পাকিস্তান বা বাংলাদেশ নহয়! এইবাৰ চীনে নিয়ন্ত্ৰণ কৰিছে উত্তৰ-পূব সীমান্তৰ এইখন দেশক…
ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰৰ ভূমিত যোৱা চাৰি বছৰ ধৰি চলি থকা যুদ্ধ হয়তো জুন্টা আৰু বিদ্ৰোহীৰ মাজত চলিব পাৰে, কিন্তু ৰিম’ট কণ্ট্ৰ’ল আছে চীনৰ হাতত। এতিয়া মুকলিকৈ নিজৰ পৰিকল্পনা লৈ ওলাই আহিছে চীনে আৰু কেৱল পণ্য হিচাপেহে ব্যৱহাৰ কৰিছে ম্যানমাৰক।

ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান আৰু বাংলাদেশত চীনৰ হস্তক্ষেপ নতুন কথা নহয় যদিও এতিয়া ভাৰতৰ আন এখন চুবুৰীয়া দেশক নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাইছে। এই চুবুৰীয়া দেশখন হৈছে ম্যানমাৰ। উত্তৰ-পূবৰ সীমাত লাগি থকা ম্যানমাৰত বিগত চাৰি বছৰ ধৰি জুন্টা সেনা আৰু বিদ্ৰোহী সংগঠনৰ মাজত ৰক্তাক্ত গৃহযুদ্ধ চলি আছে। এতিয়া চীনে এই জুইত ইন্ধন যোগ কৰিবলৈ নহয়, নিজৰ ইচ্ছামতে জুই জ্বলোৱা আৰু নুমুওৱা ৰ কামআৰম্ভ কৰিছে।
এতিয়া চীনৰ আদেশত যেন পুতলাৰ দৰে নাচিছে ম্যানমাৰ। কেইসপ্তাহমানৰ আগতে ম্যানমাৰৰ লাছিঅ’ চহৰত বিদ্ৰোহী সংগঠনে জুন্টা সেনাক এক বৃহৎ সামৰিক অভিযানত পৰাস্ত কৰিছিল। ইয়াক সমগ্ৰ গৃহযুদ্ধৰ আটাইতকৈ ডাঙৰ জয় বুলি কোৱা হৈছিল। কিন্তু তাৰ কিছু সময়ৰ পাছতে এটাও গুলী নুফুটোৱাকৈ চহৰখন খালী কৰি দিয়ে বিদ্ৰোহীয়ে। কাৰণ? সেয়া আছিল চীনৰ পৰা অহা এটা আদেশ।
কি আদেশ দিলে চীনে?
বিদ্ৰোহী নেতাসকলৰ মতে চীনে কেৱল সীমান্তৰ বাণিজ্য বন্ধ কৰাই নহয়, বিদ্যুৎ আৰু ইণ্টাৰনেটো কৰ্তন কৰিছে। কেৱল এয়াই নহয়, চীনৰ সীমান্তত প্ৰৱেশ কৰাৰ অপৰাধত এটা বিদ্ৰোহী গোটৰ কমাণ্ডাৰকো জিম্মাত লোৱা হৈছিল। চীনে স্পষ্টকৈ কৈছিল যে আমাৰ বিনিয়োগৰ এলেকাত কোনো ধৰণৰ যুদ্ধ হ’ব নালাগে।
চীন সীমান্তৰ পৰা মাত্ৰ ৭৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত ম্যানমাৰৰ উত্তৰ প্ৰান্তৰ ছান ৰাজ্যৰ এখন চহৰ লাছিঅ’। এই অঞ্চলটো চীনৰ ৰণনীতিৰ অংশ, যাৰ দ্বাৰা চীনে তেল আৰু গেছৰ পাইপলাইনৰ জৰিয়তে বংগোপসাগৰৰ পৰা পোনপটীয়াকৈ শক্তি লাভ কৰে। ইয়াৰ উপৰিও তাত কোটি কোটি টকাৰ বেল্ট এণ্ড ৰোড ইনিচিয়েটিভ ((BRI) প্ৰকল্পও চলি আছে। স্পষ্টকৈ ক’বলৈ গ’লে চীনে নিজৰ ‘ব্যৱসায়িক কৰিডৰ’ত কোনো ধৰণৰ বিস্ফোৰণ নিবিচাৰে, সেয়া জুন্টাই হওক বা বিদ্ৰোহীয়েই হওক।
এফালে যদি চীনে ৰাজহুৱা মঞ্চত হস্তক্ষেপ নকৰাৰ কথা কয়, আনহাতে আনফালে ম্যানমাৰৰ সেনা আৰু বিদ্ৰোহী দুয়োটাকে অস্ত্ৰ-শস্ত্ৰও যোগান ধৰে। লাছিঅ’ক জয় কৰা কোকাং গোটটো চীনে সমৰ্থিত আৰু তেওঁলোকৰ যোদ্ধাসকল চীনা মূলৰ হান সম্প্ৰদায়ৰ পৰা আহিছে। যিসকলে মেণ্ডেৰিন ভাষা কয়। ইয়াৰ উপৰিও পোহৰলৈ আহিছে যে চীনে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ সকলো পক্ষকে অস্ত্ৰ যোগান ধৰি আহিছে যাতে চীনে নিজৰ হস্তক্ষেপ অব্যহত ৰাখিব পাৰে।
জুন্টাৰ বৰ্বৰতা আৰু চীনৰ মৌনতা
ম্যানমাৰৰ জুন্টা সেনাই অহৰহ সাধাৰণ নাগৰিকৰ ওপৰত বিমান আক্ৰমণ চলাই আহিছে, য’ত চীনত নিৰ্মিত ড্ৰ’ন আৰু যুদ্ধ বিমান ব্যৱহাৰ কৰা হৈছে। মে’ মাহত এখন বিদ্যালয়ত বোমা নিক্ষেপ কৰি ২২ জন শিশুসহ ২৪ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ পিছতো চীনে ‘শান্তি’ৰ কথা কয় আৰু জুন্টাক সমালোচনা কৰাৰ পৰা বিৰত থাকে।
এতিয়া ভাৰতৰ বাবে চিন্তনীয় বিষয়টো হ’ল ম্যানমাৰ উত্তৰ-পূব সীমান্তৰ লগত সংলগ্ন৷ এনে পৰিস্থিতিত চীনৰ ক্ৰমবৰ্ধমান হস্তক্ষেপে এই অঞ্চলৰ নিৰাপত্তা আৰু কৌশলগত ভাৰসাম্য বিপন্ন কৰিব পাৰে। নেপাল, শ্ৰীলংকা, মালদ্বীপ আৰু বাংলাদেশৰ পিছত এতিয়া ম্যানমাৰত চীনৰ এনে অনুপ্ৰৱেশ ভাৰতৰ বাবে নতুন মূৰৰ বিষ হৈ পৰিব পাৰে।