পাকিস্তানৰ ওপৰত আক্ৰমণ বন্ধ কৰিলে টিটিপিয়ে, চুক্তি অনুসৰি গ্ৰহণ সিদ্ধান্ত
আফগানিস্তান ইণ্টাৰনেশ্যনেলৰ তথ্য অনুসৰি দোহা বৈঠকৰ পিছত টিটিপিয়ে এটাও আক্ৰমণ সংঘটিত কৰা নাই। দোহাত তালিবান নিয়ন্ত্ৰিত আফগানিস্তান আৰু পাকিস্তানে এনে চুক্তিত উপনীত হয় য’ত কোনো পক্ষৰ পৰা কোনো ধৰণৰ আক্ৰমণ নকৰাৰ সিদ্ধান্ত লোৱা হয়।

পাকিস্তানক যথেষ্ট সকাহ দিছে তেহৰিক-ই-তালিবানৰ সন্ত্ৰাসবাদীয়ে। বিগত চাৰিদিনত পাকিস্তানৰ ভিতৰত টিটিপি যোদ্ধাসকলে এটাও আক্ৰমণ সংঘটিত কৰা নাই। কোৱা হৈছে যে পাকিস্তান চৰকাৰে টিটিপি যোদ্ধাৰ সৈতে চুক্তিত উপনীত হৈছে। অৱশ্যে এতিয়ালৈকে কোনো পক্ষই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
আফগানিস্তান ইণ্টাৰনেশ্যনেলৰ তথ্য অনুসৰি দোহা বৈঠকৰ পিছত টিটিপিয়ে এটাও আক্ৰমণ সংঘটিত কৰা নাই। দোহাত তালিবান নিয়ন্ত্ৰিত আফগানিস্তান আৰু পাকিস্তানে এনে চুক্তিত উপনীত হয় য’ত কোনো পক্ষৰ পৰা কোনো ধৰণৰ আক্ৰমণ নকৰাৰ সিদ্ধান্ত লোৱা হয়।
টিটিপিয়ে কিয় আক্ৰমণ কৰা নাই?
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰিছে। ইমৰাণৰ মতে, এতিয়া পাকিস্তান চৰকাৰে সন্ত্ৰাসবাদীৰ সৈতে আলোচনাত মিলিত হৈছে। বাতৰি অনুসৰি দোহাত পাকিস্তান আৰু আফগানিস্তানৰ মাজত চুক্তি হৈছে।
এই চুক্তিত কোৱা হৈছে যে আফগানৰ মাটিৰ পৰা কোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাব নোৱাৰিব। টিটিপিৰ নেতা নূৰ ৱালি মেহছুদ বৰ্তমান আফগানিস্তানত বাস কৰে। গতিকে টিটিপিয়ে আক্ৰমণ কৰিলে পাকিস্তানে আফগানিস্তানৰ বিৰুদ্ধে প্ৰতিশোধ ল’ব পাৰে।
দৈনিক তিনিটাতকৈ অধিক আক্ৰমণ
পাকিস্তানৰ খাইবাৰ অঞ্চলত দৈনিক তিনিটাতকৈ অধিক আক্ৰমণ চলাই আছিল টিটিপি যোদ্ধাই। পাকিস্তানৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ তথ্য অনুসৰি চলিত বৰ্ষৰ জুলাই মাহলৈকে টিটিপি যোদ্ধাসকলে ৭০০ৰো অধিক আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণত ২৫০ৰো অধিক জোৱান নিহত হৈছে।
তেহৰিক-ই-তালিবানৰ যোদ্ধাসকলে জেহাদৰ যুদ্ধত লিপ্ত হৈছে। এই যোদ্ধাসকলে সমগ্ৰ পাকিস্তানত ইছলামিক শাসন স্থাপনৰ দাবী জনাইছে। পাকিস্তান সেনাক লক্ষ্য কৰি লৈছে টিটিপি যোদ্ধাই।
ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি টিটিপি হৈছে পাকিস্তানৰ শক্তিশালী সন্ত্ৰাসবাদী সংগঠন। বৰ্তমান ইয়াত ৮ হাজাৰ যুঁজাৰু আছে। আফগানিস্তানত টিটিপিৰ দুটা প্ৰশিক্ষণ কেন্দ্ৰও আছে, য’ত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হয়। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি টিটিপি বৰ্তমান বিশ্বৰ তৃতীয় বিপজ্জনক সন্ত্ৰাসবাদী সংগঠন।