এগৰাকী প্ৰাক্তন মন্ত্ৰী, স্বামীৰ সৈতে বিচ্ছেদ আৰু এজন বন্ধু: ৰহস্যৰ আৱৰ্তত বাংলাদেশৰ মহিলা সাংবাদিকৰ মৃত্যু
Bangladesh Woman Journalist: বাংলাদেশৰ মহিলা সাংবাদিক ৰেহনুমাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সমগ্ৰ বাংলাদেশতে এক চাঞ্চল্যৰ সৃষ্টি হৈছে। তেওঁৰ পৰিয়ালৰ লোকে হত্যাৰ সন্দেহ কৰিছে। সাংবাদিকগৰাকী কৰ্মৰত চেনেলটোৰ গৰাকীক যোৱা সপ্তাহত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ উপৰিও ঘটনাটোৰ দিনা সাংবাদিকগৰাকী বাহনৰ পৰিৱৰ্তে বন্ধুৰ বাইকত কাৰ্যালয়ৰ পৰা ওলাই গৈছিল।
বুধবাৰে বাংলাদেশৰ এটা হ্ৰদৰ পাৰত এগৰাকী ৩২ বছৰীয়া মহিলা সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আতংকময় পৰিৱেশৰ সৃষ্টি হয়। শেহতীয়া ৰাজনৈতিক সংকটৰ পাছত বাংলাদেশত কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে। য’ত শ শ লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত নিউজ এংকৰ ছাৰা ৰহনুমাৰ মৃত্যু সকলোৰে বাবে আচৰিত ঘটনা। কিন্তু তাতকৈ অধিক আচৰিত ঘটনা হৈছে এই মৃত্যুৰ আঁৰৰ ৰহস্য।
অৱশ্যে, আৰক্ষীয়ে তদন্তৰ আগতে মৃত্যুৰ কাৰণ সম্পৰ্কে একো ক’বলৈ অস্বীকাৰ কৰিছে। ছাৰাৰ পৰিয়ালে অভিযোগ কৰিছে যে তেওঁক হত্যা কৰা হৈছিল। মৃত্যুৰ আগতে ছাৰা ৰেহনুমাই তেওঁৰ ফেচবুক আইডিৰ পৰা দুটা পোষ্ট শ্বেয়াৰ কৰিছিল। যিবোৰে তেওঁৰ মৃত্যুৰ ৰহস্যক অধিক জটিল কৰি তুলিছে। লগতে সাংবাদিকগৰাকী কাহিনীত তেওঁৰ স্বামীৰ সৈতে মনোমালিন্য, এজন বন্ধু আৰু কৰ্মৰত চেনেলৰ গৰাকী এই সকলোবোৰ জড়িত হৈ থকা দেখা গৈছে।
উল্লেখ্য যে, বুধবাৰে সন্ধিয়া এজন পথচাৰীয়ে চাৰাৰ মৃতদেহ হ্ৰদৰ পাৰত ওপঙি থকা দেখিছিল। তাৰ পাছত তেওঁলোকে মৃতদেহটো উদ্ধাৰ কৰি ঢাকা চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ (DMCH) লৈ গৈছিল। য’ত চিকিৎসকে পুৱা প্ৰায় ২ বজাত সাংবাদিকগৰাকীক মৃত ঘোষণা কৰিছিল।
ঢাকাৰ কল্যাণপুৰৰ নিবাসী ৩২ বছৰীয়া ছাৰা গাজী টিভিত নিউজৰুম সম্পাদক হিচাপে কাম কৰি আছিল। তেওঁ নোয়াখালিৰ সোনাইমুৰি উপজিলাৰ ইছলাম বাগ কৃষ্ণপুৰ গাঁৱৰ বাসিন্দা বখতিয়াৰ সিকন্দৰৰ জীয়ৰী। তেওঁৰ পৰিয়ালে তেওঁৰ মৃত্যু এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।
ছাৰাই তেওঁৰ মৃত্যুৰ এৰাতি আগতে ফেচবুকত এটা পোষ্ট কৰিছিল, য’ত তেওঁ তেওঁৰ বন্ধু ফাহিম ফৈজলক টেগ কৰি কিছুমান ফটো শ্বেয়াৰ কৰিছিল আৰু লিখিছিল, “আপোনাৰ দৰে এজন বন্ধু পাই ভাল লাগিল। ঈশ্বৰে আপোনাক সদায় আশীৰ্বাদ কৰক, আশা কৰো আপুনি সোনকালে আপোনাৰ সকলো সপোন পূৰণ কৰিব। মই জানো যে আমাৰ একেলগে বহুতো পৰিকল্পনা আছিল। দুঃখিত আমি আমাৰ পৰিকল্পনাবোৰ সম্পূৰ্ণ কৰিব নোৱাৰিম। ঈশ্বৰে আপোনাক আপোনাৰ জীৱনৰ প্ৰতিটো দিশতে সফলতা দিয়ক।” পোষ্টটোৰ শেষত ছাৰাই দুটা লাভ ইম’জিও লগাইছিল।
