শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

১৫০০ জনতকৈ কম জনসংখ্যা! কিয় ইউক্ৰেইনৰ এই চহৰ দখল কৰিব বিচাৰিছে পুটিনে?

ৰাছিয়াই এই সৰু চহৰখন দখল কৰিবলৈ প্ৰায় এক লাখ সৈনিক নিয়োগ কৰিছে। প্ৰশ্ন হয়, এই নিৰ্জন চহৰখনৰ কি আছে যাৰ বাবে পুটিনে যিকোনো মূল্যৰ বিনিময়ত ইয়াক দখল কৰিবলৈ বিচাৰিছে? বিতংভাৱে জানো আহক।

১৫০০ জনতকৈ কম জনসংখ্যা! কিয় ইউক্ৰেইনৰ এই চহৰ দখল কৰিব বিচাৰিছে পুটিনে?
পুটিন আৰু জেলেনস্কি
trishna-kalita
Trishna Kalita | Published: 06 Nov 2025 10:43 AM

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ দৃষ্টি ইউক্ৰেইনৰ এখন চহৰৰ ওপৰত। সেইখন ডনেটস্কৰ দৰে ডাঙৰ চহৰ নহয় যদিও প্ৰায় নিৰ্জন। পক্ৰ’ভস্ক (Pokrovsk) এখন চহৰত এসময়ত প্ৰায় ৬০ হাজাৰ লোকে বাস কৰিছিল। অহৰহ বোমা বিস্ফোৰণ আৰু তিনি বছৰীয়া যুদ্ধৰ বাবে ইয়াৰ জনসংখ্যা ১৫০০ৰো কমলৈ হ্ৰাস পাইছে।

অৰ্থাৎ পক্ৰ’ভস্কত এতিয়া প্ৰায় কোনো সাধাৰণ নাগৰিক নাই। অট্টালিকা ধ্বংসস্তূপ, ৰাস্তা-ঘাট গাঁত, আনকি বিশ্ববিদ্যালয়খনো বোমা বিস্ফোৰণত ধ্বংস হৈছে। তথাপিও ৰাছিয়াই এই সৰু চহৰখন দখল কৰিবলৈ প্ৰায় এক লাখ সৈনিক নিয়োগ কৰিছে। প্ৰশ্ন হয়, এই নিৰ্জন চহৰখনৰ কি আছে যাৰ বাবে পুটিনে যিকোনো মূল্যৰ বিনিময়ত ইয়াক দখল কৰিবলৈ বিচাৰিছে? বিতংভাৱে জানো আহক।

পক্ৰ’ভস্ক হৈছে ড’নবাছৰ গেটৱে

সংবাদ সংস্থা ৰয়টাৰছৰ মতে, প’ক্ৰ’ভস্ক হৈছে পূব ইউক্ৰেইনৰ ডনেটস্ক অঞ্চলৰ এটা মূল পথ আৰু ৰে’ল সংযোগস্থল। এই অঞ্চলটো ৰাছিয়াৰ বাবে কৌশলগতভাৱে গুৰুত্বপূৰ্ণ। ৰাছিয়াই সমগ্ৰ ডনবাছ অঞ্চল (ডনেটস্ক আৰু লুহানস্ক)ৰ ওপৰত চকু ৰাখিছে, আৰু পক্ৰ’ভস্কক ডনেটস্কৰ প্ৰৱেশদ্বাৰ বুলি গণ্য কৰে। যদিহে ৰাছিয়াই এই চহৰখন দখল কৰে তেন্তে ই ইউক্ৰেইনৰ ক্ৰাইমাটৰ্স্ক আৰু স্লোভিয়ানস্কৰ দৰে ডাঙৰ চহৰৰ দিশে আগবাঢ়িব পাৰে। যদিহে ৰাছিয়াই জয়লাভ কৰে তেন্তে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত আভডিভকাৰ পিছত ই হ’ব ইয়াৰ আটাইতকৈ ডাঙৰ সামৰিক সুবিধা।

কয়লা খনিও ইয়াৰ কাৰণ

পক্ৰ’ভস্কত ইউক্ৰেইনৰ একমাত্ৰ ককিং কয়লা খনি আছে, যিটো দেশখনৰ তীখা উদ্যোগৰ মেৰুদণ্ড হৈ আহিছে। ৰাছিয়াই এই খনিটোৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰি ইউক্ৰেইনৰ ঔদ্যোগিক সম্ভাৱনা দুৰ্বল কৰিব বিচাৰিছে। যুদ্ধৰ বাবে জানুৱাৰী মাহত মেটইনভেষ্টে খনন বন্ধ কৰি দিছিল যদিও এতিয়া ৰাছিয়াই এই অঞ্চল দখল কৰাৰ চেষ্টা কৰিছে।

এইবাৰ ৰাছিয়াই পূৰ্বৰ দৰে প্ৰত্যক্ষ যুদ্ধ কৰা নাই যদিও ক্ৰমান্বয়ে ঘেৰি ধৰাৰ কৌশল গ্ৰহণ কৰিছে।  সৰু সৰু ইউনিট আৰু ড্ৰ’নে বিচ্ছিন্ন কৰিছে ইউক্ৰেইনৰ যোগান লাইনসমূহ। ৰাছিয়াই দাবী কৰিছে যে তেওঁলোকে নিজৰ লোকচান কম কৰিছে। ইউক্ৰেইনে কয় যে, এতিয়াও চহৰখনৰ বহু অংশ নিজৰ নিয়ন্ত্ৰণত আছে আৰু ৰাছিয়াৰ বাহিনী যথেষ্ট লোকচানৰ সন্মুখীন হৈছে। ৰাছিয়াৰ সেনাই চহৰখনৰ কিছু অংশত ইউক্ৰেইনৰ সৈন্যক ঘেৰাও কৰা বুলি দাবী কৰাৰ বিপৰীতে কিয়েভে কয় যে কোনো অঞ্চল এতিয়াও সম্পূৰ্ণৰূপে ৰাছিয়াৰ নিয়ন্ত্ৰণত নাই।