শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১০ জন পাৰমাণৱিক বিজ্ঞানী আৰু ২০ জন সামৰিক বিষয়াক হেৰুৱাই কেনেকৈ যুদ্ধত আগবাঢ়িলে ইৰাণ?

ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধবিৰতি চলিছে। চৰ্চিত বিষয়টো হ’ল ইৰাণে নিজৰ বহু পাৰমাণৱিক বিজ্ঞানী আৰু সামৰিক বিষয়াক হেৰুৱাই যুদ্ধত কেনেকৈ আগবাঢ়িবলৈ সক্ষম হ’ল?

১০ জন পাৰমাণৱিক বিজ্ঞানী আৰু ২০ জন সামৰিক বিষয়াক হেৰুৱাই কেনেকৈ যুদ্ধত আগবাঢ়িলে ইৰাণ?
ইজৰাইল-ইৰাণৰ মাজত যুদ্ধবিৰতি
barasha-misra
Barasha Misra | Updated On: 24 Jun 2025 17:52 PM

যোৱা ১২ দিন ইৰাণ আৰু ইজৰাইলৰ মাজত সংঘাত চলি আছিল। ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে নিশা ইৰাণৰ পাৰমাণৱিক ঘাটিত আক্ৰমণৰ অনুমোদন দি সকলোকে আচৰিত কৰি তুলিলে। এই খবৰৰ পিছত এনে লাগিছিল এতিয়া আমেৰিকাও পোনে পোনে এই যুদ্ধত জপিয়াই পৰিছে। কিন্তু মাত্ৰ ৪৮ ঘণ্টাৰ পাছত সোমবাৰে ট্ৰাম্পে আন এক আচৰিত ঘোষণা কৰে, যে ইৰাণ আৰু ইজৰাইলে সম্পূৰ্ণ যুদ্ধবিৰতিৰ ওপৰত সন্মতি প্ৰকাশ কৰিছে।

কিন্তু দুয়োখন দেশৰ চৰকাৰে লগে লগে সাৰ্বজনীনভাৱে গ্ৰহণ নকৰিলে। পিছত ইজৰাইলে যুদ্ধবিৰতিৰ ক্ষেত্ৰত চুক্তিবদ্ধ হোৱাৰ কথা ঘোষণা কৰে। ইয়াৰ কিছু সময়ৰ পাছতে ইৰাণৰ উচ্চতম ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে এক বিবৃতি প্ৰকাশ কৰি কয় যে, তেওঁলোকে শত্ৰুক অনুশোচনা কৰিবলৈ বাধ্য কৰাইছে। ইয়াৰ পিছতে প্ৰশ্ন উত্তাপন হৈছে, ইমানবোৰ লোকচান হোৱাৰ পিছতো ১০ জন বিজ্ঞানী আৰু প্ৰায় ২০ জন সামৰিক বিষয়াক হেৰুৱাই ইৰাণে কেনেকৈ ৰং সলালে?

ইৰাণে শেষ উশাহলৈকে দৃঢ়তাৰে থিয় দিছে

ইৰাণে কেতিয়াও পৰাজয় সম্পূৰ্ণৰূপে মানি লোৱা নাছিল। প্ৰতিটো আক্ৰমণৰ প্ৰত্যুত্তৰ দি শেষ মুহূৰ্তলৈকে সন্মুখত দৃঢ়তাৰে থিয় দিছিল। কৌশল আছিল শত্ৰুৱে ভাগৰুৱা নোহোৱালৈকে পিছুৱাই নোযোৱা। ইৰাণে আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজকে এনে এখন দেশ হিচাপে উপস্থাপন কৰিছিল যাৰ ওপৰত এই যুদ্ধ জাপি দিয়া হৈছিল। ইয়াত বাৰে বাৰে কোৱা হৈছিল যে ইজৰাইল আৰু আমেৰিকাই ইয়াক উচটনি দিছে। ইয়াৰ ফলত ই মুছলমান দেশৰ সহানুভূতি আৰু নৈতিক সমৰ্থন লাভ কৰিছিল।

সময়ৰ লগে লগে ইউৰেনিয়াম স্থানান্তৰিত হ’ল

আমেৰিকাই ইৰাণৰ পাৰমাণৱিক স্থানত আক্ৰমণ কৰাৰ সময়লৈকে ইৰাণে ইতিমধ্যে নিজৰ ৪০০ কিলোগ্ৰাম সমৃদ্ধ ইউৰেনিয়াম নিৰাপদ স্থানলৈ লৈ গৈছিল। ইয়াৰ ফলত ইয়াৰ পাৰমাণৱিক প্ৰস্তুতিত বিশেষ প্ৰভাৱ পৰা নাছিল। ইৰাণে নিজৰ অসামৰিক অঞ্চলত আক্ৰমণ কৰি ইজৰাইলক মানসিক চাপত পেলাইছিল। এইটো আছিল প্ৰত্যক্ষ বাৰ্তা যে এতিয়া যুদ্ধ কেৱল সীমান্ততে নাথাকিব। ইয়াৰ লগতে গাজাৰ লগত নিজকে তুলনা কৰি মুছলমান জগতৰ নেতা হিচাপে নিজকে উপস্থাপন কৰিলে।