শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ট্ৰাম্পৰ শুল্ক নীতিৰ আছেনে বৈধতা! এই দিনটোত মাৰ্কিন শীৰ্ষ আদালতে কৰিব ৰায়দান

ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা এই গধুৰ শুল্ক আইনসন্মত নে নহয়, সেই বিষয়ত মাৰ্কিন শীৰ্ষ আদালতৰ ৰায়দানৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে। বিশ্বৰ দেশসমূহ, বিশ্বৰ বজাৰ আৰু ভৱিষ্যতৰ বাণিজ্য নীতিত এই ৰায়দানৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব।

ট্ৰাম্পৰ শুল্ক নীতিৰ আছেনে বৈধতা! এই দিনটোত মাৰ্কিন শীৰ্ষ আদালতে কৰিব ৰায়দান
ট্ৰাম্পৰ শুল্ক নীতিক লৈ আদালতে কৰিব ৰায়দান
Monjit Dutta
Monjit Dutta | Updated On: 10 Jan 2026 06:37 AM

বিশ্ব ৰাজনীতিত শেহতীয়া কিছুদিনত আমেৰিকাৰ শুল্ক ভাবুকিয়ে ব্যাপক চৰ্চা লাভ কৰিছে। এই শুল্ক ভাবুকিক কেন্দ্ৰ কৰি ভাৰতৰ সৈতেও দেশখনৰ কিছু দূৰত্ব বৃদ্ধি পাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এই বহু বিতৰ্কিত টেৰিফ বা আমদানি শুল্কৰ ওপৰত মাৰ্কিন উচ্চতম ন্যায়ালয়ে এতিয়া অহা ১৪ জানুৱাৰীত চূড়ান্ত ৰায়দান প্ৰদান কৰিব। এই বিষয়ত মাৰ্কিন উচ্চতম ন্যায়ালয়ে ৯ জানুৱাৰীত ৰায়দান কৰাৰ কথা আছিল যদিও আদালতে ৰায়দানৰ তাৰিখ পিছুৱাই দিছে।

ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশৰ সামগ্ৰীৰ ওপৰত ট্ৰাম্পে আৰোপ কৰা এই গধুৰ শুল্ক আইনসন্মত নে নহয়, সেই বিষয়ত মাৰ্কিন শীৰ্ষ আদালতৰ ৰায়দানৰ ওপৰত সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈছে। বিশ্বৰ দেশসমূহ, বিশ্বৰ বজাৰ আৰু ভৱিষ্যতৰ বাণিজ্য নীতিত এই ৰায়দানৰ প্ৰভাৱ নিশ্চিতভাৱে পৰিব।

কি আছিল এই গোচৰ

ট্ৰাম্প প্রশাসনে ১৯৭৭ চনৰ এক আইন ‘ইণ্টাৰনেচনেল ইমাৰজেন্সী ইকনমিক পাৱাৰ্ছ এক্ট’ (IEEPA) ব্যৱহাৰ কৰি এই শুল্ক আৰোপ কৰিছিল। এই আইনে ৰাষ্ট্ৰপতিক জৰুৰীকালীন অৱস্থাত কিছুমান বিশেষ অৰ্থনৈতিক ক্ষমতা প্ৰদান কৰে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে যে— জৰুৰীকালীন অৱস্থাৰ দোহাই দি ৰাষ্ট্ৰপতিয়ে নিজ ইচ্ছা অনুসৰি শুল্ক আৰোপ কৰিব পাৰিবনে?

ইতিমধ্যে ‘ইউ এছ ক’ৰ্ট অৱ ইণ্টাৰনেচনেল ট্ৰেড’ আৰু ‘ফেডাৰেল চাৰ্কিট ক’ৰ্ট অৱ এপিলছ’এ ট্ৰাম্পৰ এই সিদ্ধান্তক অবৈধ বুলি অভিহিত কৰিছে। আদালতৰ মতে, শুল্ক আৰোপ কৰাৰ ক্ষমতা মাৰ্কিন সংবিধান অনুযায়ী কেৱল ‘কংগ্ৰেছ’ৰ হাততহে আছে, ৰাষ্ট্ৰপতিৰ হাতত নহয়।

উচ্চতম ন্যায়ালয়ৰ সন্মুখত থকা প্ৰত্যাহ্বান

অহা ১৪ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে দুটা মূল বিষয়ত সিদ্ধান্ত ল’ব- প্ৰথমে, ৰাষ্ট্ৰপতিৰ হাতত IEEPA-ৰ অধীনত শুল্ক আৰোপ কৰাৰ অধিকাৰ আছেনে? যদি এই শুল্ক অবৈধ হয়, তেতিয়া চৰকাৰে ইতিমধ্যে সংগ্ৰহ কৰা ধন ওভতাই দিব লাগিবনে?

ট্ৰাম্পৰ জয় বা পৰাজয়ৰ পৰিণতি কি হ’ব

যদি আদালতৰ ৰায় ট্ৰাম্পৰ পক্ষে যায়, ইয়াৰ অৰ্থ হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ হাতত ভৱিষ্যতে যিকোনো ধৰণৰ কৰ (Tax) আৰোপ কৰাৰ একচ্ছত্ৰী ক্ষমতা থাকিব। ই কেৱল আমদানিকৃত বস্তুৰ ওপৰতে নহয়, সম্পত্তি বা বিক্ৰী কৰৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে।

আনহাতে যদি ৰায়দান ট্ৰাম্পৰ বিপক্ষে যায়, চৰকাৰে বিভিন্ন দেশৰ পৰা আদায় কৰা প্ৰায় ১৫০ বিলিয়ন ডলাৰ (প্ৰায় ১২.৫ লাখ কোটি টকা) ওভতাই দিব লাগিব পাৰে বুলি ৰয়টাৰ্ছে প্ৰকাশ কৰিছে। কেৱল ২০২৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰতে ১৩৩.৫ বিলিয়ন ডলাৰ শুল্ক হিচাপে সংগ্ৰহ কৰা হৈছিল।

এই ৰায়দানে কেৱল আমেৰিকাৰে নহয়, বৰঞ্চ ভাৰতৰ দৰে বৃহৎ বাণিজ্যিক সহযোগী দেশসমূহৰ সৈতে ভৱিষ্যতৰ সম্পৰ্ক আৰু গোলকীয় অৰ্থনীতিৰ দিশো নিৰ্ণয় কৰিব। গতিকে অহা ১৪ জানুৱাৰীত মাৰ্কিন শীৰ্ষ আদালতৰ চূড়ান্ত ৰায়দান কি হয়, সেয়া হ’ব লক্ষণীয়।