মুক্তিৰ পূৰ্বে অভিলেখ গঢ়িছে জুবিন গাৰ্গৰ অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’, BookMyShowৰ চাৰ্চ লিষ্টৰ শীৰ্ষত
Zubeen Garg Last Movie: শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। কিন্তু মু্ক্তিৰ পূৰ্বে বহুকেইটা অভিলেখ গঢ়িবলৈ সাজু হৈছে জুবিন গাৰ্গৰ অন্তিম ছবিখনে।
অসমৰ ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’। মুক্তিৰ পূৰ্বে ছবিখনে ধুমুহাৰ সৃষ্টি কৰিছে, কিয়নো এইখন জুবিন গাৰ্গৰ অন্তিমখন ছবি। জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল।
ছবিখনৰ ট্ৰেইলাৰ মুকলি হোৱাৰে দিনাৰ পৰাই পুনৰ কান্দিছে অসমবাসীয়ে। কিয়নো বাস্তৱৰ সৈতে ছবিখনৰ সংলাপৰ যথেষ্ঠ মিল দেখিছে অনুৰাগীয়ে। ট্ৰেইলাৰত দেখুওৱাৰ দৰে সাগৰখন সাঁতুৰি পাৰ হ’ব পাৰিম নে বুলি প্ৰশ্ন কৰা জুবিনৰ অন্তিম ঠিকনা সাগৰেই হ’ল!
এতিয়া ৩১ অক্টোবৰত অসমৰ প্ৰতিটো ছবিগৃহত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ৰৈ ৰৈ বিনালে’। শুকুৰবাৰে ছবিখনৰ অগ্ৰিম টিকট বুকিং আৰম্ভ কৰি দিয়া হয়। কিন্তু টিকট মুকলি কৰাৰ পিছতে গঢ়িলে অভিলেখ। ৰৈ ৰৈ বিনালেৰ ৭৪,০০০তকৈও বেছি ৰেটিং ইতিমধ্যে BookMyShow’ত অনুৰাগীয়ে কৰিছে। ইয়াৰোপৰি প্ৰায় ৩ নবেম্বৰলৈ সকলো টিকট বিক্ৰী হোৱাৰ তথ্য পোৱা গৈছে। অগ্ৰিম টিকট বিক্ৰীৰ পিছতে সকলো ছবিগৃহ ইতিমধ্যে হাউছফুল। ইয়াৰ বাবে BookMyShowৰ শীৰ্ষত চাৰ্চ লিষ্টটো আহিছে অসমীয়া ছবি ‘ৰৈ ৰৈ বিনালে’।

তথ্যনুসৰি, প্ৰতিটো ছবিগৃহতে বাতিল আন সকলো ছবিৰ দৰ্শনী। কেইবাটাও ছবিগৃহত পুৱা ৬ বজাৰ পৰা আৰম্ভ হ’ব দৰ্শনী । প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতি ৰয় ৰয় বিনালেক ঐতিহাসিক শ্ৰদ্ধাঞ্জলি হিচাপে গঢ়ি তুলিবলৈ সমগ্ৰ অসমৰ অনুৰাগীসকলে একত্ৰিত হৈছে। অনুৰাগীসকলে ছবিখনক এখন ঐতিহাসিক ব্লকবাষ্টাৰলৈ ৰূপান্তৰিত কৰাৰ বাবে এক অভূতপূৰ্ব অভিযান চলাইছে। ইয়াৰোপৰি বহু ছবিগৃহই সেই দিনটোত সকলো অন্য ছবিৰ প্ৰদৰ্শন বন্ধ কৰি দিছে।
তথ্যনুসৰি, ছয়মাইলৰ গ্ৰেণ্ড ৰয়েল চিনে হলত সৰ্বাধিক ১২ টাকৈ দৰ্শনী, পল্টনবজাৰৰ ‘গ্ৰেণ্ড চিনে’ত ১১ টাকৈ দৰ্শনী, টংলাৰ ছায়া চিনেমা হ’লত প্ৰদৰ্শন হ’ব ৰৈ ৰৈ বিনালেৰ ৬ টা দৰ্শনী, গুৱাহাটীৰ PVR ত চলিব ১৬ টাকৈ দৰ্শনী, বেলতলাৰ মেট্ৰিক্স চিনেমা হলত ২ খন স্ক্ৰীনত পুৱা ৬ বজাৰ পৰা প্ৰদৰ্শিত হ’ব কেৱল ‘ৰৈ ৰৈ বিনালে’। প্ৰতিদিনে ১২ টাকৈ দৰ্শনী চলিব হলটোত। মুঠতে ৰাজ্যত এতিয়া ‘ৰৈ ৰৈ বিনালে’ৰ ঢৌ।
উল্লেখ্য যে, অসমৰ প্ৰথমখন মিউজিকেল ছবি হিচাপে জুবিন নিৰ্মাণ কৰিছিল ‘ৰৈ ৰৈ বিনালে’। এই ছবিখন জুবিন গাৰ্গৰ সপোনৰ ছবি। ৰাজেশ ভূঞাৰ পৰিচালনাৰ এই ছবিখনৰ চিত্ৰনাট্য শান্তনু ৰৌমৰীয়া আৰু ৰাহুল গৌতম শৰ্মাৰ লগতে কাহিনী আছিল জুবিন গাৰ্গৰ। অসমৰ প্ৰথমখন সম্পূৰ্ণ মিউজিকেল ছবি য’ত অভিনয় কৰা দেখিব আচুৰ্য বৰপাত্ৰ, নীল আকাশকো।