্দোলনে ক্ষমতাৰ পৰা আঁতৰি যোৱাৰ পথ দেখুৱালে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক। এই সপ্তাহত নেপালত যি দেখা গ’ল, ইয়াৰ প্ৰভাৱ কেৱল নেপালৰ ৰাজনীতিতে সীমাবদ্ধ নহয়। ইয়াৰ প্ৰভাৱ সমগ্ৰ এছিয়াৰ ৰাজনীতিত পৰিছে, কাৰণ অলিক চীনৰ আটাইতকৈ নিকটতম নেতা বুলি গণ্য কৰা হৈছিল।

তেওঁৰ প্ৰস্থানৰ লগে লগে আমেৰিকাই ডাঙৰ খেল খেলি চীনক প্ৰত্যক্ষ আঘাত দিছে বুলি ধাৰণা কৰা হৈছে। ভাৰত আৰু চীনৰ মাজত নেপালে সদায় ভাৰসাম্য ৰক্ষা কৰি আহিছে। কিন্তু অলিৰ কাৰ্যকালত চীনৰ প্ৰতি নেপালৰ প্ৰৱণতা অধিক স্পষ্ট হৈ পৰিছিল। তেওঁ বেইজিঙৰ “বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ”ৰ প্ৰচাৰ কৰিছিল, আনকি চীনৰ বিজয় দিৱসৰ পেৰেডতো অংশগ্ৰহণ কৰিছিল। এই সকলোবোৰে আমেৰিকাক অশান্তি দিছিল।

নেপালৰ আন্দোলনত আমেৰিকাৰ সংযোগ

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকাই চলিত বৰ্ষত নেপালত মিলেনিয়াম চেলেঞ্জ কম্পেক্ট (এমচিচি) পুনৰুজ্জীৱিত কৰিছিল। এই প্ৰকল্পৰ জৰিয়তে প্ৰায় ৫০ কোটি ডলাৰৰ সহায়ত শক্তি আৰু পথৰ আন্তঃগাঁথনি শক্তিশালী কৰা হৈছে। ইয়াক চীনৰ “বেল্ট এণ্ড ৰোড”ৰ প্ৰত্যক্ষ প্ৰতিযোগিতামূলক প্ৰকল্প হিচাপে গণ্য কৰা হৈছিল। সেয়েহে বিশ্লেষকসকলে ধাৰণা কৰিছে যে অলিৰ বিৰুদ্ধে ক্ষোভ আৰু আন্দোলনত আমেৰিকাৰ গভীৰ ভূমিকা থাকিব পাৰে।

এতিয়া পৰিস্থিতি এনে হৈছে, য’ত অলি বাহিৰ হৈছে আৰু সুশীলা কাৰ্কীয়ে অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল’বলৈ ওলাইছে। ভাৰতৰ সৈতে কাৰ্কীৰ ভাল সম্পৰ্ক আছে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰা কাৰ্কীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নাম লৈ কৃতজ্ঞতাও প্ৰকাশ কৰিছে। এইটো স্পষ্ট যে নেপালৰ ৰাজনীতি এতিয়া চীনৰ পৰা অলপ আঁতৰি ভাৰত আৰু আমেৰিকাৰ ওচৰলৈ যোৱা যেন লাগে।

ভাৰত-আমেৰিকাৰ বন্ধুত্বই পুনৰ গতি লাভ কৰিছে

কেইদিনমানৰ আগতে শুল্ক বিবাদৰ বাবে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক স্তব্ধ হৈ পৰিছিল। কিন্তু এতিয়া ছবিখন সলনি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ নেতৃত্বৰ মাজত বাৰ্তালাপ বৃদ্ধি পাইছে। অহা সপ্তাহত আমেৰিকাৰ প্ৰতিনিধিয়ে ভাৰত ভ্ৰমণ কৰিব পাৰে য’ত -8I বিমান সন্দৰ্ভত চুক্তি হ’ব পাৰে।

আগন্তুক দিনত যদি শুল্ক সন্দৰ্ভত কিছু স্পষ্টতা দেখা যায়, তেন্তে ভাৰত-আমেৰিকাৰ সম্পৰ্ক পুনৰ শুদ্ধ পথলৈ আহিব পাৰে। ইয়াৰ অৰ্থ হ’ল চীনৰ ওপৰত হেঁচা। কাৰণ এছিয়াত যদি চীনক প্ৰত্যাহ্বান জনাব পৰা এটা শক্তি আছে তেন্তে সেয়া হ’ল ভাৰত। আমেৰিকাই এই কথা ভালদৰে বুজি পায় আৰু সেয়েহে মোদী চৰকাৰৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ কামত নিয়োজিত।

পাকিস্তানক নিজৰ পক্ষত ৰাখিবলৈ চেষ্টা

দীৰ্ঘদিন ধৰি চীনৰ সৰ্ববৃহৎ অংশীদাৰ হৈ আহিছে পাকিস্তান। অৰ্থনৈতিক সাহায্য হওক বা প্ৰতিৰক্ষা চুক্তি হওক, বেইজিঙে সদায় ইছলামবাদৰ কাষত থিয় দিছে। কিন্তু পাকিস্তানৰ নিজৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সমস্যাই পৰিস্থিতি সলনি কৰি পেলাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দ্বিতীয় কাৰ্যকালত পাকিস্তানৰ প্ৰতি অধিক দয়ালু হোৱা যেন লাগে।

শেহতীয়াকৈ পাকিস্তানী সেনা প্ৰধানগৰাকীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ সৈতে হোৱাইট হাউছত ৰাতিৰ আহাৰ গ্ৰহণ কৰিছে। এয়া কোনো সৰু ইংগিত নহয়। ইয়াৰ পৰা স্পষ্ট যে আমেৰিকাই চীনৰ আটাইতকৈ বিশ্বাসযোগ্য অংশীদাৰক নিজৰ ফালে টানি নিবলৈ চেষ্টা কৰিছে।