শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

বিশ্বৰ বিভিন্ন কোনত প্ৰায় প্ৰতিদিনে বিভিন্ন ধৰণৰ ঘটনা ঘটে। এনে কেইটামান গুৰুত্বপূৰ্ণ ঘটনা এই লেখাটোত উল্লেখ কৰা হৈছে।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
পুৱাৰ গুৰুত্বপূৰ্ণ খবৰ
barasha-sarma
Barasha Sarma | Published: 06 Jun 2025 07:55 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাহুল গান্ধীয়ে ‘চাৰেণ্ডাৰ মোদী’ বুলি কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্তি কৰি শৰ্মাই কংগ্ৰেছক ইতিহাস সোঁৱৰাই দিয়ে। লগতে কয় যে, কংগ্ৰেছে ভাৰতৰ সৈতে বহু বিশ্বাসঘাটকতা কৰিছে।
  2. গুৱাহাটীক কৃত্ৰিম বান ৰোধ কৰাৰ বাবে চৰকাৰৰ ডাঙৰ পদক্ষেপ। মহানগৰীৰ প্ৰতিটো এপাৰ্টমেন্টে বৰষুণৰ পানী সংৰক্ষণ কৰিব লাগিব।বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানী পুনঃভৰ্তিকৰণৰ ব্যৱস্থা থকাটো বাধ্যতামূলক। সকলো ধৰণৰ অট্টালিকা, আৱাসিক অঞ্চল, ব্যৱসায়িক, শিক্ষা, উদ্যোগ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব নিয়ম। ইয়াৰোপৰি বিভিন্ন নিয়মৰ কথা উল্লেখ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।
  3. লছ এঞ্জেলছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ চিকিৎসক তন্ময় শৰ্মাক । তেওঁৰ বিৰুদ্ধে ১৪৯ মিলিয়ন ডলাৰৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰা হিচাপত ১৩০০ কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ আছে।  অসমমূলৰ তন্ময় শৰ্মা কেলিফ’ৰ্নিয়াৰ  ছোভাৰাইন হেল্থ গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া (CEO)।
  4. বৰমাৰ কদমতল চ’কত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত মছলপুৰ জলসিঞ্চন বিভাগৰ এছ ডি অ গগন ভৰালী। মছলপুৰৰ পৰা টিহুলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনা।
  5. অপাৰেশ্যন সেন্দূৰৰ পাছত আজি প্ৰথমবাৰ জম্মু-কাশ্মীৰলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৬ হাজাৰ কোটি টকাৰ কেইবাটাও প্ৰকল্পৰ কৰিব শিলান্যাস।
  6. বাংগালুৰুৰ পদপিষ্ট ঘটনাৰ পাছতে একশ্যন মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ। আৰক্ষী আয়ুক্তসহ কেইবাজনো নিলম্বন। উল্লেখ্য যে আৰ চি বিৰ বিজয় পেৰেডত পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল কেইবাজনো লোকে।
  7. ইলন মাস্ক আৰু ড’নাল্ড ট্ৰাম্পৰ সম্পৰ্কত ফাঁট। ইলনে ট্ৰাম্প প্ৰশাসনৰ এখন বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ট্ৰাম্পে দুয়োৰে সম্পৰ্ক সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে।
  8. পলাতক সুৰা ব্যৱসায়ী বিজয় মালিয়াই কিংফিচাৰ এয়াৰলাইন্সৰ বিফলতাৰ বাবে প’ডকাষ্টত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে। চুৰিৰ অভিযোগ অস্বীকাৰ কৰি তেওঁ কয় যে যদি ন্যায্য বিচাৰৰ আশ্বাস দিয়া হয় তেন্তে তেওঁ ভাৰতলৈ উভতাৰ কথা চিন্তা কৰিব। উল্লেখ্য যে, ২০১৬ চনৰ মাৰ্চ মাহত মালিয়াই ব্ৰিটেইনলৈ পলায়ন কৰিছিল।

 

অন্য খবৰ পঢ়কঃ কংগ্ৰেছে ভাৰতৰ সৈতে কেতিয়া আৰু কি বিশ্বাসঘাটকতা কৰিছিল? মুখ্যমন্ত্ৰী শৰ্মাই দিলে প্ৰতিটো হিচাপ…