শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গাজাৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত কিয় ‘ভেটো’ প্ৰয়োগ কৰিলে আমেৰিকাই ?

গাজা ষ্ট্ৰিপত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । কিন্তু এই প্ৰস্তাৱত এক প্ৰকাৰে সন্মতি প্ৰকাশ কৰা নাই আমেৰিকাই । যাৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অন্যতম সদস্য আমেৰিকাই ব্যৱহাৰ কৰিছে ভেটো ক্ষমতা ।

গাজাৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত কিয় ‘ভেটো’ প্ৰয়োগ কৰিলে আমেৰিকাই ?
গাজা পৰিস্থিতিImage Credit source: PTI
manas-borah
Manas Borah | Published: 06 Jun 2025 18:57 PM

গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলে আৰম্ভ কৰা সামৰিক অভিযান কেতিয়া অন্ত পৰিব ? এই প্ৰশ্ন হয়তো সমগ্ৰ বিশ্বৰ প্ৰতিগৰাকী নাগৰিকৰ মনত উত্থাপন হৈছে । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে গাজা ষ্ট্ৰিপত যুদ্ধি বিৰতি অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত বাধা হিচাপে থিয় দিছে আমেৰিকাই । প্ৰকাশিত বিভিন্ন প্ৰতিবেদনত কোৱা হৈছে যে, ইজৰাইলক সমৰ্থন কৰাৰ স্বাৰ্থতে আমেৰিকাই এই বাধা সৃষ্টি কৰিছে বুলি ধাৰণা কৰা হৈছে ।

শেহতীয়াকৈ গাজা ষ্ট্ৰিপত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে । কিন্তু এই প্ৰস্তাৱত এক প্ৰকাৰে সন্মতি প্ৰকাশ কৰা নাই আমেৰিকাই । যাৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অন্যতম সদস্য আমেৰিকাই ব্যৱহাৰ কৰিছে ভেটো ক্ষমতা ।

প্ৰকাশিত খবৰ অনুসৰি, এই প্ৰস্তাৱত ভেটো ক্ষমতা ব্যৱহাৰ কৰা এক মাত্ৰ ৰাষ্ট্ৰখনেই হৈছে আমেৰিকা । ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ আন ৰাষ্ট্ৰসমূহে এই প্ৰস্তাৱত সন্মতি তথা সমৰ্থন কৰাৰ বিপৰীতে আমেৰিকাই ব্যৱহাৰ কৰিছে ভেটো । উল্লেখ্য যে, নিৰাপত্তা পৰিষদৰ এই প্ৰস্তাৱত গাজাত দ্ৰুত আৰু স্থায়ী যুদ্ধবিৰতিৰ আহ্বান জনোৱা হৈছে।

কিন্তু আমেৰিকাই এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা নাই । ৰাষ্ট্ৰখনে কয় যে, এই প্ৰস্তাৱত যুদ্ধবিৰতিৰ দাবীত কয়দীৰ মুক্তিৰ কথা অন্তৰ্ভুক্ত কৰা হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা খবৰ অনুসৰি, আমেৰিকাই নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভেটো ক্ষমতা ব্যৱহাৰ কৰি এই প্ৰস্তাৱ নাকচ কৰিছে।

প্ৰকাশিত প্ৰতিবেদনসমূহত কোৱা হৈছে যে, দুটা বিষয়কলৈ আমেৰিকাই ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা নাই । কোৱা হৈছে যে, প্ৰস্তাৱত ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে কৰা আক্ৰমণক গৰিহণা দিয়া নাছিল । মনকৰিবলগীয়া যে, এই আক্ৰমণৰ পাছৰে পৰা আৰম্ভ হৈছিল ইজৰাইল আৰু হামাছৰ মাজত সংঘাত।

একেদৰে, হামাছৰ আত্মসমৰ্পণ আৰু গাজাৰ পৰা আঁতৰি যোৱাৰ কোনো কথা উল্লেখ নাছিল। বুধবাৰে ভোটদান আৰম্ভ হোৱাৰ ঠিক আগতেই নিৰাপত্তা পৰিষদৰ এই প্ৰস্তাৱে আমেৰিকাৰ “বন্ধু” ইজৰাইলৰ নিৰাপত্তা বিপন্ন কৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰদূত ড’ৰথী শ্বিয়াই।