এই পোষ্টটোৰ আগতে তেওঁ আন এটা পেষ্টত লিখিছিল, “জীৱিত মৃতদেহ হিচাপে জীয়াই থকাতকৈ মৃত্যুৱে ভাল।” তেওঁৰ মৃত্যুৰ আঁৰৰ পৰিস্থিতি ৰহস্যজনক হৈ পৰিছে। তেওঁৰ পৰিয়ালে লগতে কৈছে যে তেওঁ অফিচৰ বাহনতে অফিচৰ পৰা যায়, কিন্তু মঙলবাৰে নিশা তেওঁ এজন বন্ধুৰ বাইকত অফিচ পৰা ওলাই গৈছিল।
ডিএমচিএইচ আৰক্ষী চৌকিৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক মহম্মদ বাচ্চু মিঞাই কৈছে যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিএমচিএইচ শৱগৃহলৈ প্ৰেৰণ কৰা হৈছে।
ছাৰাৰ তেওঁৰ স্বামীৰ সৈতে মনোমালিন্য চলি আছিল। তেওঁৰ মৃত্যুৰ পাছত স্বামী ছাইদ শুভৰে কৈছিল যে ৭ বছৰ আগতে তেওঁলোকৰ বিবাহ হৈছিল আৰু শেহতীয়াকৈ তেওঁলোকৰ মাজত কোনো কাজিয়া হোৱা নাছিল। লগতে কয় যে তেওঁলোকে পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। দেশৰ অৱনতি হোৱা পৰিস্থিতিৰ বাবে তেওঁলোকৰ বিবাহ বিচ্ছেদ হোৱা নাই।
ছাৰাৰ মৃত্যুৰ আঁৰত ৰাজনৈতিক বিদ্বেষৰ সম্ভাৱনাও আছে। ছাৰা এংকৰ হিচাপে কৰ্মৰত গাজী টিভি চেনেলৰ গৰাকী গোলাম দস্তাগীৰ গাজীক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক শ্বেখ হাছিনা চৰকাৰৰ ঘনিষ্ঠ বুলি কোৱা হয়। তেওঁ এজন প্ৰাক্তন মন্ত্ৰীও আছিল। বাংলাদেশৰ আৱাম লীগ আৰু হাছিনাৰ সৈতে জড়িত লোকৰ কেইবাটাও হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে।
Rahmuna Sara Gazi TV newsroom editor was found dead. Her body was recovered from Hatirjheel Lake in the Dhaka city. This is another brutal attack on freedom of expression in Bangladesh. Gazi TV is a secular news channel owned by Golam Dastagir Gazi who was arrested a recently.
— Sajeeb Wazed (@sajeebwazed) August 28, 2024
প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পুত্ৰ চাজিব ৱাজেদে ছাৰা ৰেহনুমাৰ মৃত্যুক লৈ ইউনুছ চৰকাৰক লক্ষ্য কৰি লৈছে। তেওঁ ইয়াক মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত আন এটা নিৰ্মম আক্ৰমণ বুলি অভিহিত কৰিছে। ৱাজেদে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “বাংলাদেশত মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত এয়া এক নিৰ্মম আক্ৰমণ” । গাজী টিভি হৈছে গোলাম দস্তগীৰ গাজীৰ মালিকানাধীন এক ধৰ্মনিৰপেক্ষ নিউজ চেনেল, যাক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছিল।