মধুচন্দ্ৰিকাৰ অৱসান, এতিয়া চৰম শত্ৰু! ইলন মাস্কক এনে চৰম সকীয়নি দিলে ট্ৰাম্পে….
বন্ধুত্ব সুদূৰত, এতিয়া চৰম শত্ৰুৰ দৰে দুই বিপৰীত অৱস্থান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি ইলন মাস্কে। ট্ৰাম্পে ইতিমধ্যে ইলন মাস্কৰ সৈতে এতিয়া কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিছে। পিছে সিমানতে ক্ষান্ত হোৱা নাই ট্ৰাম্প। মাস্কক প্ৰত্যক্ষভাৱে কঠোৰ সকীয়নিও প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

যৱনিকা পৰিল মধুচন্দ্ৰিকাৰ। এতিয়া চৰম শত্ৰুৰ দৰে দুই বিপৰীত অৱস্থান কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি ইলন মাস্কে। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ইতিমধ্যে ইলন মাস্কৰ সৈতে এতিয়া কোনো সম্পৰ্ক নাই বুলিও স্পষ্ট কৰি দিছে। পিছে সিমানতে ক্ষান্ত হোৱা নাই ট্ৰাম্প। মাস্কক প্ৰত্যক্ষভাৱে কঠোৰ সকীয়নিও প্ৰদান কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ইলন মাস্কলৈ ট্ৰাম্পৰ স্পষ্ট সকীয়নি, যদি তেওঁ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থীৰ বাবে ধন খৰচ কৰে তেতিয়া ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব।
লক্ষণীয়ভাৱে বিশ্বৰ আটাইতকৈ ধনৱন্ত ব্যক্তি ইলন মাস্কে ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পলৈ আগবঢ়াইছিল পূৰ্ণ সমৰ্থন। ট্ৰাম্পৰ হৈ তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰচাৰতো নামিছিল। আাৰু নিৰ্বাচনত জয়ী হৈ ট্ৰাম্পে এই বন্ধুত্বৰ চিন স্বৰূপে লৈছিল তাৎক্ষণিক পদক্ষেপো। কেৱল মাস্কক কাষত ৰাখিবলৈকে তেওঁ এটা সম্পূৰ্ণ নতুন প্ৰশাসনিক কাৰ্যালয় সৃষ্টি কৰিছিল। এয়া আছিল দুয়োৰে বন্ধুত্বৰ টান। পিছে এই বন্ধুত্ব বেছি দিন নিটিকিল।
দুয়োৰে মাজৰ এই বন্ধুত্বত হঠাতে ফাঁট মেলিলে। আৰু তাৰ পিছত চৰম তিক্ততা। বন্ধুত্ব ভংগ কৰাৰ পিছত এতিয়া ইলন মাস্কে ট্ৰাম্পৰ প্ৰতিদ্বন্দী ডেম’ক্ৰেটিক দলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিব নেকি বা দলটোৰ বাবে ধন বিনিয়োগ কৰিব নেকি? এই প্ৰশ্নটি এইমুহূৰ্তত ব্যাপক ৰূপত চৰ্চিত হৈছে। পিছে এই প্ৰশ্নত খঙত অগ্নিশৰ্মা হ’ল ট্ৰাম্প। মাস্কে যদি তেনে পন্থা গ্ৰহণ কৰে তেতিয়া চৰম মূল্য দিব লাগিব বুলি ট্ৰাম্পে সকীয়াই দিছে।
ইলন মাস্কৰ সৈতে ট্ৰাম্পৰ সম্পৰ্ক পুনৰ কেতিয়াবা ভাল হ’ব পাৰে নেকি কৰা এক প্ৰশ্নত ট্ৰাম্পে পোনপটীয়াকৈ নহয় বুলি উত্তৰ দিয়ে। ট্ৰাম্পে কেৱল কয়, “মোৰ আৰু বহুত কাম আছে। ইলনে মোক অসন্মান কৰিছে।” উল্লেখ্য যে ইলন মাস্কে যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত এপষ্টেইন ফাইলত ট্ৰাম্পৰো নাম আছে বুলি এক বিস্ফোৰক দাবী কৰিছিল।
এই পোষ্টটো মাস্কে যদিও এদিন পিছতে ডিলিট কৰিছিল, তথাপি ট্ৰাম্পে সহজে লোৱা নাছিল। মাস্কে তেওঁক যৌন অপৰাধী জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত কৰি ৰাষ্ট্ৰপতি পদক অপমান কৰা বুলি দাবী কৰে ট্ৰাম্পে। তেওঁৰ স্পষ্ট মত, “ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ক অপমান কৰিব নোৱাৰিব। এপষ্টেইনৰ অধিবক্তাইও মোক নিৰ্দোষী বুলি ঘোষণা কৰিছে।”