শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চুৰি অস্ত্ৰৰে দেশৰ যুৱকক প্ৰশিক্ষণ! বাংলাদেশত কিহৰ কুচকাৱাজ চলাইছে ইউনুছে?

বাংলাদেশ নেশ্যনেল কেডেট কৰ্পছৰ জৰিয়তে ৪০ হাজাৰ যুৱক-যুৱতীক কাৰাটে আৰু আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হ’ব। সূত্ৰ অনুসৰি দেশত ৭টা শিবিৰ স্থাপন কৰা হৈছে। প্ৰথম পৰ্যায়ত তাত ৮,৮৫০ জন যুৱকক সেনা বিষয়াৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোক পাকিস্তান সমৰ্থক বুলিও জনা যায়।

চুৰি অস্ত্ৰৰে দেশৰ যুৱকক প্ৰশিক্ষণ! বাংলাদেশত কিহৰ কুচকাৱাজ চলাইছে ইউনুছে?
মহম্মদ ইউনুছImage Credit source: PTI
raj-saikia
Raj Saikia | Published: 25 Oct 2025 13:36 PM

ইউনুছ চৰকাৰে এইবাৰ সৃষ্টি কৰিব নেকি ইছলামিক মিলিচীয়া? মহম্মদ ইউনুছৰ নেতৃত্বত চলি থকা অন্তৱৰ্তীকালীন চৰকাৰখনে বাংলাদেশৰ যুৱক-যুৱতীসকলক অস্ত্ৰ প্ৰশিক্ষণ প্ৰদান কৰিব। খবৰ অনুসৰি প্ৰাথমিক পৰ্যায়ত ৮ হাজাৰ যুৱকক দিয়া হ’ব অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ।

এই বিষয়ে কিছুদিন পূৰ্বে পোষ্ট কৰিছিল বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা আছিফ মাহমুদ চাজিব ভূঞাই। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪০ হাজাৰৰো অধিক যুৱকক দিয়া হ’ব অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ। কিন্তু হঠাৎ কিয় দেশৰ যুৱকৰ হাতত অস্ত্ৰ-শস্ত্ৰ তুলি দি ইয়াৰ ব্যৱহাৰ শিকাবলৈ সিদ্ধান্ত লৈছে ইউনুছ চৰকাৰে?

দেশৰ সংৰক্ষিত বাহিনীক অধিক শক্তিশালী কৰাৰ বাবে এয়া এক পদক্ষেপ বুলি যুক্তি দিছে ইউনুছ চৰকাৰে। আছিফ মাহমুদৰ পোষ্টত কোৱা হৈছে যে ৮,৮৫০ জন যুৱকক টাইকোৱাণ্ডো, জুডো, যুদ্ধ কলাৰ প্ৰশিক্ষণ দিয়া হ’ব। লগতে তেওঁলোকক অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণো দিয়া হ’ব।

চৰকাৰী তথ্য অনুসৰি বাংলাদেশ নেশ্যনেল কেডেট কৰ্পছৰ জৰিয়তে ৪০ হাজাৰ যুৱক-যুৱতীক কাৰাটে আৰু আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিয়া হ’ব। সূত্ৰ অনুসৰি দেশখনত স্থাপন কৰা হৈছে ৭টা শিবিৰ। প্ৰথম পৰ্যায়ত এই শিবিৰত ৮,৮৫০ জন যুৱকক প্ৰশিক্ষণ দিয়া হৈছে সেনা বিষয়াৰ দ্বাৰা। তেওঁলোক পাকিস্তান সমৰ্থক বুলিও জনা যায়।

ইয়াৰ ফলত উদ্বেগ বৃদ্ধি পাইছে নতুন দিল্লীতো। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখন কোন দিশত আগবাঢ়িছে তাৰো নিৰীক্ষণ কৰা হৈছে। খবৰ অনুসৰি কিছু মাহ পূৰ্বে বিভিন্ন চোৰাংচোৱা সংস্থাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক এই বিষয়ে অৱগত কৰিছিল। একাংশ পৰ্যবেক্ষকৰ মতে, ২০২৪ চনত গণবিদ্ৰোহৰ সময়ত গণভবন আৰু দেশৰ আৰক্ষী থানা আদিৰ পৰা লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ব্যৱহাৰ কৰি এই বাহিনীটোক দিয়া হৈছে প্ৰশিক্ষণ।

ছিৰিয়া, ইৰাকৰ দৰে দেশত এনে মিলিচীয়া আছে। যি গোপনে প্ৰশিক্ষণ চলায়। কিন্তু বাংলাদেশৰ ইউনুছ চৰকাৰে সেই প্ৰশিক্ষণৰ খবৰ ফাদিল হোৱাৰ আশংকাত যুৱ প্ৰশিক্ষণ কাৰ্যসূচীৰ নামত এই শিবিৰটো চলাব যাতে, বিপদৰ পৰা হাত সাৰিব পাৰে, যিটো সকলোৰে চকুৰ সন্মুখতে চলিব। এই মিলিচীয়া বাহিনীটো সৃষ্টি কৰি ইউনুছ চৰকাৰে কি কৰিব বিচাৰিছে, সেই সন্দৰ্ভত বহু প্ৰশ্ন আৰু উদ্বেগ প্ৰকাশ পাইছে, কাৰণ মিলিচীয়া বাহিনী থকা আন দেশত ইয়াৰ প্ৰভাৱ কেনে সেয়া বহুতেই জানে।

বাংলাদেশত বিভিন্ন ইছলামিক সংগঠন আৰু গোটৰ উত্থান আৰু তেওঁলোকৰ ঘনিষ্ঠ সেনা বিষয়াসকলে যিদৰে মিলিচীয়া সৃষ্টিৰ চেষ্টা কৰিছে সেয়া যথেষ্ট চিন্তনীয়। সমালোচকৰ এক বৃহৎ অংশই কয় যে মহম্মদ ইউনুছ ক্ষমতাৰ শীৰ্ষত থাকিলেও আচলতে তেওঁ জামাত আৰু উগ্ৰপন্থীৰ হাতত পুতলা।