TV9 ASSAM
৪০ বছৰ বয়সৰ পিছত কিছুমান মানুহৰ মগজু দুৰ্বল হ’বলৈ ধৰে, ফলত স্মৃতিশক্তি দুৰ্বল হৈ পৰে। ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে অৱসাদগ্ৰস্ত অনুভৱ কৰিব পাৰে।
কিন্তু যদি আপুনি ৪০ বছৰৰ পাছতো মগজু অধিক কাৰ্যক্ষম কৰি ৰাখিব বিচাৰে, তেন্তে দৈনিক ৫টা কাম কৰাৰ অভ্যাস গঢ়ি তোলক। জানো আহক এই বিষয়ে।
দৈনিক ব্যায়ামৰ বহু উপকাৰ আছে। ই মগজুলৈ তেজৰ সোঁত উন্নত কৰে। ৩০ মিনিট সময় দ্ৰুতভাৱে খোজ কাঢ়িলে মেজাজ আৰু স্মৃতিশক্তি দুয়োটাই শক্তিশালী হয়।
মগজুৰ স্বাস্থ্যৰ বাবে ওমেগা-৫, এণ্টিঅক্সিডেণ্ট, ভিটামিন আদি অতি প্ৰয়োজনীয়। খাদ্যত চৰ্বিযুক্ত মাছ, আখৰোট, ব্লুবেৰী আৰু সেউজীয়া পাতৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰক।
নতুন দক্ষতা শিকা লোকসকলৰ মগজু চোকা হৈ থাকে বুলি ২০১৩ চনৰ এক অধ্যয়নত দেখা গৈছে। ইয়াৰ উপৰিও অধ্যয়ন, দবা বা কোনো প্ৰত্যাহ্বানমূলক খেলৰ অভ্যাস গঢ়ি তোলক।
মগজু চোকা কৰি ৰখাৰ বাবে টোপনি অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে ৭-৮ ঘন্টা টোপনিৰ পৰামৰ্শ দিয়ে। পৰ্যাপ্ত পৰিমাণে টোপনি পালে মগজু চোকা হয় আৰু মানসিক চাপৰ পৰা উপশম পায়।
মানুহৰ লগত মত বিনিময় কৰিলেও মানসিক চাপৰ পৰা উপশম পোৱা যায়। অক্সফৰ্ড একাডেমীৰ গৱেষণাৰ মতে পৰিয়াল, বন্ধু-বান্ধৱ বা আপোনজনৰ সৈতে কথা পাতিলে মগজু চোকা হয়।
পঢ়িবলৈ ক্লিক কৰক
ওজন নিয়ন্ত্রণত ৰাখিবলৈ ৰাতিপুৱা কি কৰিব লাগে?