আমেৰিকাৰ আদালতত ভাৰতৰ বৃহৎ জয়! মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাবুৰ ৰাণাক প্ৰত্যৰ্পণৰ অনুমতি
Mumbai Attack: আমেৰিকাৰ আদালতত ভাৰতৰ বাবে ডাঙৰ বিজয়। ২০২৪ চনৰ আগষ্ট মাহত আমেৰিকাৰ এখন আদালতে ভাৰত-আমেৰিকাৰ প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ বিতাড়নৰ নিৰ্দেশ দিছিল। বিগত বছৰৰ ছেপ্টেম্বৰত তাহাবুৰ ৰাণাৰ প্ৰত্যাৰ্পণৰ পথ প্ৰশস্ত কৰিছিল নিম্ন আদালতে।

ভাৰতলৈ অনা হ’ব মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড তাহাবুৰ ৰাণাক৷ ৰাণাক প্ৰত্যৰ্পণৰ অনুমোদন আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ৷ এয়া এক প্ৰকাৰে আমেৰিকাৰ আদালতত ভাৰতৰ বাবে ডাঙৰ বিজয়। ২০২৪ চনৰ আগষ্ট মাহত আমেৰিকাৰ এখন আদালতে ভাৰত-আমেৰিকাৰ প্ৰত্যাৰ্পণ চুক্তিৰ অধীনত ৰাণাক ভাৰতলৈ বিতাড়নৰ নিৰ্দেশ দিছিল। বিগত বছৰৰ ছেপ্টেম্বৰত তাহাবুৰ ৰাণাৰ প্ৰত্যাৰ্পণৰ পথ প্ৰশস্ত কৰিছিল নিম্ন আদালতে।
তাৰ পাছত ৰাণাই উচ্চতম ন্যায়ালয়ত নিম্ন ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল। কিন্তু ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছতে শুকুৰবাৰে এই সিদ্ধান্ত লোৱা হয়। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে নিম্ন ন্যায়ালয়ৰ সিদ্ধান্ত বাহাল ৰাখি ভাৰতলৈ তেওঁৰ প্ৰত্যাৰ্পণৰ অনুমোদন জনাইছে। এতিয়া এই সন্ত্ৰাসবাদীজনক ভাৰতলৈ অনা হ’ব। তাৰ পাছত পৰীক্ষণ আৰম্ভ হ’ব। তেওঁক ২৬/১১ ৰ আক্ৰমণ সম্পৰ্কে তেওঁৰ ষড়যন্ত্ৰ সন্দৰ্ভত কৰা হ’ব সোধা-পোছা।
তাহাবুৰ ৰাণাৰ বিৰুদ্ধে অভিযোগ এয়ে যে ২৬/১১ ৰ মাষ্টাৰমাইণ্ড ডেভিদ কোলমেন হেডলীক সহায় কৰিছিল। গোটেই ষড়যন্ত্ৰটো হেডলীৰ নিৰ্দেশত সম্পাদন কৰা হৈছিল। ৰাণা আছিল ডেভিদৰ সোঁ-হাত। কোৱা হয় যে নিয়ন্ত্ৰণ কক্ষত বহি থকা ব্যক্তিজন আছিল তাহাবুৰ ৰাণা। মুম্বাই আক্ৰমণৰ অভিযুক্ত ৰাণা ভাৰতলৈ অহাৰ পিছত, তদন্তকাৰী সংস্থাই ২৬/১১ৰ ষড়যন্ত্ৰটো উন্মোচন কৰিব। তাৰ পাছতে ইয়াৰ আঁৰত থকা ব্যক্তি নাম স্পষ্ট হ’ব। ইয়াৰ ষড়যন্ত্ৰটোৰ সৈতে জড়িত লোকসকলৰ নাম এতিয়াও প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ পাছত তেওঁলোকৰ নামো পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
২৬/১১ৰ অপৰাধীৰ বিৰুদ্ধে অভিযান
- মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড ৰাণা
- চিকাগোত মুম্বাই আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ
- পাকিস্তানত জন্ম গ্ৰহণ কৰা, কানাডাত বসতি স্থাপন কৰা
- ডেভিদ কোলমেন হেডলীৰ সোঁ-হাত
- মুম্বাইত শাখা মুকলি কৰি ৰচিছিল ষড়যন্ত্ৰ
এই গোচৰটোক লৈ ভাৰতে আমেৰিকাৰ আদালতত শক্তিশালী প্ৰমাণ উপস্থাপন কৰিছিল। য’ত ৰাণাৰ জড়িত থকাটো স্পষ্টভাৱে দেখা গৈছিল। ২০০৯ চনত চিকাগোত গ্ৰেপ্তাৰ কৰা হৈছিল ৰাণাক। এফবিআই-এ গ্ৰেপ্তাৰ কৰিছিল ৰাণাক। ৰাণাক পাকিস্তানৰ আইএছআই আৰু লস্কৰ-ই-তৈবাৰ কৰ্মী বুলি বৰ্ণনা কৰা হৈছে।
মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ১৬ বছৰ
২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হৈছিল। যি আক্ৰমণত কঁপি উঠিছিল মায়ানাগৰী । এই ঘটনাত ১৬০জনৰো অধিক লোক নিহত হৈছিল, যাৰ ভিতৰত বহু বিদেশীলোকো আছিল। ইয়াৰ উপৰিও আহত হৈছিল ৩০০ৰো অধিক লোক । আক্ৰমণটো সংঘটিত কৰিছিল লস্কৰৰ ১০ জনকৈ সন্ত্ৰাসবাদীয়ে। নিৰাপত্তাৰক্ষীয়ে ১০জন সন্ত্ৰাসবাদীৰ ভিতৰত ৯ জনক এনকাউণ্টাৰ কৰিছিল আৰু এজন সন্ত্ৰাসবাদী আজমল কাচাব জীৱিত অৱস্থাত গ্ৰেপ্তাৰ কৰিছিল।
এই সন্ত্ৰাসবাদীসকল সাগৰীয় পথেৰে মুম্বাইত উপস্থিত হৈছিল। মুম্বাইৰ বহু ঠাই লক্ষ্য কৰিছিল সন্ত্ৰাসবাদীয়ে। তাৰ ভিতৰত আছিল হোটেল তাজ, নৰিমন পইণ্ট, ছত্ৰপতি শিৱাজী টাৰ্মিনাস, হোটেল অবেৰয় ট্ৰাইডেণ্টৰ দৰে স্থান।